
ভাৰতত ( বিশেষ কৈ অসমত)মুছলমান হৈ জন্ম লোৱাটো যেন এটা বিৰাট অপৰাধ ৷ এই জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰি সকলোৱে বেছ আমেজ পায় ৷ প্ৰকৃতিৰ নিদাৰুণ যন্ত্ৰণা সহ্য কৰি হাড়ক মাটি কৰি জীৱন নিৰ্বাহ কৰা এওঁলোক যেন মানুহ নহয় অন্য গ্ৰহৰ বীভত্স ৰূপৰ ৰাজহাড়হীন, তেজহীন, মজ্জাহীন, মগজুহীন জন্তুহে ৷
ইংৰাজৰ দৰে দমন নীতি অহৰহ চলাই গৈছে দেশীয় বগা বণিকে ৷ সকলোৱে ভৰিৰ ওপৰত ভৰি তুলি নচোৱাই এই ইতৰ শ্ৰেণীৰ ওপৰত বীৰত্ব দেখুৱাই নায়ক ও দেশপ্ৰেমীক সাজিছে ৷ নিৰ্বাচনত উন্নয়নৰ শ্লো গানৰ প্ৰয়োজন নাই মাথো বাংলাদেশীয়ে অসমখন বেদখল কৰিলে, গিলি পেলালে বুলি কৈ দিলেই হ'ল - "আহ ঐ আহ! ওলাই আহ! খেদ ঐ খেদ বাংলাদেশী খেদ ৷" কিযে ভয়ংকৰ মন্ত্ৰ ৷ এই সহজ সৰল জাতিটো ঘাত-মাউৰা ৷ কোনোবাই অলপ সহানুভূতি দেখুৱালে তেওঁলোককে মন প্ৰাণ দি বিশ্বাস কৰে যাৰ বাবেই হয়তো অসমত কংগ্ৰেছে অতোদিন ক্ষমতাৰ বাঘজৰী হাতত ৰাখিব পাৰিলে ৷ কিন্তু IMDT আইনখন বাতিল হোৱাৰ পিছত AIUDF দলৰ জন্ম হ'ল সংখ্যালঘুৰ ত্ৰাণকৰ্তা (?) ৰূপে ৷ কিন্তু সংখ্যালঘুক বন্ধকত থৈ বহু নেতা মুকলি বজাৰত নিলাম( বিক্ৰি ) হ'ল ৷ শিক্ষাৰ অভাৱত 12 বছৰতে বিয়া হৈ এই জাতিটোৰ ছোৱালীবোৰ 30 বছৰতে আইতাক (নানী,দাদী) হ'ল ৷ সকলো বুদ্ধিজীৱীয়ে মাথো এই জাতিটোক গোৱাল গালি দি গ'ল ৷
কোনেও নকয় শিক্ষা-স্বাস্থ্য-অৰ্থনৈতিক-ৰাজনৈতিক অধিকাৰৰ কথা, নকয় সমস্যা সমাধানৰ কথা ৷ মাথো অপবাদ আৰু অপবাদ !
এই জাতিটোৰ যোগ্যতা থকাৰ পিছতো 3% তকৈয়ো কম চাকৰিয়াল ৷ মুছলিম অঞ্চলত সমূহতো অমুছলিম চাকৰিয়ালেৰে ভৰপূৰ ৷ 100 টকাৰ চৰকাৰী আঁচনিৰ বাবেও দিব লগা হয় ভেটি ৷
নামত যদি "মহম্মদ" শব্দৰ গোন্ধ থাকে তেতিয়া হ'লে আৰম্ভ হয় খুজৱতি ৷ হিমন্ত বিশ্ব শৰ্মা যেতিয়া সাম্প্ৰদায়িক দল বিজেপি লৈ গ'ল ৷ তেতিয়া এই জাতিটোৱে মনতে ভাৱিছিল যে অসম বিজেপিৰ দৃষ্টিয়ে নতুন মুৰ ল'ব , সাম্প্ৰদায়িক দলৰ ভাৱ ভঙ্গী পৰিৱৰ্তন হ'ব মুছলমানক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব কিন্তু আৰ এছ এছ ভক্ত, আলফা নেতা, ছাত্ৰ নেতা, কংগ্ৰেছ নেতাজনৰ প্ৰকৃত ৰূপ ৰাইজৰ আগত ভয়ংকৰ ৰূপে প্ৰকাশ পালে ৷ সাম্ৰাজ্যবাদী দলৰ সৈতে বিলীন হৈ দানৱৰ ভাও ল'লে ৷ লাচিত বৰুৱা,বাবা চংকৰদেউ, চুকাফাই 17 বাৰ মোগলক পৰস্ত কৰিছিল আদি কলংকিত ভাষণেৰে অসমৰ ইতিহাসক উপলুঙা কৰা সকলৰ ভৰি চুই আশীৰ্বাদ লৈ ক্ষমতা লাভৰ স্বপ্ন ৷ য'তে ত'তে কৈ ফুৰিছে ধুবুৰীৰ পৰা নগাওঁ, নগাওঁৰ পৰা কাজিৰঙা লৈ বাংলাদেশীৰ দখলত ৷ 2016 ৰ বিধান সভা নিৰ্বাচন শৰাইঘাটৰ শেষ ৰণ ৷ বদৰুদ্দিন আজমলক বিধান সভাৰ আশে পাশে আহিব নিদিয়ে ৷ অসমখন বাংলাদেশী মুক্ত কৰিব লগতে 20 লাখ হিন্দু বাংলাদেশী আমদানি কৰিব ৷ ইয়াৰ পৰা বুজা যায় যে আচলতে বিজেপি দলে বাংলাদেশী মুক্ত অসম বিচৰা নাই , বিচাৰিছে সহজ সৰল দুৰ্বল মুছলমান মুক্ত অসম ৷ স্বাধীনতাৰ পিছৰে পৰা এটা পিছত এটা কৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাই মুছলিম সকলক কুকুৰ-মেকুৰীৰ দৰে হত্যা কৰিছে ,কিন্তু নাই বিচাৰ ৷ মাদ্ৰাছা সমূহ সন্ত্ৰাসবাদীৰ ঘাটি, মুছলিম নিৰীহ যুবকক সন্ত্ৰাসবাদী সজাই অযথা সাৰা-শাস্তি কৰি জীৱন ধংস কৰি আমোদ পোৱা সকললৈ প্ৰশ্ন: মুছলমানে অসমত কেইটা বোমা ফুটাইছে ? কেইজনৰ প্ৰাণ কাঢ়িছে? আলফা ,এন ডি এফ বি ৰ কথা পাহৰি গ'ল কিয়? কাৰণ তেওঁলোক মুছলিম নহয় ৷ তেজস্বী নায়ক - মহানায়ক- বীৰ- মহাবীৰ সকলক এটাই আনুৰোধ বিভাজনৰ নীতি পৰিসাৰ কৰি মানৱীয় দৃষ্টিৰে চাই এই ইতৰ- দুৰ্বল জাতিটোৰ ভুল সমূহ আঁতৰাই হাতত ধৰি আপোনালোকৰ পিছে পিছে লৈ যাওক দেখিব অসমখন বিশ্ব দৰবাৰত নক্ষত্ৰৰ দৰে জিলিকি উঠিব ৷
facebook
twitter
google+
fb share