অগ্নিগৰ্ভ কাশ্মিৰঃ আবদ্ধ হাজাৰ হাজাৰ অমৰনাথযাত্ৰী

নেশনেল ডেস্ক, ১০ জুলাইঃ
হিজবুল মুজাহিদীনৰ নেতাৰ মৃত্যুৰ পিছত শ্ৰীনগৰৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈ পৰাত দুটাকৈ বেছ কেম্পত দেশৰ বিভিন্ন প্রান্তৰ লক্ষাধিক তীর্থযাত্ৰীৰ লগতে অসমৰো কেইবাশ অমৰনাথ যাত্রী আবদ্ধ হৈ পৰিছে। শ্ৰীনগৰত প্রতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘর্ষ, বিভিন্ন গোটে আহ্বান জনোৱা কাশ্মীৰ বন্ধৰ পৰিপ্রেক্ষিতত উদ্ভৱ হোৱা অগ্নিগৰ্ভ পৰিস্থিতি আৰু প্রশাসনৰ বাধানিষেধৰ মাজত চৰম দুর্যোগৰ মাজেৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে অমৰনাথ দৰ্শনৰ বাবে যোৱা এই তীর্থযাত্ৰীসকলে।
অস্থায়ী শিবিৰত ঠাইৰ অভাৱ ঘটাত ৰাস্তাৰ ওপৰতে দিন-ৰাতি অতিবাহিত কৰিবলগা হৈছে বহু তীর্থযাত্ৰীয়ে। খাদ্যৰ সংকট, খোৱাপানীৰ অভাৱ, আকাশলংঘী মূল্যবৃদ্ধি আদিয়েও তীর্থযাত্ৰীসকলক সমস্যাত পেলাইছে। তীর্থযাত্ৰীসকল এইদৰে অধিক দিন আবদ্ধ হৈ থাকিবলগা হ’লে সমস্যা অধিক জটিল হৈ পৰাৰো আশংকা ঘনীভূত হৈছে। এনে অৱস্থাত জম্মুৰ বালতাল আৰু তেহেলগামৰ বেছ কেম্পত আবদ্ধ হৈ থকা অসমৰ কেইবাশ অমৰনাথ যাত্ৰীলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে বালতাল বেছ কেম্পত আবদ্ধ একাংশ অসমৰ তীর্থযাত্ৰীয়ে। আনহাতে অসমৰ পৰা যোৱা অমৰনাথ যাত্ৰীসকল এইদৰে জম্মু-কাশ্মীৰত আবদ্ধ হৈ পৰিবলগা হোৱাত তেওঁলোকৰ পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজতো হাহাকাৰ লাগিছে। জানিব পৰা মতে বালতাল বেছ কেম্পত অসমৰ প্রায় ৫০০ গৰাকী তীর্থযাত্রী আবদ্ধ হৈ থকাৰ লগতে তেহেলগাম বেছ কেম্পতো আবদ্ধ হৈ আছে অসমৰ প্রায় তিনিশগৰাকী তীর্থযাত্রী। অসমৰ তীর্থযাত্ৰীসকলৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ দুই লক্ষাধিক তীর্থযাত্রী এইদৰে আৱদ্ধ হৈ থাকিবলগা হৈছে। তীর্থযাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ বাবে ৰাস্তাৰ কেম্পত ঠাইৰ অভাৱ হোৱাত ওপৰতো থাকিবলগা হৈছে বহুসংখ্যক তীর্থযাত্রী। বেছ কেম্পত থকাৰ বাবে এনেয়ে প্রতিগৰাকী তীর্থযাত্ৰীয়ে দৈনিক দুশ টকাকৈ দিব লাগে যদিও এতিয়া ৫০০ টকালৈকে দিবলগা হৈছে। খাদ্য আৰু খোৱাপানীৰো নাটনি হৈছে। ২০ টকীয়া এক লিটাৰৰ মিনাৰেল ৱাটাৰৰ বটল একোটাৰ দাম ৬০ টকালৈকে উঠিছে। প্রচণ্ড শীতৰ মাজতে ৰাস্তাৰ ওপৰতে থাকিবলগা হোৱাত বহুসংখ্যক তীর্থযাত্রী জ্বৰ,কাহ, মূৰৰ বিষ আদিত ভূগিবলগা হৈছে। মাজে মাজে বৰষুণো দি থকাত তীর্থযাত্ৰীসকলৰ অৱস্থা অবর্ণনীয় হৈ পৰিছে। ইফালে বহু তীর্থযাত্ৰীৰ ওভতনি যাত্ৰাৰ ৰে’লৰ টিকটৰ তাৰিখ হল ১২ আৰু ১৩ জুলাই। গতিকে বেছ কেম্পৰ পৰা গৈ সঠিক সময়ত ৰে’ল ধৰিব পাৰিব নে নাই তাকে ভাবি উদ্বিগ্ন হৈ পৰিছে তেওঁলোক।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment