লেখক: অখিল গগৈ :
অসম চৰকাৰৰ ২০১৬-১৭ বৰ্ষৰ বিত্ত মন্ত্ৰীৰ বাজেট ভাষণটো মনোযোগেৰে পঢ়িলো। ২৬ জুলাই, ২০১৬ তাৰিখে অসম বিধানসভাত উত্থাপন কৰা বাজেট ভাষণটো আপাততঃ এটা ভাল ভাষণ যেন লাগে। ইয়াত সাহিত্যিক গুণ আছে, আছে অলংকাৰ, আছে দার্শনিক চাব এটা ভাষণটো ব্যতিক্রমী কৰিবলৈ চেষ্টা কৰা হৈছে। এই বাজেট ভাষণে যথেষ্ট প্রশংসা বোটলা দেখা গৈছে। অন্ততঃপক্ষে একাংশ সংবাদ মাধ্যমত বাজেটখনৰ আভ্যন্তৰীণ বিষয়বোৰতকৈ আন কিছুমান উপৰুৱা কথাই অধিক প্রচাৰ লাভ কৰিছে। যেনে— অসমৰ দীর্ঘতম বাজেট ভাষণ, চাৰি ঘণ্টা ত্রিশ মিনিট একেৰাহে বাজেট বক্তৃতা পাঠ কৰা, বাজেটত উদ্ধৃত শ্লোকৰ প্রশংসা, ভাষণৰ সময়ত বিত্ত মন্ত্ৰীজনে পৰিধান কৰা সাজ-পোছাক, দৰ্শকৰ গেলাৰীত বিত্ত মন্ত্ৰীৰ মাতৃ, পত্নীৰ উপস্থিতি ইত্যাদি ইত্যাদি। ক’বলৈ গ’লে বাজেটখনৰ বিভিন্ন দিশে পোৱা প্রচাৰ বা প্রশংসাই হ’ল যোৱা ২ মাহত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনলৈ কঢ়িয়াই অনা একমাত্র সকাহ যোৱা দুমাহৰ অতি চুটি সময়ে চৰকাৰখনৰ বিৰুদ্ধে কেৱল ধুমুহাই কঢ়িয়াই আনিছিল। বাজেটখনৰ আপাত ঃ কিছু সুখবৰে যেন চৰকাৰখনলৈ এছ'টি স্নিগ্ধ বতাহ কঢ়িয়াই আনিছে। পিচে সেইবোৰ চমক নিলগাই চাই বাজেটখনৰ আচল বিষয়বস্তু (Content) আৰু মর্মকথা (Substance) লৈ গ'লে আপুনি হতাশ হব। অতি সহজকৈ ক’লে বাজেটখনৰ পেকেজিং ভাল, কিন্তু ভিতৰটো তেনেই সাধাৰণ আৰু ক্ষতিকাৰকো। বিয়াত চৌখিনভাৱে পেকেট কৰি নিয়া প্লাষ্টিকৰ বাতিটোৰ নিচিনা, পেকেটটো ৰংচঙীয়া আৰু ডাঙৰ, কিন্তু খুলি গৃহস্থই তাৰ ভিতৰত এটা সস্তীয়া প্লাষ্টিকৰ বাতি দেখিলে যেনেকুৱা ভাব হব, বাজেট ভাষণটাে সম্পূর্ণ পঢ়ি আমিও তেনেকুৱাই হতাশ হ’লো। বাজেট ভাষণটোত মূল দার্শনিক ৰূপটাে এইকেইটা শিতানৰ জৰিয়তে দিবলৈ চেষ্টা কৰিছে— (১) পৰিবর্তন’ : সাত ৰূপান্তৰৰ শিখৰত আমাৰ ৰাজ্য, (২) নতুন আদর্শ প্রশাসন, (৩) নতুন আদর্শ প্রশাসনৰ প্রথম বছৰ - ২০১৬-১৭ আৰু (৪) বাজেট পুনৰ নিৰ্মাণ : নির্ণায়ক সিদ্ধান্ত আৰু বাস্তৱ অনুভৱৰ বছৰ। উল্লিখিত ১নং শিতানত বিত্ত মন্ত্ৰীজনে পৰিবর্তন’ মানে বিৱৰ্তন’ বুলি ক’ব খুজিছে, অর্থাত্ বিপ্লৱৰ দৰে নহয়, লাহে লাহে পৰিবর্তন হোৱাৰ কথা কৈছে। তেওঁৰ মতে কেৱল ৰাজনৈতিক’ আৰু ‘অর্থনৈতিক গণ্ডীতে ‘ৰূপান্তৰ নহয়, ৰাজ্যখনৰ বাবে ‘সামাজিক ৰূপান্তৰ’ লাগিব (অৱশ্যে ৰূপান্তৰ মানে বৈপ্লৱিক পৰিবর্তন)। তাৰ পাচত তেওঁ দুর্নীতি ৰোধৰ কথা কৈছে। উদ্ভাৱন, পুনর্গঠন আৰু ন-যাত্ৰাৰ দুৱাৰ স্থাপন তেওঁৰ চিন্তাৰ সাৰাংশ। তাৰ পাচতে তেওঁ ভাৰতীয় পৰিকল্পনাৰ পৰিবর্তন হৈ নিটি আয়োগ প্রতিষ্ঠাৰ প্ৰসংগ উত্থাপন কৰিছে আৰু নতুন কৰ ব্যৱস্থা বা জি এছ টিৰ কথা কৈছে। শেষত তেওঁ ৰাজহ অপচয় ৰোধ আৰু জনগণৰ পৰামর্শত বাজেট প্রস্তুত কৰা হৈছে বুলি কৈছে। নাই ধৃষ্টতা, কেৱল সু-শাসন হ’ল চৰকাৰৰ আচৰণবিধি আৰু কৈছে— উদ্ভাৱনী চিন্তাৰে জনতাক লগত লৈ পৰিবৰ্তনৰ প্রক্রিয়া আৰম্ভ কৰা হ'ব। ইয়াৰ পাচতে তেওঁ নতুন আদর্শ প্রশাসন’ শিতানত কৈছে— ‘আমাৰ লক্ষ্য হ’ল ৰাজ্যৰ অর্থনীতিক ভিতৰৰ পৰা টনকিয়াল কৰি তোলা। দীৰ্ঘম্যাদী ব্যৱস্থাৰে আভ্যন্তৰীণ উত্সসমূহ বিকশাই তুলি আত্মনিৰ্ভৰশীল হোৱাৰ কথা কৈছে। এই আদর্শ প্রশাসনৰ মূল উপকৰণ নিষ্কলুষক ৰাজনীতি আৰু পৰিচ্ছন্ন লোকসেৱা বুলিও বিত্ত মন্ত্ৰীজনে উল্লেখ কৰিছে।
(কেৱল এছ এম এছৰ বাবে ফোন নম্বৰ- ৯৪৩৫০-৫৪১৪০)
facebook
twitter
google+
fb share