হিন্দুস্থান কাগজ নিগমসহ বন্ধ হ’ব দেশৰ সাতটা ৰাজহুৱা উদ্যোগ



কেন্দ্রীয় চৰকাৰে নির্বিনিয়োগ নীতিৰ আধাৰত দেশৰ যিসমূহ ৰাজহুৱা খণ্ডৰ উদ্যোগ হ’ল হিন্দুস্তান কাগজ নিগম। অৱধাৰিতভাৱে কেন্দ্রীয় চৰকাৰৰ এনে বিবেচনাই জাগীৰোডৰ কাগজ কল আৰু কাছাৰ কাগজ কলৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। কিয়নো, হিন্দুস্তান কাগজ নিগমৰ অধীনত থকা দেশৰ সাতটা কাগজ কলৰ ভিতৰত অন্যতম হ’ল অসমৰ এই দুটা বৃহৎ কাগজ উদ্যোগ। কিছু বছৰ আগলৈকে বেছ লাভজনক উদ্যোগ হিচাপে পৰিগণিত হৈ অহা দুয়োটা কাগজ কলেই এতিয়া ব্যাপক লোকচানৰ সন্মুখীন হৈছে। প্রতিষ্ঠানটোৰ কর্তৃপক্ষৰ ভুল নীতি আৰু ৰাজ্যৰ বন বিভাগৰ এক ভয়াবহ ছিণ্ডিকেটৰাজৰ পৰিণতিত জাগীৰোড আৰু কাছাৰ কাগজ কলৰ অৱস্থা সম্প্রতি মৃতপ্রায় হৈ পৰিছে। কাগজ কল দুটাৰ মাত্র একোটাকৈ মেচিন কার্যক্ষম হৈ থকা বাবে নির্ধাৰিত লক্ষ্য অনুযায়ী উৎপাদনো সম্ভৱ হৈ উঠা নাই। ইফালে, বন বিভাগৰ শীর্ষ বিষয়াৰ অভিসন্ধিৰ বাবে জাগীৰোড আৰু কাছাৰ কাগজ কললৈ প্রয়োজনীয় বাহ আমদানি কৰাত বাধাৰ সৃষ্টি হৈছে। মূলতঃ মিজোৰামৰ বাঁহেৰেই কাগজ কল দুটা চলি আহিছে যদিও বন বিষয়াই বাঁহ সৰবৰাহ কৰা ট্রাকো আধাবাটতে ৰখাই থোৱাৰ অভিযোগ প্রায়ে উত্থাপন হৈ আহিছে। এনে পৰিস্থিতিত লোকচানৰ সন্মুখীন হোৱাৰ অজুহাতত কেন্দ্রীয় চৰকাৰে কাগজ কল দুটা বন্ধ কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে। কেৱল ৰাজ্যৰ কাগজ কল দুটাই নহয়, হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন বন্ধ কৰি দিলে উক্ত নিগমৰ অধীনত চলি থকা নাগালেণ্ড আৰু কেৰালাৰ পাঁচটা কাগজ কলো বন্ধ হৈ পৰিব। কেন্দ্রীয় চৰকাৰৰ নির্বিনিয়োজন মন্ত্রালয়ৰ সূত্ৰৰ উদ্ধৃতিৰে শেহতীয়াকৈ এখন অর্থনীতি বিষয়ৰ দৈনিক কাকতত প্রকাশিত এটা বাতৰিয়ে এতিয়া হিন্দুস্তান কাগজ নিগমৰ উপৰি বহুকেইটা ৰাজহুৱা খণ্ডৰ উদ্যোগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যোৱা জুন মাহত নীতি আয়োগে প্রধানমন্ত্ৰীৰ ওচৰত লোকচানৰ সন্মুখীন হৈ অহা দেশৰ ৭৪টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ এখন তালিকা দাখিল কৰিছিল। তালিকাত থকা ২৬টা কোম্পানী বন্ধ কৰি দিবলৈ নীতি আয়োগে পৰামর্শ দিয়াৰ লগতে ৫টা কোম্পানীক দীঘলীয়া সময়ৰ বাবে লীজত দিয়া, ৩টাক অন্যান্য কোম্পানীৰ লগত চামিল কৰা, ২২টাক পুনৰুজ্জীৱিতকৰণৰ প্রচেষ্টা চলোৱাৰ লগতে চৰকাৰী অংশীদাৰিত্ব ৫০ শতাংশৰ তললৈ হাস কৰা আৰু আন ১০টাক ব্যক্তিগতকৰণৰ বাবে আয়োগে পৰামর্শ আগবঢ়ায়। নীতি আয়োগৰ পৰামৰ্শৰ ভিত্তিতে নির্বিনিয়োগ বিভাগে প্রথম পর্যায়ত দেশৰ সাতটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বন্ধ কৰি দিবলৈ ওলাইছে। বিজনেছ ষ্টেণ্ডার্ড কাকতৰ খবৰ অনুসৰি উক্ত সাতটা উদ্যোগৰ ভিতৰত আছে হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন, বার্ড জুট এণ্ড এক্সপ'ৰ্টছ, হিন্দুস্তান ফটো ফিল্মছ, টায়াৰ কৰ্প’ৰেচন, ৰিকাউচন এণ্ড ক্রুডাছ আদি। কিন্তু ৰাজহুৱা খণ্ডৰ যিকোনো এটা উদ্যোগ বন্ধ কৰি দিবলৈ কেবিনেটৰ অনুমোদনৰ প্রয়োজন হয়। সেইবাবেই কেন্দ্রীয় চৰকাৰে কোম্পানীকেইটা বন্ধৰ বাবে পৃথকে পৃথকে কেবিনেটৰ অনুমোদন লোৱাৰ সলনি সাতটা লোকচানৰ সন্মুখীন হোৱা কোম্পানীৰ এখন তালিকা প্রস্তুত কৰি একেবাৰতে অনুমোদন ল’ব বিচাৰিছে। ৰাষ্ট্রীয় কাকতখনৰ বাতৰি অনুসৰি কেন্দ্রীয় চৰকাৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰিলে এয়া হ’ব দেশৰ স্বৰাজোত্তৰ ইতিহাসত প্রথমবাৰ ইমানসংখ্যক ৰাজহুৱা উদ্যোগ একেলগে বন্ধ কৰি দিয়াৰ ঘটনা। কেন্দ্রীয় চৰকাৰে নির্বিনিয়োগৰ জৰিয়তে ৫৬ হাজাৰ কোটি টকা সংগ্রহ কৰাৰ লক্ষ্য নির্ধাৰণ কৰাৰ প্রেক্ষাপটত এনে সিদ্ধান্ত লোৱাটোত কোনো আচৰিত হ’বলগীয়া নহ’ব। ৰাষ্ট্রীয় পর্যায়ত হিন্দুস্তান কাগজ নিগমক লৈ কেন্দ্রীয় চৰকাৰে এনে সিদ্ধান্ত গ্রহণ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ সময়তে ৰাজ্যত বিষয়টাে লৈ আন এক বিভ্রান্তিৰ সৃষ্টি হৈছে। কিয়নো যোৱা ২৩ আগষ্টত কেন্দ্রীয় উদ্যোগমন্ত্রী অনন্ত গীতৰ সৈতে ৰাজ্যৰ উদ্যোগ বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকৰ পিছত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে হিন্দুস্তান কাগজ নিগমৰ কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰাৰ লগতে জাগীৰোড আৰু কাছাৰৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্রতিশ্রুতি দিছিল। এই প্রতিশ্রুতিয়ে ৰাজ্যবাসীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছিল যদিও শেহতীয়া দিনকেইটাত দেশৰ ব্যৱসায়িক ক্ষেত্ৰখনত সাতটা ৰাজহুৱা উদ্যোগ বন্ধ কৰি দিয়াৰ বিষয়টো লৈ যথেষ্ট চর্চা হৈছে। সমান্তৰালভাৱে হিন্দুস্তান কাগজ নিগমত কৰ্মৰত বিষয়া-কর্মচাৰীসকলক ক্ষতিপূৰণসহ বাধ্যতামূলক অৱসৰ দিয়াৰ বিষয়টোও কেন্দ্রীয় চৰকাৰে বিবেচনা কৰি আছে বুলি বাতৰি প্ৰকাশ পাইছে। সেয়ে হলে, কাছাৰ আৰু জাগীৰোড কাগজ কলত কৰ্মৰত দুই সহস্রাধিক কর্মচাৰীয়ে জীৱিকাৰ পথ হেৰুওৱাৰ লগতে উদ্যোগটোৰ লগত জড়িত প্রায় ১০ হাজাৰ লোক ক্ষতিগ্রস্ত হ’ব। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিপৰীতে জাগীৰোড আৰু কাছাৰ কাগজ কলক লৈ ৰাজ্য চৰকাৰৰ স্থিতি কি হয় সেয়া লক্ষণীয় হ’ব।

Read more নিবনুৱা বৃদ্ধি কৰাৰ এক ভয়াবহ পৰিকল্পনা চৰকাৰৰঃবন্ধ হ’ব দেশৰ সাতটাকৈ ৰাজহুৱা উদ্যোগ

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment