ৱেব ডেস্ক, ২৫ জুলাই, ২০১৬ :
ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে ক্ৰমাত্ জটিল কৰি তুলিছে সমগ্ৰ অসমৰ বান পৰিস্থিতি। বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ বাঢ়নী পানীয়ে কেইবা শতাধিক গাঁও প্লাবিত কৰি তোলাৰ ফলত স্তব্ধ হৈ পৰিছে বহু অঞ্চলৰ জনজীৱন। প্রশাসনৰ পৰা পোৱা তথ্য অনুসৰি,এতিয়ালৈকে জিলাখনৰ ছয়টা ৰাজহ চক্ৰৰ ২৩৪খন গাঁও বানৰ কবলত পৰিছে। তথ্য অনুসৰি, কলগছিয়াৰ ৭০, বৰপেটাৰ ১৬ বাঘবৰৰ ১০৩, সৰুক্ষেত্ৰীৰ ৮, চেঙাৰ ২৯ আৰু বৰনগৰ ৰাজহ চক্রৰ ৮খন গাওঁ বানত আক্রান্ত হৈছে। এই বানত জিলাখনৰ ছয়টা ৰাজহ চক্রৰ ১,৩৫,৫৯০গৰাকী লোক বনৰ কবলত পৰাৰ লগতে ১৭,৫০০ হেক্টৰ কৃষিভূমি বনত ডুব গৈছে। জিলাখনত সৃষ্টি হোৱা প্রবল বানৰ মাজতে মানাহ নৈৰ তীব্র সোতে এজন যুৱকক আজি উটুৱাই লৈ যায়।পিছত ৰাইজে নৈখনৰ পৰা যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত যুৱকজন কলগছিয়াৰ কান্দুলিয়া গাঁৱৰ মজিবৰ ৰহমানৰ পুত্র ছিৰাজুদ্দিন (১৭) বুলি জানিব পৰা গৈছে। ইপিনে, ভূটানৰ পৰা নামি অহা বৃহত্ জলৰাশিয়ে বেঁকী নৈৰে সোমাই জিলাখনৰ উত্তৰ অঞ্চলৰ বহু গাঁও প্লাবিত কৰাৰ ফলত ৰাইজৰ দুখ-দুর্দশাৰ অন্ত নাইকিয়া হৈছে। প্রবল গতিত বৃদ্ধি পাই থকা বেঁকী নৈৰ পানীয়ে নাৰায়ণগুৰিৰ মথাউৰিটোলৈ প্রবল ভাবুকিৰ সৃষ্টি কৰিছে। ইতিমধ্যে নৈখনৰ তীব্র সোতে নাৰায়ণগুৰিৰ মথাউৰিৰ কিছু অংশ খহাই নিয়াৰ পিছত উত্তৰ অঞ্চলৰ গাঁওসমূহত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে।
উল্লেখ্য যে ২০০৪ আৰু ২০০৭ চনত ভূটানৰ পানীয়ে বেঁকী নৈৰে সোমাইনাৰায়ণগুৰিৰ মথাউৰি ছিঙি নিয়াৰ ফলত বৰপেটা জিলাত প্রলয়ংকাৰী বানে অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এনে প্রেক্ষাপটতে নাৰায়ণগুৰিৰ মথাউৰিটো এইবাৰো বেঁকী নৈয়ে ছিঙি নিয়াৰ আশংকাত ৰাইজ শংকিত হৈ পৰিছে। বিশেষকৈ নাৰায়ণগুৰিৰ মথাউৰিটো ছিঙি নিলে বেঁকী নৈৰ পানী সোমাই মানাহ ৰাষ্ট্ৰীয় উদ্যান বুৰাই পেলাব। ফলত ৰাষ্ট্ৰীয় উদ্যানখনত থকা জীৱজন্তু সমূহৰ মাজত এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰো আশংকাই দেখা দিছে। ইতিমধ্যে নাৰায়ণগুৰিৰ মথাউৰিৰ খহাই নিয়া কিছু অংশত বৰপেটা জলসম্পদ বিভাগৰ তৰফৰ পৰা বোল্ডাৰ, বাহ, বস্তা, গছ পেলাই প্রতিৰোধ কৰাৰ ব্যৱস্থা অব্যাহত ৰাখিছে। ভূটানৰ পৰা নামি অহা প্রবল জলৰাশিয়ে বেঁকী নৈৰে সোমাই নাৰায়ণগুৰি, ভাঙাৰপাৰ আৰু চাফাকামাৰ অঞ্চলত প্রবল খহনীয়াৰ সৃষ্টি কৰিছে৷ ইপিনে, বেঁকী আৰু মানাহ নৈয়ে জিলাখনৰ কলগছিয়া ৰাজহ চক্রব প্রায় অর্ধশতাধিক গাওঁ প্লাবিত কৰিছে। ৰাজহ চক্ৰটোৰ কামাৰপাৰা, বৰডাঙা, গুই লেজা, খাৰপল্লি, কান্দুলিয়া, ঢাকালিয়াপাৰা,জয়পুৰ,মইনবড়ি আদি গাঁওসমূহ সম্পূৰ্ণৰূপে বনত প্লাবিত হোৱাৰ ফলত ৰাইজৰ আলৈ-আথানি নোহোৱা হৈছে। উল্লেখ্য যে বেঁকী নৈব তীব্র সোতে কমাৰপাৰা-বৰডাঙৰ মথাউৰিটো ছিঙি নিয়াৰ ফলত এই অঞ্চলসমূহ প্লাবিত হৈ পৰিছে। বেঁকী নৈয়ে কামৰপৰা হাইমাদ্ৰাছাখনলৈ প্রবল ভাবুকি কঢ়িয়াই আনিছে। বেঁকী আৰু মানাহ নৈৰ বানত বৃহত্তৰ অঞ্চলটোৰ অর্ধশতাধিক গাঁও প্লাবিত হৈ ৰাইজৰ বিলাই-বিপত্তি নোহোৱা হৈছে যদিও এই লোকসকলৰ খবৰ ল’বলৈ উপস্থিত হোৱা নাই বৰপেটাৰ সাংসদ ছিৰাজুদ্দিন আজমল আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া। ইপিনে, ব্রহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বাঘবৰ সমষ্টিটোৰ বহু গাঁও প্লাবিত কৰি তুলিছে৷ আনহাতে, ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীয়ে দক্ষিণ-পূব বৰপেটাৰ ঐতিহাসিক গাঁও ভোগেৰপাৰত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে ২০০৪ আৰু ২০০৭ চনত ভূটানৰ পানীয়ে বেঁকী নৈৰে সোমাইনাৰায়ণগুৰিৰ মথাউৰি ছিঙি নিয়াৰ ফলত বৰপেটা জিলাত প্রলয়ংকাৰী বানে অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এনে প্রেক্ষাপটতে নাৰায়ণগুৰিৰ মথাউৰিটো এইবাৰো বেঁকী নৈয়ে ছিঙি নিয়াৰ আশংকাত ৰাইজ শংকিত হৈ পৰিছে। বিশেষকৈ নাৰায়ণগুৰিৰ মথাউৰিটো ছিঙি নিলে বেঁকী নৈৰ পানী সোমাই মানাহ ৰাষ্ট্ৰীয় উদ্যান বুৰাই পেলাব। ফলত ৰাষ্ট্ৰীয় উদ্যানখনত থকা জীৱজন্তু সমূহৰ মাজত এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰো আশংকাই দেখা দিছে। ইতিমধ্যে নাৰায়ণগুৰিৰ মথাউৰিৰ খহাই নিয়া কিছু অংশত বৰপেটা জলসম্পদ বিভাগৰ তৰফৰ পৰা বোল্ডাৰ, বাহ, বস্তা, গছ পেলাই প্রতিৰোধ কৰাৰ ব্যৱস্থা অব্যাহত ৰাখিছে। ভূটানৰ পৰা নামি অহা প্রবল জলৰাশিয়ে বেঁকী নৈৰে সোমাই নাৰায়ণগুৰি, ভাঙাৰপাৰ আৰু চাফাকামাৰ অঞ্চলত প্রবল খহনীয়াৰ সৃষ্টি কৰিছে৷ ইপিনে, বেঁকী আৰু মানাহ নৈয়ে জিলাখনৰ কলগছিয়া ৰাজহ চক্রব প্রায় অর্ধশতাধিক গাওঁ প্লাবিত কৰিছে। ৰাজহ চক্ৰটোৰ কামাৰপাৰা, বৰডাঙা, গুই লেজা, খাৰপল্লি, কান্দুলিয়া, ঢাকালিয়াপাৰা,জয়পুৰ,মইনবড়ি আদি গাঁওসমূহ সম্পূৰ্ণৰূপে বনত প্লাবিত হোৱাৰ ফলত ৰাইজৰ আলৈ-আথানি নোহোৱা হৈছে। উল্লেখ্য যে বেঁকী নৈব তীব্র সোতে কমাৰপাৰা-বৰডাঙৰ মথাউৰিটো ছিঙি নিয়াৰ ফলত এই অঞ্চলসমূহ প্লাবিত হৈ পৰিছে। বেঁকী নৈয়ে কামৰপৰা হাইমাদ্ৰাছাখনলৈ প্রবল ভাবুকি কঢ়িয়াই আনিছে। বেঁকী আৰু মানাহ নৈৰ বানত বৃহত্তৰ অঞ্চলটোৰ অর্ধশতাধিক গাঁও প্লাবিত হৈ ৰাইজৰ বিলাই-বিপত্তি নোহোৱা হৈছে যদিও এই লোকসকলৰ খবৰ ল’বলৈ উপস্থিত হোৱা নাই বৰপেটাৰ সাংসদ ছিৰাজুদ্দিন আজমল আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া। ইপিনে, ব্রহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বাঘবৰ সমষ্টিটোৰ বহু গাঁও প্লাবিত কৰি তুলিছে৷ আনহাতে, ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীয়ে দক্ষিণ-পূব বৰপেটাৰ ঐতিহাসিক গাঁও ভোগেৰপাৰত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
গোলাঘাটত ভয়াবহ বান পৰিস্থিতিঃ বিপদসীমাৰ ১.৯৬ মিটাৰ আৰু ০.৭২ মিটাৰ ওপৰেদি বৈছে ব্রহ্মপুত্ৰ আৰু ধনশিৰি নদী :
জিলা উপায়ুক্তৰ জৰুৰী পর্যালোচনা সভা গোলাঘাট জিলাত বন পৰিস্থিতি পর্যালোচনা কৰি আজি জিলা উপায়ুক্ত বর্ণালী ডেকাই জিলাখনত সাহায্য আৰু উদ্ধাৰ অভিযান অধিক তীব্রতৰ কৰি তুলিবলৈ নির্দেশ দিয়ে। উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙৰ উপস্থিতিত আজি জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত পর্যালোচনা বৈঠকত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিনৈৰ অধিক জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাবনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলা উপায়ুক্তই যিকোনো ধৰণৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফক সাজু থাকিবলৈ নির্দেশ দিয়ে। সমান্তৰালকৈ জিলা উপায়ুক্তগৰাকীয়ে দুর্যোগ ব্যৱস্থাপনা প্রাধিকাৰীক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সৈতে যন্ত্রচালিত পবিতৰাত বন্যপ্রাণীৰ পৰিস্থিতিৰ বুজ ল'লে বনমন্ত্রী প্রমিলাৰাণী ব্রহ্মই আজি হঠাত্ পবিতৰা অভয়াৰণ্যত উপস্থিত হয় বনমন্ত্রী প্রমিলাৰাণীব্রহ্ম। ৰাজ্যৰ বন পৰিস্থিতি অবনতি ঘটাৰ সমান্তৰালকৈ এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাতোৱক্ষপুত্রবাঢ়নী পানীয়ে প্লাবিত কৰিছে। তেনে সময়তে অভয়াৰণ্যখনৰ জীৱ-জন্তুসমূহৰ পৰিস্থিতিৰ বুজ ল'বলৈ হঠাতে উপস্থিত হয় বনমন্ত্ৰীগৰাকী। প্রায় ৭০ শতাংশ জলমগ্ন হোৱা পবিতৰাত ওখ স্থান যথেষ্ট থকাৰ বাবেই বন্য জীব-জন্তুসমূহে নিৰাপদ স্থানত আশ্রয় লোৱা বুলি মন্তব্য কৰে প্রমিলাৰাণীব্ৰহ্মই। আনহাতে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বন্য জীৱ-জন্তু অনুপাতে ঠাইৰ অভাৱ হোৱাৰ বাবেই বিভিন্ন সময়ত জীব-জন্তুসমূহে জনঅৰণ্যলৈ ঢাপলি মেলে আৰু দুর্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে বুলিও মন্তব্য কৰে বনমন্ত্ৰীগৰাকীয়ে।ইফালে,গড় হত্যা ব্ৰহ্মই। লগতে ৰাজ্যৰ অভয়াৰণ্যসমূহত পর্যাপ্ত বনকর্মী নিয়োগ সন্দৰ্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোবালে পদক্ষেপ লৈছে যদিও কিছুসময় লাগিব বুলি উল্লেখ কৰে। আনহাতে, গুৱাহাটীৰ গাতে লাগি থকা পবিতৰা অভয়াৰণ্যখনৰ আন্তঃগাথনি উন্নত কৰি আটকধুনীয়া কৰিলে দেশী-বিদেশী পর্যটকৰ সংখ্যা বৃদ্ধি পাব বুলিও মন্তব্য কৰে বনমন্ত্ৰীয়ে।উল্লেখ যে পবিতৰাৰ পিছতে বনমন্ত্রী প্রমিলাবাণী ব্রহ্মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুসমূহৰ বুজ ল'ব।
গোৱালপাৰাৰ বিপদসীমাৰ ওপৰেৰে বৈছে ব্রহ্মপুত্ৰৰ পানী,উন্মুক্ত ম্যাদ উকলা মথাউৰিক লৈ আতংকিত জনতা :
গোৱালপাৰা জিলাত ব্ৰহ্মপুত্র নদীৰ বাঢ়নী পানী বিপদসীমাৰ ওপৰেৰে বৈছে৷ আজি পুৱাৰ ভাগত গোৱালপাৰা চহৰৰ কাছাৰী ঘাটত থকা বিপদসীমাব লেবেল অনুসৰি বাঢ়নী পানী বিপদসীমাৰ ০.০৮ মিটাৰৰ ওপৰেৰে বৈছে। উল্লেখ্য যে জিলাখনত ব্ৰহ্মপুত্র বাঢ়নী পানীৰ বিপদসীমা ৩৬.২৭ মিটাৰ যদিও আজি পুৱা প্রায় ৮ বজাত ংগ্রহ কৰাহিচাপমতে বাঢ়নী পানীৰ লেবেল হল ৩৬.৩৫ মিটাৰ।ইতিমধ্যে জিলাখনৰ লক্ষীপুৰ আৰু বালিজানা ব্লকৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী ফেনে-ফোটোকাবে বাঢ়ি থকাৰ ফলত জিলাখনৰ বন পৰিস্থিতি অচিৰেই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা বিৰাজ কৰিছে। উল্লেখ্য যেব্রহ্মপুত্ৰনদীৰ পানীবিপদসীমা অতিক্রম কৰিছে যদিও দুধনৈ, কৃষ্ণই আৰু জিনাৰী নদীৰ পানী অদ্যপি বিপদসীমা অতিক্রম কৰা নাই। আজি পুৱা ৮ বজাৰ তথ্য অনুসৰি দুধনৈ নদীৰ লেবেল ৪৫.৩০ মিটাৰ, কৃষ্ণাই নদীৰ পানীৰ লেবেল ৪০.৮২ মিটাৰ আৰু জিনাৰী নদীৰ পানীৰ লেবেল হ’ল ৩৭.৮০ মিটাৰ। নদী তিনিখনৰ বিপদসীমা হ’ল ক্রমে ৪৭.১৫ মিটাৰ, ৪২.৭০ মিটাৰ আৰু ৪০.৪৫ মিটাৰ।কিন্তু জিলাবাসীৰ বাবে ভয়ংকৰ সংবাদ এয়ে যে খোৰমুজা-বেলডুবি মথাউৰিটোৰ সাতভেণ্ডী বিদ্যালয়ৰ পৰা নিচিনপুৰলৈ সম্পূৰ্ণৰূপে উন্মুক্ত হৈ আছে। এই উন্মুক্ত মথাউৰিৰে অতি সহজেই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্রবেশ কৰি জিলাখনক বনৰ কবললৈ ঠেলি দিয়াটো প্রায় নিশ্চিত। উল্লেখ যে বিগত ২০১০ চনৰ পৰাইমথাউৰিটোৰ উক্ত অংশখিনি উন্মুক্তহৈ আছেযদিও জলসম্পদ বিভাগৰ অকৰ্মণ্যতাৰ ফলত আজিকোপতি উক্ত অংশখিনি মেৰামতি কৰা হোৱা নাই। এইবাৰৰ বানৰ পিছতহে উক্ত উন্মুক্ত অংশখিনিৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰ সম্ভবনা আছে বুলি জলসম্পদ বিভাগৰ এক সূত্রই প্রকাশ কৰিছে। অর্থাত্ এইবাৰ জিলাবাসীক বনৰ কবলত পৰি সৰ্বস্বাস্ত হ’বলৈ জলসম্পদ বিভাগে এক প্রকাৰৰ থিৰাং কৰি থৈছে। এনে অবস্থাত ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ লগে লগে জিলাবাসীয়ে বানৰ যন্ত্রণা সহ্য কৰাৰ বাবে প্রস্তুত হৈ থকাৰ বাহিৰে গত্যন্তৰ নাই। জিলাবাসীৰ বাবে আন এক দুঃসংবাদ
এয়ে যে জিলাখনৰ প্রায় সংখ্যক মথাউৰিৰ ম্যাদ কাহানিবাই উকলি গৈছে যদিও জলসম্পদ বিভাগে ম্যাদ উকলা মথাউৰিসমূহ উপযুক্তভাৱে মেৰামতি কৰা নাই বুলি অভিযোগ উঠিছে।
উত্তৰ শালমাৰা মহকুমাৰ বান পৰিস্থিতি অপৰিৱর্তিত : বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ আই নৈৰ বাঢ়নী পানীৰ ধল আৰু খহনীয়াইকালি সৃজনগ্রাম অঞ্চলৰ সিদলসতীৰজাঘুলি মথাউৰিটো ছিঙাৰ পিছত আজি লেংটিছিঙা অঞ্চলৰ মেৰৰ চৰত একাংশ লোকে জলসম্পদ বিভাগে নির্মাণ কৰা মথাউৰিটো কাটি দিয়াৰ ফলতে এক বৃহত্ অঞ্চল বানৰ কবলত পৰিছে। জানিব পৰা মতে, অঞ্চলটোত থকা মেৰৰ চৰ-পাখাকাটা-বালাবগুদাম মানাহ নৈৰ মথাউৰিটো ভিতৰফালে বাস কৰা লোকে কাটি দিয়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কাজিয়াৰ সূত্রপাত হয়। ইয়াৰ পিছতে একাংশ মহিলা গোট খাই আৰক্ষীৰ সন্মুখতে মথাউৰিটো কাটি দিয়াত মানাহ নৈৰ বাঢ়নী পানীৰ ধল সেই অংশৰে বাগৰি অহাত মেৰেৰ চৰ, কুশবাৰী, পল্টনবাজাৰ, মধুফুল, চিকাটাৰী, পাখাকাটা আদি অঞ্চলৰ লগতে নতুনকৈ আমগুৰি, লতিবাৰীকে ধৰি নন অঞ্চললৈ পানীৰ ধল বাগৰাৰ লগতে কেইবাটাও গৃহ বিধ্বস্ত কৰে। ফলত শ শ লোকে পশুধনৰ সৈতে ওখ ঠাইত আশ্রয় লৈছে। ইপিনে, সৃজনগ্রাম অঞ্চলৰ সিদলসতী-ৰজাখুলি মথাউৰিটোৰ আই নৈৰ বাঢ়নী পালীৰ ধলে ২ নং বৃদ্ধবাসী অংশৰ প্রায় আধা কিলোমিটাৰ খহাই নিয়াত বৃদ্ধবাসী, চুকানীস, পলাশগুৰি, চাৰিপনীয়া, সোনাখুলী, মাজপাৰাৰ উপৰি ইতিমধ্যে টেণ্টনপুৰ, ভূঞাপাৰা, ৰাহীবাৰী, হালধিবাৰী, কাছাৰী পেটা, ১ নং চিলাপাৰ, কছাৰী পেটা, প্রথম দ্বিতীয় আৰু তৃতীয় খণ্ড বনৰ কবলত পৰাত কেইবা শতাধিক পৰিয়াল মথাউৰি কিম্বা বিদ্যালয় গৃহত আশ্ৰয় লৈছে। তদুপৰি নৈখনে লেংটিছিঙাৰ ভুমেৰগুৰীত থকাৰিং বান্ধটো বিধ্বস্ত কৰিবলৈ লোৱাৰ লগতে সন্তোষপুৰ, ৰাঙাপানী, ডুমেৰগুৰী, ঘোৰামৰা আদি অঞ্চলতো বানে তাণ্ডৱ চলাই বহু লোকক গৃহহীন কৰাৰ লগতে লেংটিছিঙাত থকা কাঠৰ দলংখন উটুৱাই নিয়াত যাতায়াত বিল্পিত হৈছে। তেনেদৰে যোগীঘোপা অঞ্চলৰ খেলুৱাপাৰা, গাছপাবা, সুতিবমুখ, ঔডুবি আদি এলেকাত চম্পানৈয়ে মালেগড় পঞ্চায়তৰ ৬নং চৰত ব্ৰহ্মপুত্র নৈৰ খহনীয়াই অব্যাহত ৰখাত কেইবাটাও পৰিয়াল গৃহহীন হৈছে।
খাদ্য সংকটত বানাক্রান্ত : বৰপেটা জিলা জনীয়া বিধানসভা সমষ্টিৰ অন্তর্গত ছনপুৰা গাঁৱৰ ৮টা পৰিয়াল বন আৰু খহনীয়াত উছন যোৱাৰ উপৰি ভালেকেইখন গাঁও বানাক্রান্ত হৈ তীব্র খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে। বানাক্রান্ত এলেকা পৰিদৰ্শণ কৰি পোৱা তথ্য অনুসৰি বেঁকী নদীৰ বাঢ়নী পানী আৰু খহনীয়াৰ ফলত ইতিমধ্যে ছনপুৰা গাৱৰ নওসাদ আলী, হাকিম আলী, সামেদ আলী, জুৰাণ আলী, তাৰিফ হুছেইন, আব্দুল মজিদ, ছবুব উদ্দিন আৰু নুৰ ইছলামৰ ঘৰ-বাৰী উছন গৈছে। তদুপৰি বানৰ কবলত পৰি ডাউকমাৰী, সুথিৰপথাৰ, খাৰবল্লী, চানপুৰ, কালামপুৰ, ছনপুৰা, কাদং চৰ, সোণাপুৰ, ৰুভী, গুবালা, আলিপুৰ আদি সম্পূর্ণ ডুব যোৱাত তীব্র খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে৷ আনহাতে, বেঁকীৰ পানী ক্রমান্বয়ে বৃদ্ধি পোৱাৰ ফলত জনীয়া, বাংলীপাৰা, সালেকুৰা, মহম্মদপুৰ, গাগলমাৰী, ছাপৰা, টাপাজুলী আদি ২০/২৫খন গাও প্লাবিত হৈছে। অথচ জিলা প্রশাসনৰ কোনো লোক সাহায্য দূৰৰে কথা পৰিস্থিতিৰ বুজ ল'বলৈয়ো অহা নাই। স্থানীয় বিধায়ক আব্দুল খালেকে বানপীড়িত লোকৰ বাবে কি ভূমিকা লয় সেয়া সময়ে ক’ব ।
হাতীঘুলি খনামুখৰ বান পৰিস্থিতিৰ অধিক অবনতি : শিৱসাগৰ জিলাৰ জকাইচুক মৌজাৰ অন্তর্গত হাতীঘুলি আৰু খনামুখ গাঁও পঞ্চায়তৰ অধীনৰ প্রায় ২৫খন গাও বছৰটোৰ তৃতীয়টো সংহাৰী বানৰ কবলত পৰিছে। হাতীখুলি, প্রগতি, চাবুক ধৰা, ১নং কলিয়ৰী, ২নং কলিয়ৰী, বৰহোলা, বৰভেটা, নচাৰিঙীয়া, শিলপুখুৰী, খোলাগ্রেজিং, গহৰাগুৰি, খনামুখ, ন-পাম, ডিমৰুগুৰি, বোকাজান, মোকালনি আদি গাঁৱত বানে সম্পূৰ্ণৰূপে কঠিয়া, ৰোবামটি হানি কৰাৰ পিছত আজি প্রায়বিলাক ঘৰৰ ভিতৰত পানী সোমায়। কালি ৰাজহ চক্র বিষয়া আৰু স্থানীয় বিধায়কৰ প্রতিনিধিয়ে অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ দুখ-দুৰ্গতিৰ বুজ লয়। ইতিমধ্যে উক্ত অঞ্চলকেইটাত পশুখাদ্যৰ তীব্র নাটনিয়ে দেখা দিছে। এনে প্রেক্ষাপটত স্থানীয় ৰাইজে প্রশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে বিশেষ সহায় পোৱা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। মাত্র জলসম্পদ বিভাগৰ কর্মকর্তাসকলে মথাউৰিত ৰাইজৰ লগত একলগ হৈ কাম কৰি আছে। বর্তমান কৃষি বিভাগ আৰু স্বাস্থ্য বিভাগৰ বিশেষ প্রয়োজন আহি পৰিছে যদিও বাতৰি লিখাৰ পৰলৈকে কোনো কর্মকর্তা বানাক্রান্ত অঞ্চলত উপস্থিত হোৱা নাই।
কলগাছিয়াত অপৰিৱর্তিত বান পৰিস্থিতি, ৭০ খন গাওঁ জলমগ্ন : বৰপেটা জিলাৰ কলগছিয়া ৰাজহ চক্রৰ অন্তর্গত এলেকাত এতিয়াও অপৰিৱতিত হৈ আছে বান পৰিস্থিতি। ইতিমধ্যে বেঁকী-মানাহ নৈৰ পানী পিদ সীমাৰ ওপৰেৰে ববলৈ আৰম্ভ ৭০ খন ৰাজহ চক্র প্লারিত হোৱাৰ বাতৰি পোৱা গৈছে যদিও এতিয়ালৈকে চৰকাৰ বাবে বৰপেটা জিলা প্রশাসনে সাহার্যৰ কোনো ব্যবস্থা গ্রহণ কৰা নাই। বেঁকী নৈ বা মানাহ নৈৰ বিভিন্ন চৰ এলেকাসমূহত বিগত এসপ্তাহ ধৰি জলবন্দী হৈ আছে। সম্প্রতি এই বনাক্রান্ত লোক সকলৰ মাজত খাদ্য সংকট দেখা দিছে।
যোৰহাট-মাজুলীত প্লাবিত ১৮২খন গাঁও : সমগ্ৰ ৰাজ্যৰ নামনি, উজনিৰ লুইতৰ বলিয়া বানে তাণ্ডর লীলা চলোৱাৰ সমান্তৰালত যোৰহাট আৰু মাজুলীত ব্ৰহ্মপুত্ৰৰ বাবে বিধ্বংসীৰূপ লৈ এফালৰ পৰা ধৰ-দুৱাৰ গড়কাপ্টানী পথ, স্কুলগৃহ, পশুধন আদিসকলে উটুৱাই নিয়াৰ লগতে শ শ কৃষি ভূমিত বাবে তছনছ কৰি পেলাইছে সমগ্র যোৰহাট জিলাতেই। জিলাখনৰ ব্ৰহ্মপুত্ৰৰ ৬ নং স্পাৰ, ললিতিমুখ, বৰমথাউৰিৰ লগতে সত্ৰনগৰী মাজুলীতো ব্ৰহ্মপুত্র খহনীয়াই ভয়াবহ ৰূপ লৈছে। টিয়ক অঞ্চলতো জাজী আৰু ব্ৰহ্মপুত্র প্রলয়ংকাৰী বানে জাঁজী হাতীশাল সংযোগী প্লেটফৰ্ম উটুৱাইনিয়াৰ লগতে বিস্তৃর্ণ অংশ প্লাবিত কৰি পেলাইছে। আনহাতেদি জলসম্পদ বিভাগৰ সূত্র অনুসৰি মহাবাহু ব্ৰহ্মপুত্রই বিপদসীমা অতিক্রম কৰি ৮৬.৭৯ ছেঃমিঃ ওপৰেদি বৈ থকা জিলাখনলৈ অধিক ভয়াবহ বনৰ সংকট নামি আহিছে। মাজুলীত ১৩৬ খনকৈ গাঁও, ৫২০০ হেক্টৰ কৃষিভূমি বাবে বুৰাই পেলাইছে। আনহাতে মাজুলী ৰক্ষাকৱছ হালধিবাৰী বেচামৰা’ বান্ধটোলৈ ভয়াবহ সংকট নামি আহিছে। এতিয়ালৈকে সত্ৰনগৰীখনত ৬১,১৩০ গৰাকী যোৰহাট পশ্চিম ৰাজহ চক্ৰত ৩৭২০০ গৰাকী, পূব ৰাজহ চক্ৰত ৫৪৪৫ গৰাকী, টিয়কত ৬৫৬৯ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে।
ডবকাত দুটাকৈ হৰিণা পোৱালী উদ্ধাৰ : আজি পুৱাৰ ভাগত ডবকাত দুটাকৈ হৰিণা পোৱালী উদ্ধাৰ হয়। ৰাইজে দুয়োটা হৰিণা পোৱালী উদ্ধাৰ কৰি ডবকা বনবিভাগক চমজাই দিয়াত বন বিভাগে হৰিণা পোৱালী দুটাক ডবকা বনাঞ্চলৰ গভীৰ অৰণ্যত এৰি দিয়ে।
বিশ্বনাথ পানপুৰ মথাউৰিলৈ অশনি সংকেত : বিশ্বনাথ পানপুৰ মথাউৰিলৈ ব্রহ্মপুত্ৰই কঢ়িয়াই আনিছে অশনি সংকেত। ব্ৰহ্মপুত্ৰ পানী বিপদ সীমা অতিক্রম কৰিছে। বিশ্বনাথ পানপুৰ মথাউৰিটো চতিয়া বিশ্বনাথ, জামুগুৰিহাটৰ ৰক্ষা করচ। এই মথাউৰিটো ব্ৰহ্মপুত্ৰৰ পানীয়ে তীব্র গেত কোৱাই আছে। মথাউৰিটো ঠায়ে ঠায়ে পানী নিগৰাইছে।
শিঙৰী চিতলমাৰীত : ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তর্গত শিঙৰী চিতলমাৰীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰিছে। যোবা কেইদিন ধৰি নেৰা-নেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নৈ ফেনে ফুটুকাৰে বাঢ়ি অহাত শিঙৰী চিতলমাৰী গাঁৱত খহনীয়াৰ সৃষ্টি কৰিছে। চিতলমাৰী গাৱৰ পূব দিশে অবিৰাম গতিত খহনীয়া অব্যাহত আছে। ইপিনে চিতলমাৰী গাৱৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাই গঞাৰ ঘৰবাৰী বুৰাই পেলাইছে।
গৌৰীপুৰৰ বহু অঞ্চল বানৰ কবলত : ধুবুৰী জিলাৰ গৌৰীপুৰ বহু অঞ্চল গদাধৰ নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। গৌৰীপুৰ গদাধৰ নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে গৌৰীপুৰৰ গেৰামাৰী, কলাবাৰী, টিয়ামাৰী, মাজেৰ চৰ, বেগুনতলী তাঙিৰচৰ, ঘোৰামৰা আদি অঞ্চল পানীত বুৰ গৈ আছে।
গোৱালপাৰাত প্লাৱন : গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্রব শতাধিক গাও ব্রহ্মপুত্ৰৰ বাঢ়নী পানীত ডব যোৱাত বিপর্যস্ত হৈছে জনজীবন। প্রায় কুৰি দিনৰ পৰা হৈ থকা নেৰনেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত নৈপৰীয়া গাঁওসমূহ বানপানীত বুৰ গৈছে।
(ফটো উত্স : ইন্টাৰনেট)
facebook
twitter
google+
fb share