৩১ আগষ্টট প্ৰকাস পাব বিজ্ঞাপন

ৱেব ডেস্ক, ২৯ আগষ্ট, ২০১৬ঃ
ৰাজ্যৰ শিক্ষা বিভাগে অতিশীঘে প্রাথমিক আৰু মধ্য ইংৰাজী | বিদ্যালয়ত ১১,২৭৮ টা স্থায়ী শিক্ষুক পুদত প্রার্থী | নিযুক্তি দিব। আজি শিক্ষা মন্ত্রী হিমন্তবিশ্ব শৰ্মাই ! এখন সংবাদমেলত এই কথা ঘোষণা কৰে। মধ্য ইংৰাজী বিদ্যালয়ৰ ৫,১৪৪ টা আৰু প্রাথমিক বিদ্যালয়ত ৬,১৩৪ টা শিক্ষক পদত নিযুক্তিৰ বাবে অহা ৩১ আগষ্টত শিক্ষা বিভাগে বিজ্ঞাপন প্রকাশ কৰিব। অহা ডিচেম্বৰৰ ভিতৰত বিভাগটােৱে এই নিযুক্তি প্রক্রিয়া সম্পন্ন কৰিব বুলি মন্ত্রী শৰ্মাই জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেটত দহ হেজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি এমাহৰ ভিতৰত সাত হেজাৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হয়। ইয়াৰ পৰৱতী পদক্ষেপ হিচাপে চৰকাৰে বি টি এ ডি, কার্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদক বাদ দি মুঠ ১১,২৭৮ টা শিক্ষক পদত নিযুক্তিৰ প্রক্রিয়া আৰম্ভ কৰিছে। টেট উত্তীর্ণ আৰু বি এ, বি এড ডিগ্ৰী থকা প্রার্থীসকলক এই প্রক্রিয়াৰ জৰিয়তে নিযুক্তি দিয়া হ’ব। অৱসৰৰ ফলত মধ্য ইংৰাজী আৰু প্রাথমিক বিদ্যালয়সমূহত খালী হােৱা পদৰ বিপৰীতে হ’ব এই নিযুক্তি। ফলত এই প্রক্রিয়াত সংৰক্ষণৰ প্ৰসংগ যাৱতীয় বিধি অনুসৰি প্রযোজ্য নহ’ব। বি টি এ ডি, কার্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ অধীনত এনে দুই-তিনি হেজাৰ শিক্ষকৰ পদ খালী আছে বুলি উল্লেখ কৰি শিক্ষা মন্ত্রীগৰাকীয়ে জনায় যে উক্ত পদত নিযুক্তিৰ বাবে অৱশ্যে স্বায়ত্তশাসিত পৰিষদসমূহে নিজাববীয়াকৈ বিজ্ঞাপন প্রকাশ কৰিব। এই ১১,২৭৮ টা পদত নিযুক্তি সম্পন্ন প্রার্থীক নিযুক্তি দিব। হিন্দী আৰু সংস্কৃত টেট উত্তীর্ণ সকলকো শীঘ্ৰে নিযুক্তি দিব। শিক্ষা বিভাগে আজি চৰ অঞ্চলত চাকৰি কৰা ৪১৭ গৰাকী নৱনিযুক্ত স্থায়ী মহিলা শিক্ষকক সুবিধাজনক স্থানলৈ বদলি কৰা বুলিও শিক্ষা মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰৰ এশ দিনত বহু কাম কৰা বুলি উল্লেখ কৰি তেওঁ কয়— ‘তৰুণ গগৈ চৰকাৰৰ শেষৰ তিনি বছৰত যি হৈছে তাতকৈ আমাৰ চৰকাৰে তিনি মাহত বহু বেছি কাম কৰিছে। তিনি মাহত তৰুণ গগৈ চৰকাৰে ১৭ হেজাৰ শিক্ষক ক’ত নিযুক্তি দিব পাৰিছিল? আমাৰ চৰকাৰে দায়িত্বভাৰ লোৱাৰ পিচতে পেট স্কেন ব্যৱস্থা আৰম্ভ হ’ল, কর্মচাৰীক ছয় শতাংশ মৰগীয়া বানচ দিয়া হৈছে আৰু অহা এপ্রিলত সপ্তম দৰমহা আয়োগ প্রযোজ্য কৰা হ’ব। গতিকে সকলো কর্মচাৰীয়ে ইয়াৰ সুযোগ পাব।’ চৰকাৰৰ অন্যান্য বিভাগসমূহত বিভীয় নাটনিৰ বাবে বিৰাজ কৰা অচলাৱস্থা সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই কয় যে যোৱা ২৩ আগষ্টত ৰাজ্যপালে নতুন বাজেটত অনুমোদন জনাইছে। ২৪ আগষ্টত এই সন্দৰ্ভত বিভাগসমূহলৈ জাননী প্ৰেৰণ কৰা হৈছে। গতিকে অচিৰেই প্ৰতিটাে চৰকাৰী বিভাগে নিজৰ কামকাজ আৰম্ভ কৰিব পাৰিব।
অহা এমাহৰ ভিতৰত গড়কাপ্তানি বিভাগে এহেজাৰ কোটি টকাৰে ৰাস্তা-ঘাট মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি তেওঁ সদৰী কৰে। মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে সামগ্ৰীৰ দাম উঠা-নমা হৈয়ে থাকে। কিন্তু নির্দিষ্ট সময়ৰ পিচত চৰকাৰে পূৰ্বৰ তুলনাত সাসামগ্ৰীৰ দামৰ তালিকা সদৰী কৰিলেহে প্রকৃত তথ্য পোহৰলৈ আহিব। চৰকাৰৰ কয় যে তেওঁ ছ'চিয়েল মিডিয়াত চৰকাৰৰ কামক লৈ ৰাইজৰ অসন্তুষ্টি দেখা নাই। কেন্দ্ৰই অসমক পুঁজি নিদিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে পুনৰ চৰকাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰিবলৈ তেওঁ এইবাৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ পৰা ১৭৯ কোটি টকাৰ অনুমোদন লৈ আহিছে। অসম পর্যটনৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে বলিউডৰ অভিনেত্রী প্রিয়ংকা চোপ্ৰাৰ সৈতে পর্যটন বিভাগে চুক্তিবদ্ধ হােৱা সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত বিভাগীয় মন্ত্রী হিমন্তবিশ্ব শৰ্মাই কয় যে তেওঁৰ সৈতে যোগাযোগ কৰাটাে সঁচা। কিন্তু তেওঁ আহিব নে নাই, সেয়াহে মূল কথা। তদুপৰি পোন্ধৰ কোটি টকাত চুক্তিবদ্ধ কৰা কথাটাে অসত্য। কাৰণ পর্যটন বিভাগে শচীন তেণ্ডুলকাৰ, দীপিকা পাডুকন, হৃত্বিক ৰােশন আৰু প্রিয়ংকা চোপ্ৰাৰ সৈতে ব্ৰেণ্ড এম্বেছেডৰৰ প্ৰস্তাৱ দি যোগাযোগ কৰিছে। এইক্ষেত্ৰত শচীন তেণ্ডুলকাৰে সন্মানসহ প্রস্তাৱটাে প্রত্যাখ্যান কৰিছে। ইয়াৰ বিপৰীতে প্রিয়ংকা চোপ্ৰাই আগ্রহ প্রকাশ কৰিছে। যদিও আন দুজন তাৰকাই এতিয়ালৈকে সঁহাৰি দিয়া নাই। গতিকে আটাইকেইজনৰ ইচ্ছা-অনিচ্ছা, পাৰিশ্ৰমিকৰ দিশসমূহ যথাসময়ত সংশ্লিষ্ট সমিতিয়ে বিবেচনা কৰিহে সিদ্ধান্ত ল’ব। যিহেতু ইংলেণ্ড, আমেৰিকা আৰু জার্মানীৰ পৰা অসমলৈ পর্যটক আহে, গতিকে সেই পর্যায়ৰ ব্যক্তিত্বক পর্যটন বিভাগে ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিয়োগ কৰাৰ চিন্তা-চৰ্চা কৰিছে।
facebook
twitter
google+
fb share