ৰাজ্যজুৰি অভিৰুচি ক্রীড়া দিৱস পালন

ৱেব ডেস্ক, ৪ আগষ্ট, ২০১৬ঃ
‘‘দ্বিতীয়বাৰলৈ মই গুৱাহাটীত ভৰি দিছোঁহি৷ প্রথমবাৰ আহিছিলোঁ দক্ষিণ এছীয় ক্রীড়াত (ছাগ) ভাগ ল’বলৈ৷ সঁচাই মই অভিভূত৷ ক্রীড়া দিৱস তথা অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন হিচাপেই এই পুৱাতে ইমানসংখ্যক লোক গোট খাইছে৷ এনেকুৱা পৰিৱেশ আন ক’তো দেখা নাই৷’’– উত্তৰ-পূবৰ প্রথমগৰাকী অর্জুন বঁটা প্রাপক ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন হিচাপে অভিৰুচি গোষ্ঠীয়ে আয়োজন কৰা 33 সংখ্যক অভিৰুচি ক্রীড়া দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি অলিম্পিয়ান দু্যতি চান্দে আজি এইদৰে কয়৷ ৰাজ্যবাসীৰ অতি মৰমৰ এথলীটগৰাকীৰ ওপজা দিন পালনৰ নামত চানমাৰিৰ উৰণীয়া সেতুৰ ওপৰত পুৱাতে উপস্থিত হয় কেইবাখনো বিদ্যালয় তথা অনুষ্ঠান-প্রতিষ্ঠানৰ কেইবা সহস্রাধিক ছাত্র-ছাত্রী৷
অর্জুন ভোগেশ্বৰ বৰুৱা নিজে উপস্থিত থকা পুৱাৰ অনুষ্ঠানত মুখ্য অতিথি দু্যতি চান্দৰ লগতে তেওঁৰ প্রশিক্ষক গায়ত্রী দাস, প্রাক্তন মন্ত্রীত্রয় ক্রমে ডাঃ কমলা কলিতা, বিৰাজ কুমাৰ শর্মা আৰু ৰবীন বৰদলৈৰ লগতে ক্রীড়া সংগঠক লীলা গগৈ উপস্থিত আছিল৷ ৰিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা দু্যাতিয়ে সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰাৰ পাছত বিভিন্ন স্কুলৰ ছাত্র-ছাত্রী তথা অনুষ্ঠান-প্রতিষ্ঠানৰ সদস্যসকলে শৃংখলাবদ্ধভাৱে স্থানীয় নেহৰু ষ্টেডিয়াম অভিমুখে আগ বাঢ়ে৷ শিৱসাগৰ জিলাত আজি বিয়লি নিজৰ আৱক্ষ মূর্তি স্থাপন অনুষ্ঠানত উপস্থিত থকাৰ উদ্দেশ্যে ভোগেশ্বৰ বৰুৱাই তাৰ পৰাই উজনিলৈ যাত্রা কৰে৷ তাৰ আগেয়ে নিজৰ ভাষণত বৰুৱাই বর্তমানেও ভাৰতত ক্রীড়াৰ ক্ষেত্রত নিয়মানুৱর্তিতা মানি চলা হোৱা নাই বুলি খেদ ব্যক্ত কৰে৷ তেওঁ কয় যে তেওঁৰ দিনতো প্রশিক্ষকৰ ৰূপত আনক পঠোৱাটো ভাৰতৰ সুলভ আছিল আৰু আজিও সেই একেই পৰিৱেশেই বাহাল আছে৷ যিদিনালৈ ভাৰতৰ ক্রীড়া ক্ষেত্রত নিয়মানুৱর্তিতা প্রযোজ্য নহ’ব তেতিয়ালৈ দেশে উচিত সাফল্য লাভ নকৰে বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ প্রায় পাঁচ সহস্রাধিক ছাত্র-ছাত্রীয়ে সংগবদ্ধভাৱে গন্তব্যস্থল নেহৰু ষ্টেডিয়ামত উপস্থিত হোৱাৰ পাছত পুৱা 8-30 বজাৰ পৰা ৰবীন্দ্র ভৱনত অনুষ্ঠিত হয় বিদ্যালয়ৰ শিক্ষার্থীৰ মাজত শাৰীৰিক ব্যায়াম আৰু সমূহীয়া নৃত্য প্রতিযোগিতা৷

About Entrepreneurs World

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment