৪৬ খন এ চি বাছৰ যাত্রাৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রীয়ে

ৱেব ডেস্ক, ৪ আগষ্ট, ২০১৬ঃ
অসম ৰাজ্যিক পৰিবহণ নিগমে নতুন যাত্রা আৰম্ভ কৰিছে৷ এই যাত্রা অবিৰত থকাৰ কথা সদৰী কৰিছে ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ গুৱাহাটীৰ আই এছ বি টিৰ পৰা গুৱাহাটীৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চললৈ যাত্রা কৰা ৪৬ খন এয়াৰ কণ্ডিশ্যনযুক্ত বাছৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ফ্লেগ অফ কৰি সোণোৱালে কয় যে ৰাইজে অসম ৰাজ্যিক পৰিবহণ নিগমক মৰম আৰু আস্থাৰে গ্রহণ কৰিব লাগিব৷ সোণোৱালে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগম অসমীয়া জাতিৰ এক পৰিচয়৷ নিগমে অসমৰ সমাজ জীৱনত সমন্বয় সৃষ্টি কৰিছে৷ ৰাজ্যৰ অর্থনীতিৰ বাবে পৰিবহণ নিগমক অর্থৱহ কৰি তুলিব লাগিব৷ লোকচানত থকা নিগমক লাভজনক কৰিব লাগিব৷ সোণোৱালে কয় যে এইক্ষেত্রত পৰিবহণ নিগমৰ বিষয়া-কর্মচাৰীসকলে নিষ্ঠা সহকাৰে নিয়মানুৱর্তিতাৰে কাম কৰিব লাগিব৷ জে এন এন ইউ আৰ এমৰ পৰা লাভ কৰা এই ৪৬ খন বাছে গুৱাহাটীৰ লগত দাঁতিকাষৰীয়া অঞ্চলৰ সংযোগ ঘটাব৷ প্রতিটো আস্থানত বাছসমূহ পৰিষ্কাৰকৈ ৰখাৰ ক্ষেত্রত ৰাইজক সহায় কৰিবলৈ তেওঁ আহবান জনায়৷ দ্বিতীয় পর্যায়ত আৰু ৫৮ খন বাছ নিগমে লাভ কৰাৰ কথাও তেওঁ সদৰী কৰে৷ অনুষ্ঠানত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে ১৯৭০ চনত নিগম প্রতিষ্ঠা হৈছিল৷ এই নিগমক সংস্কাৰ কৰাৰ প্রয়োজন আছে৷ নিগমে নতুন যাত্রা আৰম্ভ কৰিছে আৰু এই যাত্রা অবিৰত হৈ থাকিব৷ আজিৰ অনুষ্ঠানত দিছপুৰৰ বিধায়ক অতুল বৰা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে পৰিবহণ বিভাগ আৰু পৰিবহণ নিগমৰ বিষয়াসকল উপস্থিত আছিল৷

About Entrepreneurs World

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment