ৱেব ডেস্ক, ৯ আগষ্ট, ২০১৬ :
আত্মহনন নে পৰিকল্পিত ৰাজনৈতিক হত্যাকাণ্ড?
অৰুণাচল প্রদেশৰ সদ্যপ্রাক্তন মুখ্যমন্ত্রী কালিখা পুলৰ মৃতদেহৰ কাষৰ পৰা আত্মঘাতী নোট ৰহস্যজনকভাৱে অন্তর্ধান হোৱা বুলি উত্থাপিত গুৰুতৰ অভিযোগৰ পৰিপ্রেক্ষিততে এতিয়া এনে প্রশ্ন উদয় হৈছে।
আজি পুৱা ৮.৩০ বজাত অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনৰ ব্যক্তিগত কোঠালিত কালিখা পুলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কেইমূহুর্তমান পিচতে বহুকেইজন ব্যক্তিয়ে মৃতদেহ দেখা কৰি আহি সাংবাদিকৰ আগত কৈছিল যে কালিখা পুলে ডায়েৰী আৰু ছুইচাইড নোট লিখি থৈ গৈছে। তেওঁলোকে স্বচক্ষে মৃতদেহৰ কাষত এনে ডায়েৰী আৰু নোট দেখি আহিছে। সেই মুহুর্তলৈকে সংবাদ মাধ্যম আৰু আন কোনো ব্যক্তিকে যাবলৈ দিয়া হোৱা নাছিল পুলৰ মৃতদেহৰ কাষলৈ। কিন্তু পৰৱৰ্তী সময়ত অৰুণাচল প্রদেশৰ প্রশাসনে ৰহস্যজনকভাৱে তথ্যই এতিয়া প্রতিবেশী ৰাজ্যখনৰ সদ্যপ্রাক্তন মুখ্যমন্ত্রীজনৰ মৃত্যুক লৈ অধিক সন্দেহৰ অৱতাৰণা কৰা দেখা গৈছে। এই সন্দর্ভত অৰুণাচলৰ ডি জি পি এছ নিথিয়া নাংদামে কয় যে পুলৰ মৃতদেহৰ কাষত ‘মোৰ বিচাৰ’ শীর্ষক এক দীঘলীয়া নোট পোৱা গৈছে।
এই নোটত বিভিন্ন বিষয় লাভ কৰা গৈছে। তাক আত্মঘাতী নোট বুলি ক’ব পৰা নাযায়। এতিয়া বহুতেই প্রশাসনৰ এনে ভাষ্যক মানি ল’ব খোজা নাই। পুলৰ সমৰ্থকসকলে বিচাৰিছে চি বি আইৰ তদন্ত। ইফালে বিজেপিৰ অন্যতম গুৰুত্বপূর্ণ নেতা সুধাংশু মিটালে প্রকাশ কৰামতে তেওঁক লগ ধৰিবলৈ নতুন দিল্লীলৈ যোৱাৰ কথা আছিল পুল। কিন্তু এনে দিল্লী যাত্ৰাৰ পূর্বে মৃত্যুক সাবটি ল’লে কালিখা পুলে। উল্লেখযোগ্য যে ২০১৫ চনৰ নৱেম্বৰত কংগ্ৰেছশাসিত অৰুণাচল প্রদেশৰ একৈশজন কংগ্ৰেছ বিধায়কে প্রাক্তন মুখ্যমন্ত্রী নাবাম টুকীৰ বিৰুদ্ধে অনাস্থা প্রকাশ কৰাৰ পিচৰে পৰাই প্রতিবেশী ৰাজ্যখনত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। এনে ৰাজনৈতিক সংকটৰ পৰিপ্রেক্ষিততে চলিত বছৰৰ ২৬ জানুৱাৰীত অৰুণাচল প্রদেশত ৰাষ্ট্রপতি শাসনো জাৰি কৰা হৈছিল। কিন্তু ফেব্ৰুৱাৰী মাহত বিজেপিৰ সমৰ্থন লৈ অৰুণাচল প্রদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহে সেই সময়ত কংগ্ৰেছত থকা কালিখা পুল। অৱশ্যে চাৰে চাৰি মাহৰ অন্ততে ভাগ্যই লগ এৰা দিলে পুলক। মহামান্য উচ্চতম ন্যায়ালয়ে এক নির্দেশযোগে ৰাজ্যপাল জে পি ৰাজখোৱাৰ সহযোগ লৈ বিজেপিৰ সমর্থনেৰে কংগ্ৰেছ নেতা পুলে গঠন কৰা চৰকাৰখনক অবৈধ ঘোষণা কৰে। ইয়াৰ পিচতে অৰুণাচল প্রদেশত পুনৰ পূৰ্বৰ মুখ্যমন্ত্রী নাবাম টুকীৰ সপক্ষে আৰম্ভ হয় ৰাজনৈতিক বতাহ। ১৬ জুলাইৰ দিনা অৰুণাচল প্রদেশৰ ভাৰপ্রাপ্ত ৰাজ্যপাল তথাগত ৰায়ে উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি আস্থা ভোটৰ বাবে বিধানসভাৰ অধিৱেশন আহ্বান কৰে। ইয়াৰ আগদিনা নিশা গুৱাহাটীৰ পৰা লগত ৪২ জন বিধায়কক লৈ ইটানগৰলৈ ৰাওনা হৈছিল কালিখা পুল। কিন্তু গুৱাহাটী অতিক্রম কৰাৰ পিচতে অকস্মাতে বিধায়কসকলৰ মনোভাব নাটকীয়ভাৱে সলনি হৈছিল আৰু এজনৰ পিচত এজনকৈ কালিখা পুলৰ সমর্থক বিধায়কে মাজবাটৰ পৰাই যোগাযোগ কৰিছিল পেমা খাণ্ডৰ সৈতে। পুৱতি নিশা ইটানগৰ পোৱা অৱস্থাত একপ্রকাৰ সংগীবিহীন হৈ পৰিছিল কালিখা পুল। সকলোৱে তেওঁৰ সংগ এৰি কাষ চাপিছিল পেমা খাণ্ডুৰ৷ এনেকৈয়ে ইটানগৰৰ এখন হোটেলত লাজে-অপমানে কালিখ’ পুল একপ্রকাৰ নিঃসংগ হৈ পৰিছিল আৰু তেওঁৰ সকলো সমর্থকে পেমা খাণ্ডক মুখ্যমন্ত্ৰীৰূপে প্রক্ষেপ কৰাত অৱধাৰিতভাৱে পুলে একপ্রকাৰ অসহায়ভাৱে একাকীত্বক সাবটি ল’বলৈ বাধ্য হৈছিল। তেনেধৰণেৰে অপমানজনক আৰু নাটকীয়ভাৱে নিশাটোৰ ভিতৰতে ক্ষমতাচ্যুত হৈ একপ্রকাৰ হতাশ হৈ পৰিছিল অৰুণাচলৰ প্রাক্তন মুখ্যমন্ত্ৰীজন। মানসিকভাৱে ভাগি পৰিছিল পুল। লাজ, অপমান, চূড়ান্ত মানসিক হতাশাই পুলক তিলতিলকৈ আত্মহননৰ দিশে ঠেলি দিয়া বুলি এতিয়া বহুতে ক’ব খুজিলেও তেওঁৰ মৃত্যুত আঁৰত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আৰু গভীৰ ৰহস্য লুকাই থকাটােও এতিয়া অৰুণাচল প্রদেশৰ বহুতৰে মুখে মুখে।
কাৰণ ক্ষমতাৰ এই ভাগ বাটোৱাৰাত কংগ্ৰেছ, বিজেপি উভয়ে বিপুল পৰিমাণৰ ধনৰ লেনদেন কৰা বুলি অভিযোগ উঠিছিল। বিজেপিয়ে ব্যাপক ধনৰ জৰিয়তে অৰুণাচলৰ বিধায়কক ক্রয় কৰি আকৌ কালিখা পুলকে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছিল। ক'লা ধনৰ বিনিময়ত অৰুণাচলৰ ক্ষমতা পুনৰ কুক্ষিগত কৰাৰ এই সমগ্র কুচকাৱাজ মহানগৰীৰ হোটেল ৰেডিচন ব্লত চলা বুলি বহুতে ক’ব খোজে। কাৰণ ১৫ জুলাইৰ নিশা আস্থা ভোটৰ সন্মুখীন হোৱা বাবে ৪২ জন বিধায়কক লৈ ইটানগৰলৈ যোৱাৰ পূর্বে ৰেডিচন ব্লতে বাহৰ পাতি আছিল কালিখা পুল আৰু বিধায়কৰ দলটো। এনে প্রেক্ষাপটত এতিয়া স্বাভাৱিকতে প্রশ্ন উঠে যে বিজেপিয়ে বিচাৰিছিল, তেন্তে সেই ধন কাৰ জৰিয়তে লেনদেন হৈছিল ? হঠাত্ নিশাটোৰ ভিতৰতে কিয় নাটকীয়ভাৱে কালিখা পুলৰ সংগ এৰিছিল বিধায়কসকলে? আদবাটত ধনৰ হৰলুকী ঘটিছিল নেকি? এনে প্রশ্নই এতিয়া জোকাৰিছে অৰুণাচলৰ ৰাজনীতি।
facebook
twitter
google+
fb share