সর্বানন্দ সোণোৱাল বিশ্বাসঘাতক : অখিল গগৈ

গুৱাহাটী, ১৪ জুলাই ২০১৬ :

অসমৰ তৈলক্ষেত্র নিলামৰ বিৰোধিতাৰে গুৱাহাটীত কৃষক মুক্তি সংগ্রাম সমিতিয়ে আজি আৰম্ভ কৰে ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী। কাইলৈ দিনৰ ১২ বজালৈ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত চলিবলগীয়া অনশন কাৰ্যসূচীৰ অংশস্বৰূপে সংগঠনটোৰ কর্মকর্তাসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি। আজি দিনৰ বাৰ বজাৰ পৰা আৰম্ভ হোৱা ২৪ ঘণ্টীয়া পৰিস্থিতি উত্তপ্ত কৰি তোলে। সমান্তৰালভাৱে অসমৰ তৈলক্ষেত্র পুঁজিপতিৰ হাতত তৈল সম্পদৰ অধিকাৰ অৰ্পণ কৰিব দিয়া নহ’ব’, ‘দেশৰ তৈল সম্পদ কোম্পানীক গতাই দিয়া মোডী চৰকাৰ গ’ বেক, তৈলক্ষেত্র নিলামত সহযোগিতা কৰা সর্বানন্দ সোণোৱাল হুচিয়াৰ আদি শ্ল’গানেৰে তীব্র প্রতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ প্রতিবাদকাৰীসকলে। লগতে যিকোনো মূল্যৰ বিনিময়ত তৈলক্ষেত্র পুঁজিপতিৰ হাতত অৰ্পণ কৰিবলৈ দিয়া নহ’ব বুলি সংগঠনটোৰ ফালৰ পৰা সকীয়াই দিয়া হয়। তদুপৰি কেন্দ্ৰৰ নৰেন্দ্র মোড়ী চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰক জনবিৰোধী, দেশবিৰোধী তথা অসমবিৰোধী সিদ্ধান্ত প্রত্যাহাৰৰ বাবে দাবী জনায়। গণ মুক্তি সংগ্রামৰ আহায়ক তথা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্ট অখিল গগৈ, কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, যুটীয়া সাধাৰণ সম্পাদক অনিল বড়োৰ নেতৃত্বত সংগঠনটােৰ তিনি শতাধিক কর্মীয়ে অনশনৰ কাৰ্যসূচীত অংশগ্রহণ কৰে। অনশন কাৰ্যসূচীত অংশ লৈ কৃষক নেতা অখিল গগৈয়ে তৈলক্ষেত্র নিলাম সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰে।
লগতে আজিৰে পৰা আৰম্ভ কৰে। ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ তৈলক্ষেত্র নিলাম প্রক্রিয়াত অংশগ্রহণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় অখিল গগৈয়ে। তেওঁ হুংকাৰ দিয়ে যে তৈলক্ষেত্র খান্দিবলৈ অহা কোম্পানীক অসমৰ গাঁৱত সোমোৱাত বাধা দিয়া হ’ব। সেয়ে স্বেচ্ছাই নিলামৰ প্রক্রিয়াৰ পৰা আঁতৰি যোৱা উচিত বুলি তেওঁ সকীয়াই দিয়ে। কিয়নো নিলামত তৈলক্ষেত্র লাভ কৰিলেও কোম্পানীসমূহে তেল খনন কৰিব নোৱাৰিব। কিয়নো ব্যক্তিগত খণ্ডৰ কোম্পানীক অসমৰ তৈলক্ষেত্ৰৰ পৰা তেল খনন কৰিবলৈ কেন্দ্রীয় চৰকাৰে অনুজ্ঞা দিলেই নহ'ব, অসমবাসীয়েহে সন্মতি দিব লাগিব। কিন্তু এই সন্মতি কোম্পানীয়ে লাভ নকৰে, ওলোটাই কোম্পানীসমূহে সন্মুখীন হ’ব লাগিব তীব্র প্রত্যাহ্বানৰ। তৈলক্ষেত্ৰসমূহত গঢ়ি তোলা হ’ব প্রতিৰোধ সংগ্রাম। অখিল গগৈয়ে তৈলক্ষেত্র নিলাম প্রক্রিয়াক তীব্র সমালোচনা কৰি কয় যে কোম্পানীৰ হাতত তুলি দিব বিচৰা হৈছে। অসমৰ তৈল সম্পদৰ পৰা লাভৱান হ’ব লাগে অসমবাসী, তাৰ বিপৰীতে এতিয়া লাভৱান হ’ব কেইজনমান পুঁজিপতিহে।

হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। অসমবাসীৰ দুৰ্ভাগ্য যে জাতি-মাটিভেটিৰ প্রতিশ্রুতি দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনেও অসমৰ তৈলক্ষেত্ৰৰ নিলামৰ প্রতি পূর্ণ সমর্থন আগবঢ়ালে। তেজ দিম তেল নিদিওঁ বুলি অসমৰ সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ বিচাৰি আন্দোলন কৰা সর্বানন্দ সোণোৱালে ৰাজ্যবাসীক চৰম প্রতাৰণা কৰিলে। কৃষক নেতাজনৰ ভাষাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল অসমীয়া জাতিৰ এজন বিশ্বাসঘাতক ব্যক্তি। ইফালে নিলাম কৰিবলগীয়া তৈ কৈ চৰকাৰে ৰাজ্যবাসীক চৰম আভুৱা ভাৰিছে গগৈয়ে। এই সন্দৰ্ভত তথ্য দাঙি ধৰি তেওঁ কয় যে স্বয়ং পেট্রলিয়াম মন্ত্র্যালয়ৰ তথ্য অনুসৰি নিলাম কৰা ৬৭ খন তৈলক্ষেত্ৰত ৮৬.৩ নিযুত মেট্রিক টন খাৰুৱা তেল মজুত আছে। অইল ইণ্ডিয়া লিমিটেডৰ যোৱা দহ বছৰৰ বছৰি গড় উত্পাদন ৩.৮৩ নিযুত মেট্রিক টন। অর্থাত্ নিলাম কৰিব খোজা ৬৭ খন তৈলক্ষেত্ৰৰ তেলেৰে অইল ইণ্ডিয়াই ২২ বছৰ ছমাহ চলিব পাৰিলেহেতেন। নিলাম কৰিব খোজা অসমৰ তেৰখন তৈলক্ষেত্ৰত মজুত আছে ২১.৮ নিযুত মেট্রিক টন। এই তেৰখন পৰিত্যক্ত আৰু ক্ষুদ্র তৈলক্ষেত্ৰৰ তেলেৰেই অইল ইণ্ডিয়াই প্রায় সাত বছৰ চলি থাকিব পাৰে। এই তথ্যই প্রমাণ কৰি দিয়ে যে নিলাম কৰিব খোজা তৈলক্ষেত্রসমূহ পৰিত্যক্ত আৰু ক্ষুদ্র বুলি ভুৱা প্রচাৰ চলোৱা হৈছে। পুঁজিপতিলৈ মোডী চৰকাৰৰ ইমানেই দৰদ যে তথাকথিত পৰিত্যক্ত আৰু ক্ষুদ্র কিন্তু প্রকৃতাৰ্থত প্রচুৰ সম্ভাৱনাপূর্ণ তৈলক্ষেত্রসমূহ হস্তান্তৰতেই ক্ষান্ত নাথাকি লগত আগবঢ়াইছে অন্য প্রচুৰ সা-সুবিধা। ইয়াৰ ভিতৰত চৰকাৰক দিবলগীয়া ‘চেচ এই কোম্পানীসমূহে দিব নালাগে। অইল ইণ্ডিয়াই ২০১৪-১৫ বৰ্ষত ৩.৪৪ নিযুত মেট্রিক টন খাৰুৱা তেল উত্পাদন কৰোতে চৰকাৰক ১৫৩১.৩৬ কোটি টকা ‘চেচ’ দিছিল। অসমৰ তেৰখন তৈলক্ষেত্ৰত মজুত থকা ২১.৮০ নিযুত মেট্রিক টনৰ বাবে দিবলগীয়া প্রায় দহ হেজাৰ কোটি টকা ‘চেচ’ৰ পৰা ৰেহাই দিব বিচৰা হৈছে। ইয়াৰ উপৰি এশ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগৰ বাট মুকলি ৰখা হৈছে। অর্থাত্ সকলো তৈলক্ষেত্রই বিদেশী কোম্পানীৰ হাতলৈ গুচি যোৱাৰ সম্ভাৱনা আছে। কিন্তু ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান অইল ইণ্ডিয়া, অ’ এন জি চি আদিক কোনো অগ্রাধিকাৰ দিয়া হোৱা নাই। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দুখনৰ ব্যক্তিগতকৰণৰ প্রবক্তাসকলে নিয়োগৰ সম্ভাৱনা বৃদ্ধি পাব বুলি, দক্ষতা বৃদ্ধি পাব বুলি প্রচাৰ চলাই তৈলক্ষেত্র নিলামবিৰোধী আন্দোলনক নস্যাত্ কৰিব খোজা কার্যকো তীব্র সমালোচনা কৰে কৃষক নেতাগৰাকীয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment