পৃথক ৰাজ্যৰ দাবীত ধাৰাবাহিক আন্দোলন ঘোষণা এবছু সহ ৬ সংগঠনৰ

গুৱাহাটী, ৯ জুলাইঃ
সুকীয়া ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ হ’ল দেশত সুকীয়া ৰাজ্য গঠনৰ দাবী জনাই অহা সংগঠনসমূহৰ যৌথ মঞ্চ নেচনেল ফেডাৰেচন ফৰ নিউ ষ্টেটচৰ উত্তৰ-পূব শাখা (এন এফ এন এছ)।
কংগ্ৰেছৰ দৰে বর্তমান কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপি দলৰ প্ৰতাৰণাতো ক্ষুব্ধ হৈ পৰিছে সংগঠনটো। দীর্ঘদিন ধৰি আন্দোলন, প্রতিবাদ, আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে চেষ্টা চলাই অহাৰ পিচতো বর্তমান কেন্দ্রীয় চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ পৰিণতিত অহা ১৫ আগষ্টৰ পিচৰ পৰা পৃথক পৃথকভাৱে ধাৰাবাহিকভাৱে গণ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিছে নেচনেল ফেডাৰেচন ফৰ নিউ ষ্টেটছৰ উত্তৰ-পূব শাখাই। আজি গুৱাহাটীৰ পল্টনবজাৰস্থিত জনজাতীয় জিৰণি চ’ৰাত আয়োজিত এক সংবাদমেলত তীব্র ক্ষোভ প্রকাশ কৰি এন এফ এন এছৰ যুটীয়া সম্পাদক তথা নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ সভাপতি প্রমোদ বড়োৱে কয় যে সুকীয়া ৰাজ্য গঠনৰ দাবীত ধাৰাবাহিকভাৱে ভিন্ন পর্যায়ত আন্দোলন কৰি অহা হৈছে। ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত বড়োলেণ্ড, বিদর্ভ (মহাৰাষ্ট্র), কাৰ্বি আংলং, গোখালেণ্ড (পশ্চিমবংগ), কুকিলেণ্ড (মণিপুৰ) আদিকে ধৰি দেশৰ বিভিন্ন প্রান্তত সুকীয়া ৰাজ্য গঠনৰ দাবী উত্থাপন হৈছে। পূৰ্বৰ ইউ পি এ চৰকাৰে কোনো সুকীয়া ৰাজ্য গঠন কৰা নহয় বুলি ঘোষণা কৰিও তেলেংগানা ৰাজ্য গঠন কৰিছিল। ইয়াৰ পিচত বিজেপিয়ে সুকীয়া ৰাজ্য গঠন কৰাৰ প্রতিশ্রুতি দি শাসনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হয়। কিন্তু কেন্দ্রত ক্ষমতা দখলৰ দুবছৰ অতিক্রম কৰাৰ পিচতো আজিলৈকে সুকীয়া ৰাজ্য গঠন সন্দৰ্ভত কোনো ফলপ্রসূ সিদ্ধান্ত গ্রহণ নকৰিলে দলটোৱে। এইক্ষেত্ৰত তীব্র ক্ষোভ প্রকাশ কৰি এবছুৰ নেতাজনে কয়— আমি কোনোধৰণৰ হিংসাত্মক আন্দোলন নকৰাকৈ সম্পূর্ণ গণতান্ত্রিকভাৱে সুকীয়া ৰাজ্য গঠনৰ দাবী জনাই আহিছো। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমগ্র বিষয়টোক লৈ ৰাজনীতিকৰণ কৰিছে। কংগ্ৰেছ, বিজেপি যিটো দলেই শাসনলৈ আহিছে সকলোৱে প্ৰতাৰণাহে কৰিছে। এতিয়া কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপি দলে কৈ আছে সম বিকাশৰ কথা। কিন্তু য'ত খিলঞ্জীয়া সম্প্রদায়সমূহে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে তাত সম বিকাশৰ শ্ল’গান কিয় সেয়া বোধগম্য হোৱা নাই। আজি নিজৰ পৰিচয়, ভাষা, সংস্কৃতি ৰক্ষাৰ বাবেও আন্দোলনৰ আশ্রয় ল’বলগা হৈছে। এবছুৰ সভাপতি বড়োৱে পুনৰ কয় যে ২০১৫ চনৰ ৯ জুনত আলোচনা অনুষ্ঠিত হৈছিল। আনহাতে কেন্দ্রীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং, গৃহ ৰাজ্য মন্ত্রী কিবেন ৰিজিজুক যোৱা দুবছৰত প্রায় সাতবাৰ সাক্ষাৎ কৰি স্মাৰকপত্র প্রদান কৰা হৈছিল। কিন্তু দুর্ভাগ্যজনকভাৱে সুকীয়া ৰাজ্য গঠন সন্দৰ্ভত কোনো সঁহাৰি পোৱা নগ’ল। যাৰ বাবেই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰা হৈছে বুলি সদৰী কৰি বড়োৱে কয়— আমি ১৫ আগষ্টৰ পিচত গুৱাহাটীৰ মাজমজিয়াত সুকীয়া ৰাজ্য গঠনৰ দাবীত সমদল কাৰ্যসূচী হাতত লম। ইয়াৰ পৰৱৰ্তী পর্যায়ত পহিলা ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব। অসমত কেনেদৰে বড়োসকল বৈষম্যৰ বলি হৈ আছে তাৰ উদাহৰণ দাঙি ধৰি এবছুৰ সভাপতিজনে কয় যে বড়ো মাধ্যমৰ কাৰণে দীর্ঘদিন ধৰি সুকীয়া সঞ্চালকালয় গঠনৰ দাবী জনাই অহাৰ পিচতো আজিলৈকে গঠন

নহ’ল। অলপতে শিক্ষা মন্ত্রী হিমন্তবিশ্ব শৰ্মাই কটন ৰাজ্যিক বিশ্ববিদ্যালয়ত আৰবী, সংস্কৃত বিভাগ খোলাৰ কথা ঘোষণা কৰিলে যদিও বড়ো বিভাগ খোলা সন্দৰ্ভত কোনো মন্তব্য নকৰিলে। পদে পদে সন্মুখীন হৈ অহা বঞ্চনা, বৈষম্যৰ বাবেই আজি সুকীয়া ৰাজ্য গঠনৰ দাবী উত্থাপন হোৱা বুলি বড়োৱে মন্তব্য কৰে। উল্লেখযোগ্য যে আজিৰ সংবাদমেলত উপস্থিত থাকে মহাৰাষ্ট্ৰৰ বিদৰ্ভ ৰাজ্য দাবী সমিতিৰ কাৰ্যকৰী সভাপতি তথা এন এফ এন এছৰ কেন্দ্রীয় কার্যনির্বাহক সপনজিৎ শ্যানাল। সুকীয়া ৰাজ্য গঠনৰ বিষয়টাে সন্দৰ্ভত শ্যানালে কয় যে শাসনত অধিষ্ঠিত হোৱাৰ দুবছৰ অতিক্রম কৰাৰ পিচতো বিজেপিয়ে সুকীয়া ৰাজ্য গঠন সন্দৰ্ভত কোনো সিদ্ধান্ত গ্রহণ নকৰিলে। নির্বাচনৰ পূর্বে ৰাজ্য গঠন কৰিব বুলি প্রতিশ্রুতি দিছিল। এতিয়া শাসনলৈ অহাৰ পিচতো দলটোৱে কোনো ব্যৱস্থা হাতত নোলোৱাত তীব্র বিষোদগাৰ প্রকাশ কৰে শ্যানালে। এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় পর্যায়ত সুকীয়া ৰাজ্য গঠনৰ বিষয়টোক আগবঢ়াই নিয়াৰ পোষকতা কৰি তেওঁ কয়— সুকীয়া ৰাজ্য গঠনৰ বিষয়টো সন্দৰ্ভত মমতা বেনাৰ্জী, নীতিশ কুমাৰ, জয়াললিতা আদিৰ দৰে অকংগ্রেহী, অবিজেপি মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি এক প্রভাৱ গোষ্ঠী গঠনৰ বাবে চেষ্টা চলোৱা হ’ব। ইতিমধ্যে আম আদমি পার্টিয়ে সহযোগ কৰাৰ প্রতিশ্রুতি দিছে। সংবাদমেলত উপস্থিত থাকি জইণ্ট একচন কমিটী ফৰ অট'নমাছ ষ্টেটৰ চমুকৈ জাকাছৰ অধ্যক্ষ তথা এন এফ এন এছৰ কেন্দ্রীয় কার্যনির্বাহক খৰছিং টেৰণে সুকীয়া ৰাজ্যৰ দাবীত পুনৰ আন্দোলন গঢ়ি তোলাৰ চিন্তাচর্চা কৰা বুলি জানিবলৈ দিয়ে। মণিপুৰৰ কুকী ৰাজ্য দাবী সমিতিৰ সভাপতি হেজাং হুকিপেও সুকীয়া ৰাজ্য গঠনৰ বিষয়টো সন্দভত চৰকাৰৰ ভূমিকাত ক্ষোভ উজাৰে। এন ডি এফ বি (পি)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়েও বিষয়টো সন্দৰ্ভত চৰকাৰক সকীয়নি দি কয়— বিজেপি আৰু কংগ্ৰেছৰ মাজত কোনো পার্থক্য নাই। সুকীয়া ৰাজ্যৰ বিষয়টোক লৈ বিজেপিয়েও পিঠি দিছে। আমাক আকৌ অস্ত্ৰ ধৰিবলৈ চৰকাৰে যাতে বাধ্য নকৰে। উল্লেখযোগ্য যে দেশত বর্তমান ১৯ খন ৰাজ্য গঠনৰ দাবী উত্থাপন হৈ আহিছে। মহাৰাষ্ট্ৰত বিদৰ্ভ, মধ্য প্রদেশত বুণ্ডেলখণ্ড, উত্তৰ প্রদেশত হৰিৎ প্রদেশ, পশ্চিমবংগত গোখালেণ্ড, ত্রিপুৰাত ত্রিপুৰালেণ্ড, অসমত বড়োলেণ্ড আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত ইতিমধ্যে বিভিন্ন আন্দোলন চলি আহিছে। এনেদৰে দেশত সুকীয়া ৰাজ্য দাবী কৰা সংগঠনসমূহক লৈ গঠন কৰা হৈছে নেচনেল ফেডাৰেচন ফৰ নিউ ষ্টেটছ নামৰ সংগঠনটো। যিটো সংগঠনত অন্তর্ভুক্ত হৈছে বড়োলেণ্ডৰ দাবীত আন্দোলন কৰি অহা এবছু, এন ডি এফ বি (পি), কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা দাবী জনাই অহা জাকাছৰ দৰে সংগঠন। যেতিয়ালৈকে সুকীয়া ৰাজ্য গঠনৰ দাবী সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে কোনো নীতিগত সিদ্ধান্ত গ্রহণ নকৰে তেতিয়ালৈকে দেশৰ বিভিন্ন প্রান্তত গণ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে সংগঠনসমূহৰ যৌথ মঞ্চ এন এফ এন এছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment