ব্ৰহ্মপুত্ৰ খননৰ বাবে বিশ্ব বেংকৰ ৯৮০ কোটি টকা অনুমোদন

উত্তৰ-পূব চাহ সন্মিলনত জল পৰিবহণক লৈ আশাবাদী মন্ত্রী পাটোৱাৰী
Image result for labour working in brahmaputra river with JCB
ৱেব ডেস্ক, ২৬ আগষ্ট, ২০১৬ঃ
ব্রহ্মপুত্ৰ খননৰ বাবে বিশ্ব বেংকে ৯৮০ কোটিটকীয়া এক পূজিত অনুমোদন জনাইছে। অদূৰ ভবিষ্যতে ব্যৱসায়িক কাম-কাজত নদীখনেৰে জাহাজ চলাচল সম্ভৱপৰ হৈ পৰিব। —এই দাবী ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ। - কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই) আৰু ৰাজ্য চৰকাৰৰ চাহ সঞ্চালকালয়ৰ যুটীয়া উদ্যোগত আজি মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত উত্তৰ-পূব চাহ সন্মিলন আৰু চাহ মেলা-২০১৬’ত উপস্থিত থাকি মন্ত্রী পাটোৱাৰীয়ে ব্ৰহ্মপুত্ৰৰ জলপথেৰে বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে সংযোগ স্থাপন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে। তেওঁ কয় যে ব্যৱসায়ৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰৰ জলপথ মুকলি হ’লে সামগ্ৰীৰ পৰিবহণ ব্যয় যথেষ্ট হ্রাস পাব। ইয়াৰ ফলত অসম হৈ পৰিব দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ৰপ্তানিৰ কেন্দ্রস্থলস্বৰূপ। কেন্দ্রীয় চৰকাৰৰ এক্ট ইষ্ট পলিচীয়ে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ব্যৱসায়িক সম্পর্ক স্থাপনক প্রধান লক্ষ্য হিচাপে লৈছে। ইয়াৰ প্রথম পদক্ষেপ হিচাপে গুৰুত্ব দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ জলপথ মুকলি কৰাত। জলপথ সম্ভৱৰ হৈ উঠাৰ লগে লগে অসমে বাংলাদেশ আৰু পশ্চিমবংগৰ ৰেউমেড সামগ্ৰীৰ বজাৰখন লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁৰ মতে, এই ব্যৱসায়িক সম্পর্ক পাছলৈ থাইলেণ্ড, ম্যানমাৰ, লাউচ, কম্বোডিয়াকে ধৰি দক্ষিণপূব এছিয়াৰ অন্য দেশসমূহলৈও সম্প্রসাৰিত হ'ব। জলপথৰ উপৰি দক্ষিণ-পূব এছিয়াৰ সৈতে অসমক বায়ুপথেৰে সংযোগ কৰাৰ ক্ষেত্ৰতো কেন্দ্রীয় চৰকাৰে ইতিমধ্যে সন্মতি প্রদান কৰাৰ কথাও তেওঁ সদৰী কৰে। এই সন্দৰ্ভত মন্ত্রী পাটোৱাৰীয়ে কয়— বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো নামতহে আন্তর্জাতিক বিমানবন্দৰ। এই বন্দৰটোৰ পৰা বহিঃৰাষ্ট্রলৈ কোনো বিমান চলাচল নকৰে। যোৱা মাহত নতুন দিল্লীত ৰিজিঅ'নেল কানেক্টিভিটি পলিচীৰ ওপৰত অনুষ্ঠিত বৈঠকত মই বিমানবন্দৰটোত কমেও আন দুটা ৰানৱেৰ ব্যৱস্থা কৰাৰ প্ৰসংগ অৱতাৰণা কৰিছিলো, যাতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ আন্তর্জাতিক বিমানৰ উৰণ সম্ভৱপৰ হয়। কেন্দ্রীয় চৰকাৰে এইক্ষেত্ৰত সন্মতি প্রদান কৰিছে। তদুপৰি অধিকসংখ্যক হেলিপেড স্থাপনেৰে অসমত আকাশীপথৰ সংযোগ ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ বাবেও কেন্দ্রীয় চৰকাৰে উদ্যোগ লৈছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে চাহ উদ্যোগৰ সৈতে জড়িত দেশৰ বিভিন্ন প্রান্তৰ প্রতিনিধিবৰ্গৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটো বন্তি প্রজ্বলনেৰে উদ্বোধন কৰে মন্ত্রী পাটোৱাৰীয়ে।
Image result for World bank
চাহ উদ্যোগৰ দেশৰ অৰ্থনীতি উন্নয়নত যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সম্প্রতি অসমতে প্রায় ৭৯ হাজাৰ স্বীকৃতিপ্রাপ্ত আৰু ১ লাখৰো অধিক অস্বীকৃতিপ্রাপ্ত ক্ষুদ্র চাহ খেতিয়ক আছে। অনাগত সময়ছোৱাত বিমানবন্দৰৰ সমীপত ৰে’ল যোগাযোগ ব্যৱস্থা থকা স্থানত চাহ উদ্যোগ গঢ়ি তোলা হ’ব। অনুষ্ঠানটোৰ আহায়ক তথা ভাৰতীয় চাহ পৰিষদৰ বিদ্যানন্দ বৰকটকীয়ে সুদীর্ঘ ৯ বছৰৰ বিৰতিত সন্মিলনখন আয়োজন কৰিবলগীয়া হোৱাটো নিশ্চিতভাৱে পৰিতাপৰ কথা বুলি মন্তব্য কৰে। স্মর্তব্য যে ২০০৭ চনত আন্তঃৰাষ্ট্রীয় চাহ সন্মিলন অনুষ্ঠিত কৰা হৈছিল। সন্মিলনখনৰ লগত সংগতি ৰাখি দুখনকৈ আলোচনা-চক্রও অনুষ্ঠিত হয়। এই আলোচনা-চক্ৰত চিআইআইৰ উত্তৰবংগৰ উপাধ্যক্ষ ৰবি আগৰৱালা, চাহ ব'ৰ্ডৰ উত্তৰ-পূব মাগুলিক কার্যালয়ৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ কুমাৰ, চাহ উন্নয়ন আৰু চাহ উন্নয়ন দপ্তৰৰ সঞ্চালক এছ সুন্দৰঞ্জনে বক্তব্য দিয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment