আমেৰিকাক ধ্বংশৰ ভাবুকি লাডেন পুত্ৰৰ

ৱেবডেস্ক, ১০ জুলাইঃ

পিতৃহত্যৰ পোটক তুলিবলৈ আমেৰিকাক ধ্বংস কৰাৰ ভাবুকি প্রদান কৰিছে বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আল-কায়দাব নিহত নেতা ওছমা বিন লাডেনৰ পুএ হামজা বিন লাডেনে। ওছমা বিন লাডেনৰ ঘনিষ্ঠ হিচাপে পৰিচিত তথা তেওঁৰ সন্ত্রাসবাদী কার্যকলাপৰ অন্যতম সহযোগী হিচাপে চিহ্নিত হৈ অহা এইজন হামজা বিন লাডেনে আমেৰিকাক ভাবুকি প্রদান কৰা ২১ মিনিটৰ এটা ভিডিঅ’আমেৰিকাৰ চোৰাংচোৱা সংস্থাইলাভ কৰা বুলি দেশখনৰ প্রতিৰক্ষা মন্ত্রণালয়ে সদৰী কৰিছে। এছ আইটি ইনামৰ আমেৰিকাৰ চোৰাংচোৱা গোটৰ সূত্ৰৰ পৰা প্রকাশিত বাতৰিত হামজা বিন লাডেনে সকলো ওছামা’ বুলি প্রকাশ কৰিছে। তদুপৰি উক্ত ভিডিঅ’টোত যে আমেৰিকাক ধ্বংস কৰিব লাগে তেনে নহয়, বৰং ইছলামৰ ত্ৰাণকৰ্তাসকলক যিসকলে হত্যা কৰিছে তেওঁলোকৰ ওপৰত প্রতিশোধ ল’ব লাগে। আমেৰিকাই আফগানিস্তান, ছিবিয়া, য়েমেন, ছোমালিয়াসহ ইছলামিক ৰাষ্ট্রসমূহত দখলদাৰী ব্যৱস্থা কটকটীয়া কৰাৰ প্রতিশোধকল্পেই আমেৰিকাৰ বিৰুদ্ধে ধাৰাবাহিক আক্রমণ ঘটোৱাৰ সংকল্পৰ কথাও এই ভিডিঅ’টোত ব্যক্ত কৰিছে লাডেনৰ পুত্রই।
আমেৰিকাৰ দেশৰ মাটিতে হওক অথবা বিদেশতে হওক য’তেই সুযোগ পোৱা যাব আমেৰিকাৰ নাগৰিকসকলৰ ওপৰত আক্রমণাত্মক ভূমিকা পালন কৰা হ’ব বুলিও হামজা বিন লাডেনে এই ভিডিঅ’টোত সদৰী কৰিছে। উল্লেখ্য যে লাডেনৰ মৃত্যুৰ পিছত বয়োবৃদ্ধ নেতা আয়েমান আল-জৱাহিৰীয়ে আল-কায়দাৰ নেতৃত্ব গ্রহণ কৰি আছে যদিও সংগঠনটোক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ব্যর্থ হৈছে। এনে পৰিস্থিতিৰ বাবে সংগঠনটোত যুৱনেতাৰ অভাৱ বুলিয়ে বিভিন্ন সময়ত প্রচাৰিত হৈ আহিছে। এনে এক গুৰুত্বপূর্ণসময়ত ২৫ বছৰীয়া লাডেনপুত্র হামজা বিন লাডেনৰ আৱির্ভারে সন্ত্রাসবাদী সংগঠনটোক সূত্রইশংকা ব্যক্ত কৰিছে। অৱশ্যে আমেৰিকাৰ চোৰাংচোৱা বাহিনীৰ প্রশ্নৰ উদ্রেক হৈছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment