
ৱেব ডেস্ক, ১৭ চেপ্টেম্বৰ, ২০১৬ঃ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অহা ৩ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈকে ১৮ সংখ্যক উত্তৰ-পূব গ্রন্থমেলা অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদমেলত আয়োজন কৰি উদ্যোক্তাসকলে গ্রন্থমেলাৰ প্রস্তুতি সন্দর্ভত সাংবাদিকক অৱগত কৰে৷ গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানলৈ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, শিক্ষামন্ত্রী ড0 হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মানৱ সম্পদ বিকাশ মন্ত্র্যালয়ৰ মন্ত্রী প্রকাশ জাভড়েকাৰৰ লগতে কেইবাজনো বিশিষ্ট সাহিত্যিকক নিমন্ত্রণ জনোৱা হৈছে৷
উদ্বোধনী অনুষ্ঠানত কলকাতা পাব্লিছার্ছ গিল্ড, ত্রিপুৰা পাব্লিছার্ছ গিল্ড, ফেডাৰেশ্যন অব ইণ্ডিয়ান পাব্লিছার্ছ, নেশ্যনেল বুক ট্রাষ্ট আৰু সাহিত্য অকাডেমিকে ধৰি অনুষ্ঠানসমূহৰ শীর্ষ বিষয়াসকল উপস্থিত থাকিব৷ এইবাৰ গ্রন্থমেলাত গুৱাহাটী আৰু অসমৰ বিভিন্ন স্থানৰ উপৰি আগৰতলা, কলকাতা, লুধিয়ানা, মুম্বাই, নতুন দিল্লী, শিলিগুৰি আৰু বাংলাদেশৰ প্রায় ১৫০ ৰো অধিক বিপণীয়ে অংশগ্রহণ কৰিব৷ তদুপৰি কেইবাখনো বিদেশী ৰাষ্ট্রৰ প্রতিষ্ঠানেও অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে৷
উল্লেখযোগ্য যে ১৮ সংখ্যক উত্তৰ-পূব গ্রন্থমেলাখন কবি-সাহিত্যিক প্রয়াত নলিনীধৰ ভট্টাচার্যৰ স্মৃতিত উৎসর্গা কৰাৰ লগতে গ্রন্থমেলাত আলোচনা গৃহটো প্রয়াত সাহিত্যিক মহিম বৰাৰ নামত উৎসর্গা কৰা হৈছে৷ গ্রন্থমেলাত ৬ নৱেম্বৰৰ দিনটোত দিনজোৰা কার্যসূচীৰে ‘ভূপেন্দ্র সংগীত প্রতিযোগিতা’ৰ আয়োজন কৰা হৈছে৷ গ্রন্থমেলাত এদিন মাজুলীৰ কলা-সাহিত্য-সংস্কৃতিৰ ওপৰত আলোচনা-চক্র আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷
গ্রন্থমেলাৰ বাকৰিত প্রতিদিনে আলোচনা-চক্র, কবি সন্মিলন, সাংস্কৃতিক অনুষ্ঠান আৰু গীতিকবি পার্বতী প্রসাদ বৰুৱাৰ সোঁৱৰণত অসমৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান প্রতিযোগিতাৰ আয়োজন কৰা হৈছে৷ গ্রন্থমেলাত প্রতিটো দিনত গ্রন্থপ্রেমী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগ কামনা কৰিছে আয়োজক সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই৷
facebook
twitter
google+
fb share