১৬ ছেপ্টেম্বৰ, ২০১৬ :

হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিষয়টাে লৈ বিতর্ক অব্যাহত থকাৰ সময়তে ইয়াৰ দিহা থকা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত সাধাৰণ জনতা তথা দল-সংগঠনৰ মতামত আৰু পৰামর্শ বিচাৰিছে যৌথ সংসদীয় কমিটীয়ে। এই কমিটীৰ পৰামৰ্শৰ ওপৰত বাংলাদেশৰ লগতে চুবুৰীয়া ৰাষ্ট্র পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা সেই দেশৰ ধৰ্মীয় সংখ্যালঘু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ দিহা থকা বিধেয়কখনৰ ভৱিষ্যৎ নির্ভৰশীল হৈ মতামত তথা পৰামর্শ বিচাৰিছে। ৩০ ছেপ্টেম্বৰৰ ভিতৰত এই বিধেয়ক সন্দৰ্ভত সাধাৰণ জনতা তথা দল-সংগঠনে নিজৰ মতামত আৰু পৰামৰ্শ কমিটীলৈ প্ৰেৰণ কৰিব পাৰিব। পত্র, ই-মেইল আৰু ফেক্সযোগে নিজৰ মতামত বা পৰামর্শ প্রেৰণ কৰাৰ লগতে কমিটীৰ আগত হাজিৰ হ’বলৈ ইচ্ছা কৰিলে তেনে দল-সংগঠন অথবা ব্যক্তিয়ে এই বিষয়ে নিজৰ ইচ্ছা প্রকাশ কৰিব পাৰিব। এইক্ষেত্ৰত কমিটীয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব। উল্লেখযোগ্য যে বাংলাদেশৰ লগতে চুবুৰীয়া ৰাষ্ট্র পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা সেই দেশৰ ধৰ্মীয় সংখ্যালঘু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সুগম কৰাৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে ১৯৫৫ চনৰ নাগৰিকত্ব আইনত সংশোধন ঘটােৱাৰ প্ৰয়াস চলাইছিল। ইয়াৰ বাবে সংসদৰ শেহতীয়া বর্ষাকালীন অধিৱেশনৰ সময়ত যোৱা ১৯ জুলাইত চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ লোকসভাত দাখিল কৰিছিল। অধিৱেশন চলি থকা অৱস্থাত যোৱা ১১ আগষ্টত উক্ত বিধেয়ক আলোচনাৰ বাবে উত্থাপন হােৱাৰ কথা আছিল যদিও পশ্চিমবংগ, ওড়িশা আৰু মধ্য প্ৰদেশৰ সাংসদৰ তীব্র বিৰােধিতাৰ ফলত চৰকাৰে বিধেয়কখন যৌথ সংসদীয় বাছনি কমিটীলৈ প্রেৰণ কৰিবলৈ বাধ্য হৈছিল। সেইদিনা সাংসদসকলে উক্ত বিধেয়কৰ লগত অসম চুক্তিৰ সম্পর্ক থকাৰ লগতে বিষয়টােৰ স’তে প্রতিজন ভাৰতীয়ৰ আৱেগ-অনুভূতিজড়িত হৈ থকালৈ চাই এই বিধেয়ক সংসদীয় যৌথ কমিটীলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনাইছিল। লোকসভাৰ ২০ জন আৰু ৰাজ্যসভাৰ ১০ জন সাংসদেৰে গঠন কৰা ৩০ জনীয়া উক্ত কমিটীত অসমৰ সাংসদ ৰমেন ডেকা, কামাখ্যাপ্রসাদ তাছা, সুস্মিতা দেৱ আৰু ভুবনেশ্বৰ কলিতা সদস্য হিচাপে আছে। আজি এক বিবৃতিযোগে তথ্য আৰু সম্প্রচাৰ মন্ত্র্যালয়ে কৈছে যে উক্ত বিধেয়ক সন্দৰ্ভত কোনো ব্যক্তি বা দল-সংগঠনে নিজৰ মতামত তথা পৰামর্শ হিন্দী অথবা ইংৰাজী ভাষাত প্ৰেৰণ কৰিব পাৰিব আৰু এই তথ্য সম্পূর্ণ গোপনে ৰখা হ’ব। লগতে এনে পৰামর্শ বা মতামতৰ দুটা প্রতিলিপি প্ৰেৰণ কৰাৰ বাবে অনুৰােধ জনাই বিবৃতিত কোৱা হৈছে যে কমিটীৰ আগত হাজিৰ হ’ব খুজিলে তেনে ব্যক্তি অথবা দল-সংগঠনে এই বিষয়ে নিজৰ ইচ্ছা ব্যক্ত কৰিব লাগিব আৰু এইক্ষেত্ৰত কমিটীয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব। লোকসভাৰ ৱেবছাইটত এই বিধেয়ক উপলব্ধ হােৱাৰ কথা উল্লেখ কৰি বিবৃতিত লগতে ই-মেইল প্রেৰণৰ বাবে jccab-iss@sansad.nic.in ঠিকনা দিয়া হৈছে। ইয়াৰ উপৰি পত্ৰযোগে (24 4s-4 ser(7- Additional Director, Lok Sabha Secretariat, Room No. 317 (OC), Third Floor, Parliament House Annexe, New Delhi-1 10001 আৰু ফেক্সত 01123016238 নম্বৰত এনে মতামত প্ৰেৰণ কৰিব পাৰিব। এনে মতামত তথা পৰামৰ্শ কমিটীৰ তথ্যৰ অন্তৰ্ভুক্ত হ’ব আৰু ই বিশেষ গুৰুত্ব লাভ কৰিব বুলি বিবৃতিত উল্লেখ কৰা হৈছে। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনা কমিটীয়ে এই বিধেয়ক সন্দৰ্ভত নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগে।
facebook
twitter
google+
fb share