নির্বাচনী ৰাজনীতিৰ জৰিয়তে যুঁজিব আফম্পা’ৰ বিৰুদ্ধে
ৱেব ডেস্ক, ৯ আগষ্ট, ২০১৬ :

দেশ-বিদেশৰ বহু মানৱাধিকাৰ কৰ্মী, সাংবাদিক আৰু শুভাকাংক্ষীৰ উপস্থিতিত লৌহ মানৱী খ্যাত মণিপুৰৰ ইৰম শর্মিলাই আজি ইম্ফলৰ এখন আদালতৰ চৌহদত নিজৰ অনশন ভংগ কৰিলে। ইয়াৰ লগে লগে অন্ত পৰিল অভিলেখ সৃষ্টিকাৰী বিশ্বৰ সবাতোকৈ দীঘলীয়া অনশনৰ। ২০০০ চনত মণিপুৰত আছাম ৰাইফলছ বাহিনীয়ে আইনৰ
সুযোগ লৈ দহজন নিৰীহক হত্যা কৰা ঘটনা সংঘটিত হোৱাৰ পিচতে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) প্রত্যাহাৰৰ দাবীত ১৬ বছৰৰ পূর্বে অনশন আৰম্ভ কৰি আজিপৰ্যন্ত এই কাৰ্যসূচী অব্যাহত ৰাখিছিল। আহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা শৰ্মিলাক চিকিৎসালয়ত বলপূর্বক ভর্তি কৰাই নাকত পাইপ সুমুৱাই প্রশাসনে আহাৰ যোগান ধৰিছিল। এইদৰেই ষোল্ল বছৰ পাৰ কৰিছিল শর্মিলাই। আজি অনশন ভংগ কৰাৰ মুহুর্তত শোক আৰু আৱেগত ভাগি পৰে শৰ্মিলা। মই এই মুহুৰ্তটােক কেতিয়াও পাহৰিব নোৱাৰিম।— আৱেগিক শর্মিলাই কয়। লগতে তেওঁ কয়—যিহেতু মোক মণিপুৰৰ লৌহ মানৱী বুলি কোৱা হৈছে সেয়ে মই ৰাজনীতিত যোগ দিব বিচাৰো আৰু এই নামটোৰেই মই জীয়াই থাকিব বিচাৰো। মই মণিপুৰৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰো আৰু ৰাইজে মোৰ ওপৰত বিশ্বাস ৰখাটো মই বিচাৰো’। উল্লেখনীয় যে শর্মিলাৰ আমৰণ অনশনক আত্মহত্যাৰ চেষ্টা বুলি আৰক্ষীয়ে গ্রেপ্তাৰ কৰি চিকিৎসালয়তে বন্দী কৰি ৰাখিছিল।

যোৱা মাহত আদালতত হাজিৰ কৰোৱাৰ সময়ত ‘লৌহ মানৱীগৰাকীয়ে কৈছিল যে তেওঁ অনশন ত্যাগ কৰি ৰাজনীতিত প্রৱেশ কৰিব আৰু বিয়াত সোমাবলৈ মন থকা বুলিও প্রকাশ কৰিছিল। ইৰম শর্মিলাই আজি আদালতত হাজিৰ হৈ মুক্তিলাভ কৰাৰ পিচতে হাতত এচামুচ মৌ লৈ অনশন ভংগ কৰে। কিন্তু তেওঁৰ এই সিদ্ধান্তৰ বাবে বহু লোক ক্ষুণ্ণ হৈ পৰিছে। একাংশ মহিলাই কন্দোনত ভাগি পৰে। এই নিপীড়নৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰাখিব। শৰ্মিলাই যি উদ্দেশ্যৰে বছৰৰ ক্ষোভ প্রকাশ কৰে। কিন্তু শৰ্মিলাই কয় যে তেওঁ ঈশ্বৰ নহয়, তেওঁ মনুষ্য আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী হৈ ইতিবাচক ৰাজনীতি কৰিব বিচাৰে। তেওঁ আফস্পাৰ বিৰুদ্ধে ৰাজনীতিৰ জৰিয়তে যুঁজ দিব বুলি কয়। তেওঁ মণিপুৰৰ মুখ্যমন্ত্রী অক্ৰাম ইববি সিঙৰ সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বিচাৰে আৰু হ’ব বিচাৰে মণিপুৰৰ মুখ্যমন্ত্রী। বছৰৰ পিচত বছৰ ধৰি অনশন কৰিও উদ্দেশ্য পূৰণৰ কোনো আশা নেদেখি শৰ্মিলাই ৰাজনীতিৰ মাজেৰে কুখ্যাত আফস্পাৰ বিৰুদ্ধে যুঁজ দিব বুলি কয়। ১৯৮০ চনৰ পৰা মণিপুৰত বলৱৎ হৈ অহা আফস্পা দেশৰ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বলৱৎ হৈ আছে।
এই ক'লা আইনৰ সুযোগ লৈ আৰক্ষী, আছাম ৰাইফলছ আৰু সেনাবাহিনীয়ে বহু নিৰীহক হত্যা কৰিছে, দুষ্কার্যত লিপ্ত হৈছে আৰু বহু মহিলাক ধর্ষণ আৰু হত্যা কৰিছে। ১৯৭৯ চনৰ পৰা ২০১২ চনলৈকে মণিপুৰত বিচাৰবহির্ভূতভাৱে সশস্ত্র বাহিনীয়ে ১,৫২৮ জন লোকক হত্যা কৰিছে। এনে বাহিনীৰ নিয়োগ আৰু প্রতিশোধমূলক অভিযান নিষিদ্ধ কৰিছিল। স্মৰণীয় যে ২০০০ চনৰ ২ নৱেম্বৰত অসম ৰাইফলছে ইম্ফলৰ ওচৰত ১০ জন নিৰীহক অতি প্রতিশোধপৰায়ণভাৱে হত্যা কৰিছিল। এই ঘটনাৰ তিনি দিনৰ পিচতে ইৰম শর্মিলাই আফস্পা প্রত্যাহাৰৰ দাবীত আমৰণ অনশন আৰম্ভ কৰিছিল। কিন্তু আজি তেওঁৰ এই বিশ্ব অভিলেখ সৃষ্টিকাৰী সংগ্রামৰ কোনো সদুত্তৰ মন আছে বুলিও কৈছিল। আজি এই সম্পৰ্কীয় সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ এয়া স্বাভাৱিক বুলি কয়। গোৱাত থকা ডেছমণ্ড কুটিনহো নামৰ ব্ৰিটিছ নাগৰিক এজনৰ লগত শৰ্মিলাৰ দীর্ঘদিনীয়া প্রেমৰ সম্পর্ক আছে আৰু তেওঁৰ লগত চিঠিৰ আদান-প্রদান এতিয়াও চলি আছে। ডেছমণ্ডৰ লগতে শৰ্মিলাৰ বিয়াত সোমোৱাৰ মন। কিন্তু মণিপুৰৰ একাংশ লোকে ইয়াৰ বিৰোধিতা কৰিছে।
facebook
twitter
google+
fb share