ষ্টেডিয়ামৰ সা-সুবিধাত মুগ্ধ টাম ইণ্ডিয়াৰ প্ৰশিক্ষক অনিল কুম্বলে

ৱেব ডেস্ক, ২৭ আগষ্ট, ২০১৬ঃ
বিশ্বৰ অন্যতম লোৱা আমেৰিকাত কাইলৈ টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টি-২০ত অৱতীর্ণ হ’ব। ফ্ল’ৰিডাৰ চেণ্টেল ব্ৰ’ৱার্ড ৰিজ'নেল পার্কত অনুষ্ঠিত হ’বলগীয়া মেচখনত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটো ফেভাৰিট হিচাপে খেলপথাৰত নামিব। কিয়নো ইতিমধ্যে সমাপ্ত হোৱা টেষ্ট শৃংখলাত ভাৰতে ঘৰুৱা দল ৱেষ্ট ইণ্ডিজক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে। টেষ্ট শৃংখলাত লাভ কৰা সাফল্যৰে উজ্জীৱিত হৈ থাকিলেও কেৰিবিয়ান দলটোৱে ধোনী বাহিনীক তীব্র প্রত্যাহান জনোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কিৰণ পোলার্ড, মালন ছেমুৱেলছ আৰু কালোছ ব্ৰেইথৱেটৰ দৰে বিশ্বৰ কেইবাজনো মাৰমুখী বেটছমেনেৰে সমৃদ্ধ ৱেষ্ট ইণ্ডিজক প্রতিহত কৰাটো ভাৰতীয় হ’ব। ইফালে, টেষ্টত সুন্দৰ প্রদর্শন আগবঢ়োৱা বিৰাট কোহলি, আজিংক্য ৰাহানে, শিখৰ ধাৱন, অধিনায়ক ধোনী, ৰোহিত শৰ্মাৰ অন্তভুক্তিয়ে টীম ইণ্ডিয়াৰ বেটিং লাইনআপক অধিক শক্তিশালী কৰিব। উল্লেখ্য যে দুখন মেচৰ এই শৃংখলাত পৰাজয়বৰণ কৰিলে ভাৰতে টি২০ ৰেংকিঙৰ দ্বিতীয় স্থান হেৰুৱাব। খেলৰ সময় - সন্ধিয়া ৭.৩০ বজাত
facebook
twitter
google+
fb share