সন্ত্ৰাসবাদী নিপাত যাব কেতিয়া ?

By  Rehna Sultana :

6 Aug, 2016 :

বি টি এ ডিত আকৌ হত্যালীলা। ইমান আতংকৰ মাডত বি টি এ ডি সঁচাকৈয়ে মানুহৰ বসবাসৰ উপযোগী হয়নে? ভাবিবলগীয়া, অসমখন কিমান নিৰাপদ। যোৱা বছৰ দক্ষিণ ভাৰতৰ মহিশূৰলৈ যাওঁতে তাৰে ৰেষ্টোৰা এখনত খাবলৈ গৈ স্থানীয় মানুহ এজনৰ লগত চিনাকী হৈছিলোঁ।


 মানুহজনে মই ক'ৰ পৰা আহিছোঁ বুলি সুধিলে। মই যেতিয়া অসমৰ পৰা আহিছোঁ বুলি ক'লোঁ মানুহজনে যিটো ভংগীত চকু দুটা ডাঙৰ কৰি "क्या आसाम से आयी हो'' বুলি সুধিলে মই আচৰিত হ'লোঁ আৰু মানুহজনক সুধিলোঁ অসমৰ পৰা আহিছোঁ তাতে কি হ'ল? আৰু তেতিয়া মানুহজনে যিখিনি কথা ক'লে মোৰ মুখৰ মাত সৰিল। তেওঁৰ মতে অসমখন সন্ত্ৰাসবাদৰ ঠাই। তাত মানুহে কেনেকৈ থাকে সেইটোহে তেওঁৰ ওচৰত আশ্চৰ্যৰ বিষয় । তেওঁ হেনো এবাৰ অসমত (গুৱাহাটীত) আহিছিল কিবা কামত আৰু তেতিয়া হেনো গুৱাহাটীত ধাৰাবাহিক বোমা বিস্ফোৰণ হৈছিল। তাৰোপৰি কাগজে-পত্ৰই বা টিভিত হেনো চাই-শুনিয়ে থাকে অসমৰ কথা, অসমৰ আতংকবাদীৰ কথা। গতিকে তেওঁ হেনো প্ৰতিজ্ঞা কৰিছে অসমত আৰু কেতিয়াও নাহে। সেইখিনি সময়ত বহুত খং উঠিছিল মানুহজনৰ ওপৰত।তেওঁৰ লগত তৰ্ক কৰিছিলোঁ যে আপুনি বহুত ভুল ধাৰণা লৈ আছে। আমাৰ অসমখন বহুত ভাল। আপুনি কোৱাৰ দৰে তাত কোনো সন্ত্ৰাসবাদ বা আতংকবাদীৰ ঠাই নাই ইত্যাদি ইত্যাদি। মানুহজনক ইমান বেছি বেয়া পাইছিলো যে তাৰ পাছতো সেইখন ৰেষ্টুৰেন্টত গৈ মানুহজনক লগ পাইছোঁ যদিও কেতিয়াও মতা নাই তেওঁক।

এতিয়া মোৰ প্ৰশ্ন হ'ল সচাকৈয়ে অসমখন সন্ত্ৰাসবাদীৰ ঠাই নে? সময়ে সময়ে হোৱা হত্যালীলা, মাৰা-মাৰি, কটা-কটিয়ে চোন ইয়াকেই প্ৰমাণ কৰে। লাজ লগা হৈছে বাহিৰত গৈ নিজকে মই অসমৰ বুলি পৰিচয় দিবলৈ। ইয়াৰ আগতে 'বাদ দিয়াহে' বুলি গা এৰি দিয়া গগৈ চৰকাৰৰ দিনতো বি টি এ ডিত হাজাৰ হাজাৰ নিৰীহ লোকৰ তেজেৰে ফাকুৱা খেলা হ'ল যদিও চৰকাৰে নিশ্চুপ হৈ থাকিল। এতিয়া নতুন চৰকাৰে এনে ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে হাত সাৰিলে সমস্যাৰ সমাধান হ'ব নে? নে এয়া বি টি এ ডিক কেন্দ্ৰ কৰি নতুন চৰকাৰৰ ৰাজনীতিৰ পাশাখেল আৰম্ভ হৈছে?? অসমৰ সংবাদ মাধ্যমৰ নিলৰ্জ্জতাৰ কথা নকলোৱেই যেনিবা। ভুৱা সংবাদ প্ৰচাৰ কৰি সাধাৰণ জনতাক বিপথে পৰিচালিত কৰা অসমৰ সংবাদ মাধ্যমৰ ওপৰত বিহিত ব্যৱস্থা লোৱা উচিত।


পঢ়ক : কোকৰাঝাৰত কিহৰ বাবে এই হত্যা লীলা ?


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment