ৱেব ডেস্ক, ১০ আগষ্ট :
কোকৰাঝাৰ জিলাৰ পূব বালাজান তিনিআলি কাণ্ডত নিহত মঞ্জয় ওৰফে মাওদাং বুলি সন্দেহ কৰা ঘাতকজনক লৈ এইবাৰ কেতবোৰ চাঞ্চল্যকৰ দাবী কৰিছে এন ডি এফ বি(ছ)ৰ সভাপতি ছাওৰাইগ্রায়ে। গণহত্য সন্দৰ্ভত আজি কাকতলৈ প্ৰেৰণ কৰা বিবৃতিত ছাওৰাইগ্রায়ে প্রকাশ কৰা অনুসৰি যোৱা ১১ মে’ত সেনা-আৰক্ষীয়ে ৰিপু সংৰক্ষিত বনাঞ্চলত অভিযান চলোৱাৰ পিচতে মাওদাঙে আত্মসমপণ কৰিবলৈ বিচাৰিছিল আৰু ইয়াৰ বাবে বি টি চি প্রধান হাগ্রামা মহিলাৰীৰ মাধ্যমেৰে অসম চৰকাৰৰ সৈতে যোগাযোগো কৰিছিল। বিবৃতিটোত এন ডি এফ বিয়ে দাবী কৰা আৰক্ষীৰ পূর্বপৰিকল্পিত।
পৰিকল্পনা অনুসৰিয়ে ক’লা পোছাক পৰিহিত দুজন অসম আৰক্ষীৰ জোৱানে উক্ত দিনা মাওদাঙক হাত-ভৰিত ৰছী বান্ধি বালাজান তিনিআলিৰ সাপ্তাহিক বজাৰলৈ টেম্পত আনিছিল আৰু জনসাধাৰণৰ ওপৰত গুলীবর্ষণ কৰাৰ লগতে মাওদাঙকো শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল। ক’লা পোছাক পৰিহিত আন দুজন লোক তাৰ পৰা পলাবলৈ সমর্থ হ’ল বুলিও ছাওৰা গ্রায়ে প্রশ্ন কৰে। সভাপতিজনে হিমন্তবিশ্ব শৰ্মা আৰু হাগ্রামা মহিলাৰীৰ মন্তব্যকে সমালোচনা কৰে। অৱশ্যে এন ডি এফ বিৰ নেতাজনৰ এনে বক্তব্যৰ বিপৰীতে একাংশ প্রত্যক্ষদর্শীৰ ভাষ্যৰ উদ্ধৃতিৰে কেতবোৰ অন্য তথ্যহে ইতিপূর্বে প্রকাশ পাইছে।
facebook
twitter
google+
fb share