দাৰিদ্ৰ জনতাৰ পকেটৰ পৰা মাদ্ৰাছা টেটৰ নামত চৰকাৰে সৰকালে
অতি কমেও ১৫০ কৌটি টকা
ছৈয়দবুলবুল জামানুৰ হক, ১০ জুলাইঃ
টেটৰ প্ৰতি কংগ্ৰেছ চৰকাৰৰ কিছু নেতাৰ ভাষ্য আছিল- টেট উত্তীর্ণসকল ডঃ হিমন্ত বিশ্ব শর্মাৰ মানুহ। গতিকে টেট উত্তীর্ণই শর্মাৰ ওচৰতহে যাব লাগিব। অসমৰ কর্মদক্ষ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ২০১২ বর্ষত টেট অনুষ্ঠিত কৰি অসমত এক ইতিহাস সৃষ্টি কৰি অর্ধ লক্ষাধিক টেট উত্তীর্ণক ঠিকাভিত্তিত পৱিত্ৰ শিক্ষকৰ চাকৰিত নিয়োজিত কৰিছিল। শর্মাদেৱে শিক্ষামন্ত্ৰীহৈ থকাকালতে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰম্ভ কৰি অসমৰ চৰকাৰী শিক্ষাখণ্ডক উজলাই তুলিছিল। তেখেতৰ পদত্যাগৰ ফলত শিক্ষাবিভাগ হৈ পৰিল ক্ৰমান্নয়ে স্থৱিৰ। যোৱা ২০১৫ বর্ষৰ ৩,৪ আৰু ৫ জানুৱাৰীত অসম চৰকাৰে মুঠ নটা কেডাৰৰ পদৰ বাবে মাদ্ৰাছা টেট পৰীক্ষা অনুষ্ঠিত কৰে। চৰকাৰে যেতিয়া ৩০-০৮-২০১৪ ইং তাৰিখত মাদ্ৰাছা টেটৰ বিজ্ঞাপন জাৰি কৰিছিল, তেতিয়া পদৰ সংখ্যা উল্লেখ কৰা নাছিল। এক লাখ বাৰ হেজাৰতকৈ অধিক প্ৰার্থীয়ে আবেদন কৰে। ইয়াৰ প্ৰায় ৯৫ শতাংশ প্ৰার্থীয়ে দাৰিদ্ৰতাৰ মহাসাগৰত ককবকাই থকা মেধা সম্পন্ন। প্ৰতিজনে ১০ ৰ পৰা ১৫ হেজাৰকৈ টকা খৰছ কৰে টেটৰ কোচিং, ফিচ আৰু পৰীক্ষাৰ নামত। মাদ্ৰাছা টেটৰ নামত দাৰিদ্ৰ জনতাৰ পকেটৰ পৰা খৰছ হয় অতি কমেও ১৫০ কৌটি টকা। উত্তীর্ণ হয় ২০২০১ জন প্ৰার্থী।পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছৰে পৰা সেই সময়ৰ কংগ্ৰেছ চৰকাৰ খনে তেওঁলোকৰ লগত প্ৰতাৰনা আৰাম্ভ কৰে।উক্ত প্ৰতাৰনাৰ প্ৰতিবাদত গোটেই অসম ভিত্তিক ভাবে গঠিত হয় সদৌ অসম মাদ্ৰাছা টেট উত্তীর্ণ প্ৰার্থী সন্থা চমুকৈ আমটেক্কা।কংগ্ৰেছৰ অকর্মণ্য শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে নিযুক্তিৰ আশা দি মাহী আইৰ দৃষ্টি নিক্ষেপ কৰি কেৱল আশাদি নেদেখা জুইৰে পুৰি মাথো ছাৰখাৰ কৰি গ'ল তেওঁলোকৰ হৃদয় । চলিত বর্ষৰ যোৱা অসম বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে মাদ্ৰাছা টেট উত্তীর্ণসকলৰ চকুৰ পানীয়ে যেন উঠোৱাই লৈ গ'ল যোৱাটো কংগ্ৰেছ চৰকাৰৰ অহংকাৰ। কংগ্ৰেছ পৰাজিত হ'ল বিভিন্ন জনৰ অভিশাপৰ ফলত। সদৌ শেষত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাত পুনৰবাৰ ডঃহিমন্ত বিশ্ব শর্মাই শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰাত টেট উত্তীর্ণসকলৰ দুচকুত জাগি উঠিল স্বপ্ন পূৰণৰ আশা। কিন্তু অসমৰ টেটৰ অপ্ৰতিদন্দী নায়ক বর্তমানৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা মহোদয়ৰ বৰ্তমানৰ কৰ্মকণ্ডই মাদ্ৰাছা টেট উত্তীর্ণসকলোক হতাশাগ্ৰস্থ কৰি তুলিছে।এক বৃহতসংখ্যক মাদ্ৰাছা টেট উত্তীর্ণসকলোৰ সংস্থাপনৰ কথা এবাৰো সংবাদ মাধ্যমৰ আগত ব্যক্ত নকৰাত গভীৰ উদ্ধেগ প্ৰকাশ কৰিছে সদৌ অসম মাদ্ৰাছা টেট উত্তীর্ণ প্ৰার্থী সন্থা চমুকৈ আমটেক্কাৰ সভপতি ডঃ মুখলিছুৰ ৰহমান চাহাবে।লগত তেওঁ সংবাদিক সকলৰ ভুমিকাক লৈও সন্দেহ ব্যক্ত কৰে আৰু প্ৰশ্ন উখ্যাপন কৰে যে সংবাদিক সকলে আজিলৈকে কিয় বিশ সহশ্ৰাধিক মাদ্ৰাছা টেট উত্তীর্ণৰ সমস্যাৰ বিষয়ত বিগত এবছৰত চৰকাৰ তথা শিক্ষামন্ত্ৰী মহদয়ক এবাৰো প্ৰশ্ন নুসুধিলে।এয়া কি সংবাদ কৰ্মীসকলৰ মাদ্ৰাছা টেট সম্পৰ্কে জ্ঞানৰ অভাৱ নে আন কিবা? সংবাদিক সকলে এচ. ছি. টেট, মেডিয়ম টেট আদিৰ বিষয় শিক্ষামন্ত্ৰী মহদয়ক সুধে, কিন্তু মাদ্ৰাছা টেট সম্পৰ্কে নুসুধে কিয়? ইফালে মাদ্ৰাছা টেট উত্তীর্ণৰ সংখ্যা সকলতকৈ বেছি।আনহাতে বিগত বছৰত সন্থাই যেতিয়া জানিব পাৰিছিল যে মাদ্ৰাছাত মাত্ৰ ৫১৩ টা শিক্ষকৰ পদ খালী আছে, তেতিয়া সন্থাই ১১২০০০ জন প্ৰার্থীৰ লগত চৰকাৰে কৰা প্ৰতাৰনাৰ তীৰ্ব প্ৰতিবাদ জনাইছিল আৰু কৈছিল ২০২০১ জন প্ৰার্থীক মাদ্ৰাছাৰ ওপৰিও এল. পি.,এম. ই., হাই স্কুল, হাই মাদ্ৰাছা আৰু উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত খালীহৈ থকা পদত নিযুক্তি দিব লাগিব, অন্যথা দেশজোৰা গন-আন্দোলন গৰিতোলা হব। চৰকাৰে বিজ্ঞাপনত পদৰ সংখ্যা উল্লেখ নকৰি বৃহতসংখ্যক আবেদন গ্ৰহন কৰি ২০২০১ জন প্ৰার্থীক উত্তীর্ণ কৰাই অকল প্ৰতাৰনাই নহয়, লগতে বিত্তবিভাগৰ AFRBM নীতি ২০০৫ ৰ উলংগা কৰিছে। চৰকাৰে কেইবাবাৰো সন্থাৰ লগত দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু মাদ্ৰাছা টেট উত্তীর্ণসকলোক পৰ্য্যায়ক্ৰমে মাদ্ৰাছাৰ ওপৰিও এল. পি.,এম. ই., হাই স্কুল, হাই মাদ্ৰাছা আৰু উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত খালীহৈ থকা পদত নিযুক্তি দিব বুলি আশ্বাস দিয়ে। সেইমতে চৰকাৰে এ.এস.ই. ৬৭৫/২০১৩/৩৮ তাং:১৭।১০।২০১৫ নম্বৰৰ এখন জাননী জাৰি কৰে।উক্ত জাননীত মাদ্ৰাছা টেটৰ মুঠ নটা কেডাৰৰ পদৰ পৰা পাঁচটা কেডাৰৰ পদৰ বাবে টেট উত্তীর্ণ প্ৰার্থীক মাদ্ৰাছাৰ ওপৰিও এম. ই. স্কুল/ মাদ্ৰাছা, হাই স্কুল, হাই মাদ্ৰাছা আৰু উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত খালীহৈ থকা আৰবী বিষয়ৰ পদত নিযুক্তি দিয়া হব বুলি উল্লেখ কৰে। বাকী চাৰিটা কেডাৰৰ পদৰ পৰা তিনিটা কেডাৰৰ পদৰ বাবে উত্তীর্ণ প্ৰার্থীক ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আচঁনিৰ অধীনত আদৰ্শ (উচ্চ মাধ্যমিক) বিদ্যালয়ত নিযুক্তি দিয়ে।এইচ. এস প্ৰি-ছিনিয়ৰ কেডাৰ অৰ্থাত উচ্চপ্ৰাথমিক পৰ্য্যায়ৰ সহকাৰী শিক্ষক পদৰ বাবে মাদ্ৰাছা টেট উত্তীর্ণ প্ৰার্থীৰ সংখ্যা ১৬০০০ তকৈও অধিক, কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা এইযে ১৬০০০ প্ৰার্থীৰ বিপৰীতে মাদ্ৰাছাত খালী পদ আছিল মাত্ৰ ১৪ টা।এতিয়ালৈকে এওঁলোকৰ এজনকো নিযুক্তি দিয়া নাই চৰকাৰে।সেই কাৰণে এই ১৬০০০ ক এল. পি. স্কুল, এম. ই. স্কুল আৰু এম. ই. মাদ্ৰাছাত লগতে বাকী সকলক মাদ্ৰাছাৰ ওপৰিও এম. ই. স্কুল/ মাদ্ৰাছা, হাই স্কুল, হাই মাদ্ৰাছা আৰু উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত খালীহৈ থকা পদত কেডাৰ অনুয়াযী অতিশীঘ্ৰে নিযুক্তি দিবলৈ সন্থাৰ সভপতি ডঃ মুখলিছুৰ ৰহমান চাহাবে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা মহোদয়ক এক প্ৰেছ বিজ্ঞপ্তি যোগে আহৱান জনায়।অন্যথায় দেশজুৰি ধাৰাবাহিক গন-আন্দোলন গৰিতোলা হব বুলি ভাবুকি প্ৰদান কৰে।আনফালে, অহা ১৮ জুলাইৰ পৰা অনুষ্ঠিত হবলগীয়া অসম বিধান সভাৰ বাজেট অধিবেষনৰ সময়ত অমৰন অনশন কাৰ্য্যসুচী গ্ৰহন কৰাৰ বিষয় সন্থাই চিন্তাচৰ্চা কৰি আছে বুলি তেখেতে ব্যক্ত কৰে।
facebook
twitter
google+
fb share