প্রসংগ-বিশেষ ৰাজ্যৰ মৰ্যাদা, অসমবাসীক হিমন্ত বিশ্ব শৰ্মাৰ জীয়াফাঁকি : অখিল গগৈ



অসমত বিশেষ ৰাজ্যৰ মৰ্যাদা (Special Category State) বিষয়ত হোৱা বিতর্কত এটা অতি তৰল কথা প্রচাৰ কৰি থকা হৈছে। এনেকুৱা এটা প্রচাৰ কৰা হৈছে যে বিশেষ ৰাজ্যৰ মর্যাদা মানে কেৱল ৯০ঃ১০ অনুপাতত কেন্দ্ৰৰ পৰা ৰাজ্যলৈ ধনৰ আবণ্টন। আচলতে বিশেষ ৰাজ্যৰ মর্যাদা মানেনো কি ? কাক বিশেষ ৰাজ্যৰ মযাদা দিয়া হয় ? বিশেষ ৰাজ্যৰ মযাদাই এখন ৰাজ্যৰ বাবে কি কি সা-সুবিধা বা অধিকাৰ কঢ়িয়াই আনে? আমি এই প্রশ্নকেইটাৰ উত্তৰ পাওঁ লোকসভাত সংশ্লিষ্ট মন্ত্ৰীয়ে দিয়া বিৱৰণীৰ পৰা। ভাৰতৰ সংসদত এবাৰ বিশেষ ৰাজ্যৰ মযাদা সম্পর্কে প্রশ্ন উত্থাপন কৰিছিল ৰেণুকা বুট্টা আৰু ৰংগম্বামী ধ্রুৱনাৰায়ণে। ২০১৪ চনৰ ১১ জুলাই তাৰিখে ভাৰতৰ পৰিকল্পনা বিভাগৰ স্বতন্ত্র ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্রজিত্ সিঙে উত্তৰত কৈছে যে তলৰ বৈশিষ্ট্যসমূহ থকা ৰাজ্যবোৰক ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে (NDC) পৰিকল্পনা সাহায্যৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা প্রদান কৰিছেঃ ১) পাহাৰীয়া জটিল ভূখণ্ড, ২) নিম্ন জনসংখ্যাৰ ঘনত্ব বা /আৰু যথেষ্ট পৰিমাণৰ জনজাতি আধুষিত ৰাজ্য,৩) চুবুৰীয়া ৰাষ্ট্রৰ সৈতে সীমান্তৱৰ্তী স্থানত অৱস্থিত, ৪) অর্থনৈতিক আৰু আন্তঃগাথনিৰ অনগ্রসৰতা আৰু ৫) ৰাজ্যৰ অৰ্থনীতি যদি নিজৰ খৰচ যোগাৰৰ বাবে উপযুক্ত নহয়। এনেকুৱা বৈশিষ্ট্যৰ বাবে ভাৰতৰ অৰুণাচল প্রদেশ,অসম, হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড,ছিকিম,ত্ৰিপুৰা আৰু উত্তৰাখণ্ডক, মুঠ ১১ খনক, বিশেষ ৰাজ্যৰ মযাদা দিয়া হৈছে। দ্বিতীয় প্রশ্নটো সাংসদদ্বয়ে কৰিছিল এই বুলি যে বিশেষ ৰাজ্যৰ মযাদাপ্রাপ্ত ৰাজ্যক কেনেধৰণৰ সাহায্য (The nature of assistance) দিয়া হয়।
১) সাধাৰণ কেন্দ্রীয় সাহায্য (Normal Central Assistance) ৰ এটা বৃহত্ অংশ (৫৬.২৫ শতাংশ) এই ১১ খন ৰাজ্যৰ মাজত বিতৰণ কৰা হয় আৰু বাকী থকা অংশ (৪৩.৭৫ শতাংশ) সাধাৰণ ১৮ খন ৰাজ্যৰ মাজত দিয়া হয়।
২) কেৱল বিশেষ ৰাজ্যই বিশেষ পৰিকল্পনা সাহায্য বা Special Plan Assistance (প্রকল্পসমূহৰ বাবে) (৯০ শতাংশ অনুদান) আৰু বিশেষ কেন্দ্ৰীয় সাহায্য বা Special Central Assistance অনুদানসমূহ (আনটাইড) (১০০ শতাংশ অনুদান) । 
৩) বিশেষ শ্রেণীৰ ৰাজ্যৰ বাবে বৈদেশিক সাহায্যপ্রাপ্ত আঁচনিসমূহ (Externally Aided Projects, EAPs) Silo's ৯০ শতাংশ অনুদান হিচাপে আহে। 
৪) সাধাৰণতে কেন্দ্রীয় পৃষ্ঠপোষক আঁচনি (Centrally Sponsored Scheme) সমূহত বিশেষ ৰাজ্যসমূহৰ বাবে ৰাজ্যৰ অংশ কম, বিশেষকৈ উত্তৰ-পূবাঞ্চলৰ ৰাজ্যসমূহৰ বাবে, আন সাধাৰণ ৰাজ্যৰ তুলনাত।
ওপৰৰ আলোচনা পঢ়াৰ পাচত পাঠকসকলক নিশ্চয় ব্যাখ্যা কৰাৰ প্রয়োজন নাই যে বিশেষ শ্রেণীৰ ৰাজ্যৰ মযাদা মানে কেৱল কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিৰ ৯০ঃ১০ ৰ ধনৰ আবন্টন নহয়, বৰং ই চাৰিটা মূল সুবিধাৰ ৪ নম্বৰৰ সুবিধাহে ওপৰৰ ১,২ আৰু ৩ নম্বৰত প্রাপ্ত সুবিধাকেইটা অত্যন্ত গুৰুত্বপূর্ণ। অসমত কেৱল ৯০৪১০ ৰ ধন আবন্টনকে বিশেষ শ্রেণীৰ মযাদা বুলি প্রচাৰ কৰি জাতিটোৰ বাবে সুদূৰপ্ৰসাৰী ক্ষতি কৰিব খোজা হৈছে আৰু সেইবাবে আমি অতি গুৰুত্বপূর্ণ এই বিষয়টোলৈ বাৰম্বাৰ মাত মাতিবলৈ বাধ্য হৈছে।
অসম তথা আন ১০ খন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মযাদা কর্তন হ’ল কেতিয়া? কোনে কর্তন কৰিলে ? বিশেষ ৰাজ্যৰ মযাদা কৰ্তনৰ আধাৰশিলা স্থাপন কৰিলে চতুর্দশ বিত্ত আয়োগে। ভাৰতৰ সংবিধানৰ ২৮০ নং অনুচ্ছেদ অনুসৰি দেশৰ বিত্ত আয়োগ গঠন কৰা হয়। ৪ জন সদস্য আৰু ১ জন অধ্যক্ষক লৈ প্রতি পাঁচ বছৰৰ মূৰে মূৰে দেশৰ ৰাষ্ট্রপতিয়ে বিত্ত আয়োগ গঠন কৰে। সংবিধানৰ ২৮০ নং অনুচ্ছেদৰ ৩ (ক) ধাৰা অনুসৰি বিত্ত আয়োগে কেন্দ্রই সংগ্ৰহ কৰা কৰ কেন্দ্র আৰু ৰাজ্যবোৰৰ মাজত বিতৰণৰ বাবে আৰু ৰাজ্যবোৰৰ অংশৰ পৰিমাণ সম্পর্কেও SFIGIT (Recommendations) দিয়ে। সংবিধানে প্রদান কৰা এই ক্ষমতাৰ অধীনত চতুর্দশ বিত্ত আয়োগে যোৱা ২৪ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে তেওঁলোকৰ প্রতিবেদনৰ ১৭ নং পৃষ্ঠাত “সমমানৰ ভাৰসাম্য”(Horizontal Balance) শিতানত এই বুলি অনুমোদন দিয়ে : —“আমাৰ অৰ্হতা (norms) আৰু অনুমোদনসমূহ নিধাৰণৰ ক্ষেত্ৰত আমি বিশেষ আৰু সাধাৰণ শ্রেণীৰ ৰাজ্যৰ মাজত পার্থক্য ৰখা নাছিলো। আমি বিশ্বাস কৰো যে ৰাজ্যসমূহৰ প্ৰভাৱ ব্যয় অসমর্থতা আৰু ৰাজহ সামর্থ্যৰ ক্ষেত্ৰত যিদৰে কিছুমান নির্দিষ্ট উমৈহতীয়া উপাদান থাকে, সেইদৰে প্রত্যেকখন ৰাজ্যৰ নিজস্ব ধৰণৰ বিশেষ পৰিস্থিতিও থাকে।” সকলোৰে বিশেষ পৰিস্থিতি থাকে বাবে সকলো ৰাজ্যৰ প্রতি (বিশেষ মযাদা সম্পন্ন ৰাজ্যৰ প্রতিও) সমদৃষ্টি দিয়াৰ নীতি তেওঁলোকে গ্রহণ কৰে। অৰ্থাৎ, ধনী-দুখীয়া, অনুন্নত-উন্নত সকলো ৰাজ্যই সমান কৰৰ ভাগ পাব। বিশেষ ৰাজ্য বুলি বিশেষ সুবিধা লাভ নকৰিব। এই সিদ্ধান্তই আছিল দুখীয়া ৰাজ্যবোৰৰ বুকুত ডাঙৰ গোৰ। এনে বিশেষ ৰাজ্যবিৰোধী সিদ্ধান্তই সংশ্লিষ্ট ৰাজ্যসমূহত প্রতিবাদৰ জোৱাৰ তুলিলে। আন কথা বাদ দিলো, অসম বিধানসভাতে ইয়াৰ বিৰুদ্ধে সকলো দলৰ বিধায়কসকল একেলগ হ’ল, আনকি তেতিয়াৰ বিজেপিৰ বিধায়কসকলো। বিধানসভাত অসমৰ বিশেষ ৰাজ্যৰ মযাদা ঘুৰাই দিবৰ বাবে প্রস্তাৱ গ্ৰহণ কৰা হ’ল। বিধানসভাৰ পৰা সর্বদলীয় প্রতিনিধি দলে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ প্রস্তাৱ পঠিওৱা হ’ল, প্রধানমন্ত্ৰীয়ে তেওঁলোকক সাক্ষাৎ নিদিলে। ইয়াকে লৈ অসম গণ পৰিষদৰ তেতিয়াৰ বিধায়ক কেশৱ মহন্তই সংবাদ মাধ্যমৰ ওচৰত যথেষ্ট উচ্চ- বাচ্য কৰিছিল। এইবোৰ অসমৰ মানুহৰ চকুত ভাঁহি থকা কথা। এইখিনিতে ২০১৫ চনৰ শীতকালিন অধিবেশনত ৮ ডিচেম্বৰত লোৱা প্রস্তাৱটোৰ কিয়দংশ উদ্ধৃত কৰোঁ ... “গতিকে ভাৰতৰ মাননীয় প্রধান মন্ত্রী মহোদয় তথা বিত্তীয় মন্ত্রালয়ক অসমে পূর্বতে পাই থকা বিশেষ শ্রেণীৰ ৰাজ্যৰ মযাদা বাহাল ৰখাৰ লগতে পাই থকা অন্যান্য সুবিধাসমূহ, যেনে— নিয়মীয়া কেন্দ্রীয় সাহায্য (NCA), বিশেষ পৰিকল্পনা সাহায্য (SPA), অনিদ্ধাৰিত বিশেষ কেন্দ্রীয় সাহায্যসমূহ (United SCA) আগৰ দৰে বাহাল ৰাখিবলৈ আজিৰ সদনে সর্বসন্মতিক্রমে প্রস্তাৱ গ্ৰহণ কৰে।” প্রস্তাৱক আছিল শ্রীমতী অজন্তা নেওগ, মন্ত্রী, পৰিকল্পনা আৰু উন্নয়ন বিভাগ, অসম। সংশ্লিষ্ট ৰাজ্যবোৰৰ বিধানসভা আৰু বিধানসভাৰ বাহিৰত হোৱা এনে প্রতিবাদ, উত্তৰ-পূবাঞ্চলৰ ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীসকলৰ কেন্দ্রক সমূহীয়াভাৱে দিয়া হেঁচাৰ এনে প্রেক্ষাপটতে ৯ মার্চ, ২০১৫ তাৰিখে নিটি আয়োগে মধ্যপ্রদেশত বিজেপি দলৰ মুখ্যমন্ত্ৰীজনক আহ্বায়ক হিচাপে লৈ “কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিসমূহৰ যুক্তিযুক্ততা বিচাৰৰ বাবে মুখ্যমন্ত্ৰীসকলৰ উপগোট গঠন”ৰ বাবে জাননী জাৰি কৰে। সেই উপগোটে অক্টোৱৰ, ২০১৫ অত নিজৰ প্রতিবেদন দাখিল কৰে। সেই প্রতিবেদনৰ ১৩নং দফাত কোৱা হয় যে কেন্দ্রীয় বাজেটত কেন্দ্রীয় পৃষ্ঠপোষক আঁচনি (CSS) ক ৰাজ্যৰ পৰিকল্পনালৈ কেন্দ্রীয় সাহায্য (CASP) বুলি নামকৰণ কৰা হৈছে। তাৰে অতিৰিক্ত ব্যাখ্যা দিবলৈ গৈ পৃষ্ঠা নং ১ পৰা ২ ৰ ভিতৰত কোৱা হৈছে যে ৰাজ্যৰ পৰিকল্পনালৈ কেন্দ্রীয় সাহায্য (CASP)ই কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিৰ লগতে ব্লক গ্রান্টকো সামৰি লয়। ব্লক গ্রান্টৰ ভিতৰত পৰে নিয়মীয়া কেন্দ্রীয় সাহায্য (NCA), অতিৰিক্ত কেন্দ্রীয় সাহায্য (ACA), এককালিন অতিৰিক্ত কেন্দ্রীয় সাহায্য, বিশেষ কেন্দ্রীয় সাহায্য (ACA) আৰু বিশেষ পৰিকল্পনা সাহায্য (SPA)। এই ব্লক গ্রান্টসমূহ ২০১৫-১৬ ৰ কেন্দ্রীয় বাজেটৰ পৰা বন্ধ কৰা হয় আৰু ইয়াক বিত্ত আয়োগৰ অনুদানৰ অংশ হিচাপে আনটাইড পুঁজি হিচাপে ৰাজ্যবোৰৰ হাতলৈ অৰ্পণ কৰা হয় বুলি সেই অতিৰিক্ত টোকাটিত কোৱা হয়। আনহাতে মুখ্যমন্ত্ৰীৰ উপগোটৰ অনুমোদনসমূহৰ ক’তো ব্লক গ্রান্ট’ সমূহ কেন্দ্রীয় চৰকাৰে পুনৰ আৰম্ভ কৰাৰ কথা উল্লেখ নকৰিলে। অথাৎ, ব্লক গ্রান্টৰ অধীনৰ ৫ টা সাহায্য আঁচনি সম্পূর্ণ বন্ধ হৈ পৰিল। মুখ্যমন্ত্ৰীৰ উপগোটে অৱশ্যে কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিসমূহত ১০০ শতাংশ কেন্দ্ৰৰ অনুদান বা ৯০ঃ১০ অনুদানৰ বর্তমানৰ ব্যৱস্থাটোত অনুমোদন জনায়। “ অনুমোদন ৪ ঃপুজি আবণ্টনৰ ধৰণ” শিতানৰ (ঙ) নং অনুমোদনটো ইয়াত উদ্ধৃত কৰিলো যাতে সকলোৱে হৃদয়ঙ্গম কৰিব পাৰে—...” (ঙ) হিমালয়ান ৰাজ্যসমূহ আৰু উত্তৰ-পূবাঞ্চলৰ ৰাজ্যসমূহে বর্ণনা কৰিছে যে আনকি চলিত ব্যৱস্থাতেই তেওঁলোকৰ অংশটােৰ ব্যৱস্থা কৰাটাে কঠিন। ব্লক গ্রান্টসমূহ বন্ধ কৰাৰ কাৰণে এই কষ্ট অধিক বৃদ্ধি কৰিব আৰু গতিকে এখন আঁচনিৰ পুঁজি আবণ্টনৰ ধৰণ হয় কেন্দ্ৰৰ দ্বাৰা ১০০ শতাংশ দিব লাগে অথবা অন্ততঃপক্ষে চলিথকা ব্যৱস্থ (৯০ঃ১০)ইচলি থাকিবলৈ দিব লাগে” (পৃষ্ঠা নং ৩৬)। মুখ্যমন্ত্ৰীৰ উপগোটৰ এই প্রতিবেদনতে কোৱা হয় যে কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিৰ সংখ্যা ৬৬ খন হ’ব, তাৰ তালিকাও দাঙি ধৰা হয় ৪.১৪ নং দফাত (পৃষ্ঠা নং ৩০-৩২)। ইয়াৰে ৭ খন আঁচনিক অত্যাৱশ্যকীয় (Core) হিচাপে ঘোষণা কৰা হয়, আনবোৰক ঐচ্ছিক (Optional) বুলি কোৱা হয়। ইয়াৰে অত্যাৱশ্যকীয় আঁচনিসমূহত কেন্দ্ৰ আৰু সাধাৰণ ৰাজ্যৰ পুজি আবণ্টন হ'ব ৬০ঃ৪০, উত্তৰ-পূবাঞ্চল আৰু হিমালয়ান ৰাজ্যৰ বাবে ৯০ঃ১০ আৰু কেন্দ্রীয় শাসিত ৰাজ্যৰ বাবে ১০০ শতাংশ। আনহাতে ঐচ্ছিক আঁচনিবোৰত সাধাৰণ ৰাজ্যৰ বাবে ৫০ঃ৫০, উত্তৰ-পূবাঞ্চল আৰু হিমালয়ান ৰাজ্যৰ বাবে ৮০৪২০ আৰু কেন্দ্রীয় শাসিতৰ বাবে ১০০ শতাংশ। এইবুলিও অনুমোদন দিয়া হয় যে অত্যাৱশ্যকীয় আঁচনিসমূহত পূৰ্বৰ পুঁজি আবণ্টনৰ অনুপাতেই অব্যাহত থাকিব, অর্থাৎ, উঃ পূবাঞ্চল বা পূৰ্বৰ বিশেষ ৰাজ্যই যদি অত্যাৱশ্যকীয় আঁচনিত ১০০ শতাংশ কেন্দ্রীয় পুঁজি পাইছিল সেয়া অব্যাহত থাকিব। এয়াই হ’ল পুঁজি আবণ্টনৰ পৰিৱর্তন যাত্ৰাৰ সংশ্লিষ্ট ঘটনাপঞ্জীৰ সাৰমৰ্ম। এতিয়া আচল অৰ্থত অসমে হেৰুওৱা পুঁজিৰ হিচাপ লওঁ আহক। ২০১৩-১৪ বৰ্ষত অসমে বিশেষ পৰিকল্পনা সাহায্য (SPA, টাইড) লাভ কৰিছিল ৩২০ কোটি টকা, বিশেষ কেন্দ্রীয় সাহায্য (SCA, আনটাইড) পাইছিল ৭৩০ কোটি টকা, সাধাৰণ কেন্দ্রীয় সাহায্য (NCA) ৰ পুজি পাইছিল ৩০৩৬.৭২ কোটি টকা আৰু অতিৰিক্ত কেন্দ্রীয় সাহায্য (ACA) পাইছিল ৩৫৪০.৭২ কোটি টকা। এই আটাইবোৰ পুঁজি বিশেষ ৰাজ্যৰ মযাদা কৰ্তনৰ ফলত ২০১৫-১৬ বৰ্ষৰ পৰা অসমে হেৰুৱায়। এই প্রক্রিয়াত ২০১৫-১৬ বৰ্ষত অসমে সম্ভৱতঃ প্রায় দহহাজাৰ কোটি টকা মান হেৰুৱায়।
এতিয়া আহোঁ হিমন্ত বিশ্ব শমাৰ ভাওনাখনলৈ। ১৯ জুলাই দিনা বিধায়িকা অজন্তা নেওগে বিধানসভাত বিশেষ ৰাজ্যৰ মযাদা সম্পৰ্কীয় এলানি প্রশ্ন উত্থাপন কৰি ২০১৪ চনৰ পাছতো অসমে বিশেষ ৰাজ্যৰ মযাদা পাই আছে নে বুলি সুধিছিল। বিত্ত মন্ত্রী হিমন্ত বিশ্ব শমাই এই প্রশ্নলানিৰ উত্তৰত অসমে ২০১৪ চনৰ পাছতো বিশেষ ৰাজ্যৰ মযাদাই প্রদান কৰা সুবিধাবোৰ পাই আছে বুলি উল্লেখ কৰে আৰু অসমে ৯০ঃ১০ পুঁজি আবণ্টন পাই আছে বুলি তেওঁ কয় । অর্থাৎ মূল প্রশ্নটোৰ পৰা কৌশলেৰে আঁতৰি যায়। তেওঁ কেন্দ্ৰৰ বিজেপি চৰকাৰে যে অসমৰ বিশেষ ৰাজ্যৰ মযাদা বাতিল কৰিলে তাক লুকুৱাবলৈকে এনে চুটি বুদ্ধিৰ আশ্রয় লয়। কিন্তু একেটা দিনতে ৰাজ্যসভাত কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটলিয়ে অসমৰ বাবে পুঁজি চতুদর্শ বিত্ত আয়োগৰ অনুমোদন মৰ্মেহেদিয়া হ’ব বুলি উল্লেখ কৰি বিশেষ ৰাজ্যৰ মযাদা কর্তনৰ বিষয়টো প্রকাৰন্তে স্বীকাৰ কৰে। অসমীয়া প্রতিদিনৰ সেই বাতৰিটোৰ শিৰোনাম আছিল – “চতুদর্শ বিত্তীয় আয়োগৰ পৰামর্শ ভিত্তিত ধন আবণ্টন ঃ ৰাজ্যসভাত বিত্তমন্ত্রী জেটলিৰ ঘোষণা – অসমে নাপায় বিশেষ ৰাজ্যৰ মযাদা”। আনহাতে একেদিনাই অন্য এখন বাতৰি কাকতৰ বাতৰিত শিৰোনাম আছিল এনেধৰণৰ ঃ “ অটুট আছে অসমৰ বিশেষ ৰাজ্যৰ মযাদা ঃ হিমন্ত বিশ্ব”। ২০ জুলাই দিনা বিধানসভাত পুনৰ বিষয়টো উত্থাপন কৰে বিৰোধী পক্ষৰ কেইজনমান বিধায়কে। পিছে সদনত বিষয়টো আলোচনা কৰিবলৈ দিয়া নহ’ল। ২১ জুলাইৰ দিনা অধ্যক্ষই বিত্তমন্ত্রী হিমন্ত বিশ্ব শমাক বিষয়টোৰ ওপৰত চৰকাৰী স্থিতি জনাবলৈ নির্দেশ দিয়ে। কিন্তু বিৰোধীপক্ষক আলোচনাৰ সুযোগ নিদিলে। হিমন্তই কয় যে কেৱল নামটোহে সলনি কৰা হৈছে, সা-সুবিধাবোৰ বিশেষ ৰাজ্যৰ দৰে পাই আছে। তেওঁ কয় যে ২৫ জুলাইত তেওঁ পুঁজি আবণ্টন সম্পর্কে বিস্তৃত তথ্য দাখিল কৰিব। লগতে তেওঁ যদি মিছা তথ্য দিছে তেন্তে তেওঁৰ বিৰুদ্ধে বিৰোধীক বিশেষাধিকাৰ ভংগৰ প্রস্তাৱ আনিবলৈ প্রত্যাহ্বান জনায়। কংগ্ৰেছ সদস্যসকলে হিমন্তৰ বক্তব্যৰ সময়ত বিধানসভা ত্যাগ কৰে। ২৫ জুলাইৰ দিনা বিধানসভাত বিত্ত মন্ত্ৰীজনে এক বিবৃতি প্রদান কৰে। তাৰ এদিনৰ পূর্বে কৃষক মুক্তি সংগ্রাম সমিতিয়ে ২৪ জুলাইৰ দিনা এখন সংবাদমেল পাতি হিমন্ত বিশ্ব শমাই সম্পূর্ণ মিথ্যাচাৰ কৰা বুলি উল্লেখ কৰি তেওঁক বিশেষ ৰাজ্যৰ মযাদা এতিয়াও বাহাল থকা বুলি প্রমাণ কৰিবলৈ প্রত্যাহ্বান জনায়। হিমন্ত বিশ্ব ডাঙৰীয়াই কৃষক মুক্তিৰ প্রত্যাহ্বান গ্রহণ কৰা নাছিল। আমি কওঁ, প্রত্যাহ্বান গ্রহণ কৰিবলৈ তেওঁৰ সাহস নাছিল। কাৰণ তেওঁ জানে, তেওঁ যি কৈছে সেয়া সম্পূর্ণ অসত্য। অশ্বথামা হত ইতি গজ। কেন্দ্রক ৰক্ষণাবেক্ষণ দিবলৈ গৈ অসমৰ মন্ত্ৰীজনে অসমবাসীক ৰামঠগন দিলে। তেওঁ জীয়াফাঁকি মাৰিলে, এনে ফাঁকি যিয়ে অসমৰ অর্থনীতিত সুদূৰপ্ৰসাৰী কুপ্রভাৱ পেলাব। বহুতে হিমন্ত বিশ্বক বাকপটু বুলি কয়,কাৰ্যদক্ষ বুলি কয়, চোকা মানুহ বুলি কয়, কিন্তু এনেদৰে জন্মভূমিক ৰামঠগন দিবলৈ ব্যৱহাৰ কৰা বাকপটুতাক আচলতে কি বুলি নামাংকিত কৰিব লাগিব? শিয়ালবুদ্ধি? এনে মানুহক নিশ্চয় অসমীয়াত শিয়াল টেঙৰ বুলি কোৱা হয়। গৃহস্থৰ হাঁহৰ মঙহ চুৰি কৰিবলৈ কৰা দুষ্টবুদ্ধি এয়া। হিমন্তৰ এই শিয়াল বুদ্ধিয়ে অসমক নতৰায়,ডুবাবহে। আৰু এনে অনুশীলনেৰে তেওঁ অসমৰ মুখ্যমন্ত্রী হবলৈ অন্তৰত প্রবল হেপাঁহ পুহি ৰাখিছে। একাংশ অসমীয়াও তেওঁক লৈ উৎসাহিত! পুনৰ আচল প্রসংগলৈ আহে। ২৫ জুলাইৰ বিত্তমন্ত্ৰীৰ লিখিত বিবৃতিটাে পঢ়িলো। তিনি পৃষ্ঠাৰ বিবৃতি। লিখিত বিবৃতিটোত কিন্তু তেওঁ সঠিকভাৱেই কেন্দ্রীয় পৃষ্ঠপোষক ১৭ খন আঁচনি পূৰ্বৰ দৰে চলি থাকিব বুলি উল্লেখ কৰিছে। তেওঁ স্বীকাৰ কৰিছে যে ৩৩ খন আঁচনিৰ ধনৰ আবণ্টনৰ অনুপাত কেন্দ্রীয় চৰকাৰে বদলি কৰিছে। আনকি এইটোও স্বীকাৰ কৰিছে যে ৮ খন আঁচনি কেন্দ্রই ধন দিয়া সম্পূর্ণ বন্ধ কৰিছে। এইবোৰ তথ্য তেওঁৰ ইংৰাজী বিবৃতিটোৰ প্রথম পৃষ্ঠাত দিয়া এখন তালিকাত উল্লেখ কৰিছে। দ্বিতীয় পৃষ্ঠাত আমি এই লেখাৰ আগৰ অংশত উল্লেখ কৰা মুখ্যমন্ত্রী গোটৰ অনুমোদনৰ কথা কোৱা হৈছে। এই উপগোটে আঁচনিসমূহক চাৰিটা শ্রেণীত ভাগ কৰাৰ কথাও উল্লেখ কৰিছে। সেই ভাগ অনুসৰি কোনো কোনো শ্রেণীত ৯০ঃ১০ আৰু কোনো কোনোত ৮০ঃ২০ কৰা বুলিও কৈছে। তাত এইবুলিও উল্লেখ কৰা হৈছে যে উপগোটে দিয়া অনুমোদন অনুসৰিয়েই ভাৰতৰ বিত্ত মন্ত্রালয়ে ২৮ অক্টোবৰ,২০১৫ তাৰিখে ভাৰত চৰকাৰৰ সকলো মন্ত্রালয়ক সকলো কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিৰ পুঁজি আবণ্টনৰ নির্দেশনা দিছে (পৃষ্ঠা নং ২)। ইয়াৰ পাছত বিবৃতিটোত দেখুওৱা হৈছে যে ৪৮ খন কেন্দ্রীয় পৃষ্ঠপোষক আঁচনিত ১০০ শতাংশ কেন্দ্রই অনুদান দিব, ৫৮ খনত ৯০ঃ১০, ৩ খনত ৮০ঃ২০, ১ খনত ৭০৪৩০ আৰু ২ খনত ৫০৪৫০ হ'ব (পৃষ্ঠা নং ৩)। হিমন্ত বিশ্বৰ ২৫ Gäßisoforosis oi—"Statement of funding of Centrally Sponsored Schemes (CSS) and Central Sector Schemes (CS) in 2014-15 and 2015-16.” বিবৃতিটোত তেওঁ কেৱল কেন্দ্রীয় পৃষ্ঠপোষক আঁচনি (CSS) ৰ কথাহে উল্লেখ কৰিলে। তাত তেওঁ ২০১৫-১৬ ৰ বাজেটে কর্তন কৰি দিয়া আৰু পৰৱৰ্তী মুখ্যমন্ত্রী উপগোটৰ অনুমোদনত উল্লেখ থকা ব্লক গ্রান্টৰ আচনিবোৰৰ কথা ইচ্ছাকৃতভাৱে লুকুৱাই গ’ল। এইটো তেওঁৰ শিয়াল চালাকি। দ্বিতীয়তে,কেন্দ্রীয় বাজেট ২০১৫-১৬ ত মানি লোৱা ৬৬ খন চি এছ এছ আঁচনিৰ কথা ঠিকেই ক’লে (প্রথম পৃষ্ঠাত) কিন্তু পাছত সেই আঁচনিৰ সংখ্যা দেখুওৱালেগৈ ১১২ খন বুলি (তৃতীয় পৃষ্ঠা)। এনেকৈ ১১২ খন আঁচনিৰ তালিকা দাঙি ধৰাৰ উদ্দেশ্য হ’ল বহুত আঁচনিত কেন্দ্র ১০০ শতাংশ বা ৯০ঃ১০ অনুপাতত অনুদান দিয়া বুলি দেখুওৱা। বিবৃতিটোৰ সংলগ্ন নথি নং-৪ অত থকা তালিকা দেখি সকলো তবধ মানিব, কাৰণ আঁচনিৰ সংখ্যা বেছি দেখুৱাবলৈ গৈ তেওঁ একেখনকে একাধিকবাৰ উল্লেখ কৰাৰ উপৰিও বন্ধ হৈ যোৱা আঁচনিকো চলি থকা বুলি আভুৱা ভাৰিছে। উদাহৰণ দি দীঘল কৰিব খোজা নাই। আমি আচৰিত হৈছে বিধানসভাত দিয়া এনে ভুৱা তালিকাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাতহে। আটাইতকৈ
আমোদজনক কথাটো হ’ল, তেওঁ বিধানসভাত লিখিত বক্তব্য পাঠ নকৰি, লিখিত বক্তব্য হাততে ৰাখি,মুখেৰে যা-তা কথা ক’লে। ক’লে যে অসমৰ বিশেষ ৰাজ্যৰ সা-সুবিধাবোৰ অব্যাহত আছে। আঁচনিৰ মিছা সংখ্যাৰে এনে ভাও দিলে যেন পূর্বতকৈ অথাৎ বিশেষ ৰাজ্যৰ মযাদাতকৈ বর্তমানৰ “ উত্তৰ-পূবাঞ্চল আৰু হিমালয়ন ৰাজ্য অভিধাৰ সময়ত ৰাজ্যলৈ অধিক পুঁজি আহিছে। আনকি তেওঁ কয় যে অসমৰ সাংসদ, ভাৰতৰ প্রধানমন্ত্রী ড০ মনমোহন সিঙে গঠন কৰা চতুদর্শ বিত্ত আয়োগে অসমৰ প্রতি গভীৰ অন্যায় কৰিলে। ড০ সিঙে ‘ জ্ঞাত বা অজ্ঞাতে কৰা এই অন্যায়ৰ প্রতিবাদত তেওঁৰ বিৰুদ্ধে অসম বিধানসভাই ভৎসনা প্রস্তাৱ গ্রহণ কৰা উচিত-- হিমন্তই কয়। এই সৰু ব্লেকমেইলিঙতে কংগ্রেছ ঠাণ্ডা হৈ গ’ল। মনমোহন সিঙৰ নাম শুনি কংগ্ৰেছ তাপ মাৰিলে। অজন্তা নেওগে বোলে কৈয়ে পেলালে—“ মন্ত্ৰীৰ ভাষ্যত আমি আশ্বস্ত হৈছে”। হিমন্তই বোলে বিধানসভাত ক’লে, “সংবিধানমতে বিত্ত আয়োগৰ পৰামর্শৱলীৰ ওপৰত কেন্দ্রীয় চৰকাৰে মাত মাতিব নোৱাৰে। মনমোহন সিঙে গঠন কৰা চতুদর্শ বিত্ত আয়োগৰ পৰামৰ্শৱলীত উল্লেখ আছে যে বিশেষ শ্রেণী বুলি আৰু কোনো ৰাজ্য নাথাকিব” (অসমীয়া প্রতিদিনৰ ২৬ জুলাইৰ বাতৰি ঃ “ বিধানসভাত হিমন্ত ঃ অব্যাহত আছে বিশেষ ৰাজ্যৰ সুবিধা”...)। আমি সংবিধানত বিত্ত আয়োগ’ শিতান চাই চৰকাৰে বিত্ত আয়োগৰ পৰামর্শ সলাব নোৱাৰিব বুলি ক’তো নাপালো। এই জনেই হিমন্ত বিশ্ব শমা। তেওঁৰ প্রত্যাশা হ’ল অসমৰ মুখ্যমন্ত্ৰীৰ পদ দখল। তেওঁক তেওঁৰ শুভাকাংক্ষী সকলে যোগ্য,দক্ষ উপযুক্ত লোক বুলি কয়। তেওঁ বর্তমান অসমৰ বোলে সবাতোকৈ প্রভাৱশালী ৰাজনীতিক। মিছাক সচা কৰামতাক মাইকী কৰাৰ ক্ষমতা থকাসকলেই তেন্তে ভাল ৰাজনীতিক? অসমৰ প্রতি এনে অন্যায় দৃষ্টি লৈয়ে তেওঁ অসমৰ মুখ্যমন্ত্রী হবলৈ দুৰাকাঙ্খা পুহি ৰাখিছে। বহুতে সমর্থনো কৰিছে! ২৫ জুলাই, ২০১৬ তাৰিখৰ দিনাই আকৌ কেন্দ্রীয় পৰিকল্পনা ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্রজিত্ সিঙে ৰাজ্যসভাত ক’লে বিশেষ ৰাজ্যৰ মযাদা কর্তন কৰা হ’ল। তাৰ পাছতো আমি হিমন্ত বিশ্ব শমাৰ মিছা কথাই মানি ল’ব লাগিব, কাৰণ এই কথা হিমন্ত বিশ্বই কৈছে!!
কেৱল এছ এম এছৰ বাবে ফোন নম্বৰ ৯৪৩৫০-৫৪১৪০

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment