চৰকাৰী প্রতিবেদন মতে অসমত আছে ১,৮৭,৬৭২জন ডি’ ভোটাৰঃশীৰ্ষত বৰপেটা

ৱেব ডেস্ক, ২৮ আগষ্ট, ২০১৬ঃ
বিগত কুৰি বছৰে বিদেশী ন্যায়াধিকৰণত নিম্পত্তিহীনভাৱে পৰি আছে ১,৩৬,৪৪৮টা গোচৰ। ১৯৯৭ চনৰ পৰা ২০১৩ চনৰ ৩০ এপ্রিলপর্যন্ত চিনাক্ত হৈছে ১১,০৬৪জন বিদেশী। চৰকাৰী প্রতিবেদনত প্রকাশ পাইছে এই উদ্বেগজনক খবৰ। চৰকাৰৰ প্রতিবেদনত প্রকাশ পোৱা তথ্য মতে ২০০১ চনত অসমত ১,৮৭,৬৭২জন ডি’ ভোটাৰ। ইয়াৰ ভিতৰত বৰপেটা জিলাত আছে সর্বাধিক ‘ডি’ ভোটাৰ। বৰপেটা জিলাত ৩০,৭৫৭জন ডি' ভোটাৰ থকাৰ বিপৰীতে ধুবুৰীত ২৮,৩৬৪জন, নগাঁও জিলাত ২২,৪৭৫জন, শোণিতপুৰ জিলাত আছে ২২,১০৭জন ‘ডি’ ভোটাৰ। ধুবুৰী জিলাৰ ‘ডি’ ভোটাৰৰ ২৭,১৯২টা গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হৈছিল। ইয়াৰ ভিতৰত ৯,৬৯১টা গোচৰ নিম্পত্তি হয়, য’ত ১,১১২জন বিদেশী বুলি চিনাক্ত কৰা হয়। দক্ষিণ শালমাৰা জিলাত ১,১৭২টা গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হৈছিল। ইয়াৰে ভিতৰত ১৭৭টা গোচৰ নিম্পত্তি হয়, য’ত ২৪জন বিদেশী চিনাক্ত কৰা হয়। গোৱালপাৰা জিলাত বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হৈছিল ১১,৯৫২টা গোচৰ। ইয়াৰ ভিতৰত ৬,১৬৮টা গোচৰ নিম্পত্তি হয়। গোৱালপাৰা জিলাত চিনাক্ত হয় ১,২৪২জন বিদেশী। কোকৰাঝাৰ জিলাত বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হয় ১,৬৪২টা গোচৰ। উক্ত গোচৰসমূহৰ নিম্পত্তি হয় ৭২৮টা। ইয়াৰ ভিতৰত চিনাক্ত হয় ৬৮জন বিদেশী। বঙাইগাৱত ৭৭২টা গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হয়।

ইয়াৰ ভিতৰত ৭২৯টা গোচৰ নিম্পত্তি হয়। বঙাইগাঁও জিলাত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে চিনাক্ত হয় ৬জন বিদেশী। বৰপেটা জিলাত ৩০,৭৫৭টা গোচৰৰ ভিতৰত ৪,৭৪২টা গোচৰ নিম্পত্তি হয় আৰু চিনাক্ত হয় ৩৪১জন বিদেশী। নলবাৰী জিলাত ৬৭৩টা গোচৰৰ ভিতৰত ১৯০টা গোচৰ নিম্পত্তি হয় আৰু চিনাক্ত হয় ৬জন বিদেশী। কামৰূপ জিলাত ২,৭৭১টা গোচৰৰ ভিতৰত ২,৭৭১টা গোচৰেই নিম্পত্তি হয়। কামৰূপ জিলাত ১৩৩জন বিদেশী চিনাক্ত কৰা হয়। গুৱাহাটী মহানগৰত ১১,৮৮৬টা গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হয়। ইয়াৰ ভিতৰত ৫,৭০২টা গোচৰ নিম্পত্তি হয় আৰু চিনাক্ত হয় ১০৮জন বিদেশী। দৰঙত ৯,০০৫টা গোচৰৰ ভিতৰত ৭,৮৮০টা গোচৰ নিম্পত্তি হয় আৰু চিনাক্ত হয় ৩৭১জন বিদেশী। শোণিতপুৰ জিলাত ২৩,৩২১টা গোচৰৰ ভিতৰত ১১,১৯৬টা গোচৰ নিম্পত্তি হয়। আন জিলাসমূহতো নিম্পত্তি নোহোৱাকৈ পৰি আছেশ শ গোচৰ।
facebook
twitter
google+
fb share