By S.A. Ahmed :
যিসকল লোকক জিলা নিৰ্বাচনী বিষয়াই "D" ভোটাৰ বা সন্দেহজনক নাগৰিক হিচাপে চিহ্নিত কৰিছে বা সীমান্ত শাখাৰ আৰক্ষীয়ে বিদেশী নাগৰিক বুলি সন্দেহ কৰি বিদেশী ন্যায়াধিকৰণত গোচৰ তৰিছে সেই সকল লোকৰ বিচাৰ প্ৰক্ৰিয়াত মাননীয় বিদেশী ন্যায়াধিকৰণত দাখিল কৰিব লগীয়া নথি পত্ৰৰ তালিকা আৰু এই নথি সমূহ বাধ্যতামূলক ।

যিসকলে এতিয়াও বিদেশী ন্যায়াধিকৰণৰ পৰা কোনো জাননী পোৱা নাই তেওঁলোকে নিশ্চিত থাকক তেওঁলোকৰ নামত গোচৰ পঞ্জীয়ন হৈছে আৰু জাননী পোৱাটো সময়ৰ অপেক্ষাহে মাথোন । এটা গুৰুত্বপূৰ্ণ কথা হ'ল যিসকল লোকে বিদেশী ন্যায়াধিকৰণৰ পৰা জাননী লাভ কৰিছে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ অধিবক্তা বা আইনজীৱিৰ লগত যোগাযোগ কৰক । এটা কথা মনত ৰাখিব ন্যায়াধিকৰণৰ পৰা জাননী লাভ কৰাৰ পিছত কোনো কাৰণতে আপুনি ন্যায়াধিকৰণত অনুপস্থিত নাথাকিব ।এনে কৰিলে আপুনি বিদেশী বুলি ঘোষিত হব আৰু আপোনাৰ নতুন ঠিকনা হব ডিটেনচন কেম্প । তাৰোপৰি আপুনি জাননী পোৱাৰ পিছত বিদেশী ন্যায়াধিকৰণত এটা বা তাতকৈ অধিক তাৰিখ হাজিৰ হৈ আইনী যুজ আধাতে সামৰিলে আপুনিও বিদেশী বুলি ঘোষিত হব আৰু আপোনাৰো নতুন ঠিকনা হব ডিটেনচন কেম্প আৰু তাতে পাৰ কৰিব লাগিব জীৱনৰ বাকী কালচোৱা । কাৰণ ন্যায়াধিকৰণত হাজিৰ হৈ আইনী যুজ আধাতে সামৰি অবৈধ বিদেশী বুলি ঘোষিত হলে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় বা আমাৰ দেশৰ সৰ্ব্ব উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হলেও তাৰ পৰা সকাহ পোৱাৰ আশা ক্ষীণ । কথাখিনি সকলোৱে গুৰুত্ব সহকাৰে লব বুলি আশা কৰিলো ।
** ২০০৫ চনত যদি কোনো লোকৰ "D" হৈছে তেওঁলোকে ন্যায়াধিকৰণত দাখিল কৰিব লগীয়া নথি পত্ৰৰ বিৱৰণ **
১) ১৯৬৬ চনৰ বা তাৰ আগৰ ভোটাৰৰ তালিকাৰ প্ৰত্যায়িত নকল ( Certified Copy )
২) ১৯৭০ চনৰ ভোটাৰৰ তালিকাৰ প্ৰত্যায়িত নকল ( Certified Copy )
৩) ১৯৭৩ বা ১৯৭৫ বা ১৯৭৭ বা ১৯৭৯ চনৰ ভোটাৰৰ তালিকাৰ প্ৰত্যায়িত নকল (Certified Copy) বা Extract Copy ( গাঁৱত পোৱা সচৰাচৰ ভোটাৰৰ তালিকা ) । অৱশ্যে Extract Copy ৰ ক্ষেত্ৰত অধিষ্ঠাতা বিষয়া ( Presiding Officer ) ৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ Extract Copy গ্ৰহণ কৰিবনে নকৰে ।
৪) ১৯৮৫ বা ১৯৮৯ চনৰ ভোটাৰৰ তালিকাৰ প্ৰত্যায়িত নকল (Certified Copy) বা Extract Copy
৫) ১৯৯৭ চনৰ ভোটাৰৰ তালিকাৰ প্ৰত্যায়িত নকল বা Extract Copy ।
৬) ২০০৫ চনৰ "D" থকা ভোটাৰৰ তালিকাৰ Extract Copy ।
৭) গাঁও পঞ্চায়তৰ সম্পৰ্কৰ প্ৰমাণপত্ৰ
৮) গোচৰ হোৱা ব্যক্তিৰ পূৰ্বপুৰুষৰ মাটিৰ প্ৰমাণপত্ৰ বা মাটিৰ খাজনা আদায় দিয়া ৰচিদ ।
facebook
twitter
google+
fb share