পুনৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’ল ৰাজনৈতিকভাৱে অস্থিৰ অৰুণাচল প্রদেশত।

সকলোকে আশ্চর্যচকিত কৰি ৪২ গৰাকী মন্ত্রীবিধায়কক লৈ কংগ্রেছী মুখ্যমন্ত্রী পেমা খাণ্ডৱে আজি অৰুণাচল প্ৰদেশৰ আঞ্চলিক দল পিপলছ পাটি অব অৰুণাচলত (পি পি এ) যোগদান কৰে। পি পি এ দলটাে বিজেপিৰ সহযোগী হােৱাৰ সূত্রে অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডৰ চৰকাৰ কেন্দ্ৰত শাসনাধিষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন ডি এ) অংগ হৈ পৰিল। অৰুণাচল প্রদেশ বিধানসভাত ৪৪ জন কংগ্রেহী বিধায়কৰ ৪৩ জনে আঞ্চলিক দলটোত যোগদান কৰাৰ পিচত কংগ্ৰেছৰ পক্ষত ৰ’লগৈ একমাত্র এজন বিধায়ক- এই বিধায়কগৰাকী হ’ল প্রাক্তন মুখ্যমন্ত্রী নাবাম টুকী।। ৬০ জনীয়া বিধানসভাত প্রথমতে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা আছিল ৪৭ গৰাকী, দুগৰাকী বিধায়ক নিলম্বিত হৈ থকাৰ লগতে আন এগৰাকী বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী কালিখ” পুলে আত্মহত্যা কৰাৰ পিচত আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হয়গৈ ৪৪ গৰাকী। বিধানসভাত বিজেপিৰ বিধায়কৰ সংখ্যা ১১ গৰাকী হােৱাৰ বিপৰীতে আছে দুগৰাকী নির্দলীয় সদস্য। প্রয়াত মুখ্যমন্ত্রী কালিখ” পুলে আৰম্ভ কৰা কংগ্ৰেছবিৰােধী ৰাজনৈতিক যুঁজখনৰ শুকুৰবাৰে আন এক নাটকীয় পৰিবর্তন হয়। আজি পুৱাৰ ভাগত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠকত উপস্থিত থকা ৪৩ জন বিধায়কে সর্বসন্মতিক্রমে পি পি এ দলত যোগদানৰ সিদ্ধান্ত লয়। সেইমৰ্মে আটাইকেইজন বিধায়ক বিধানসভালৈ যায় আৰু তাতেই বিধানসভাৰ অধ্যক্ষ টেনজিং নৰবু। ংডকৰ ওচৰত সেই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। অধ্যক্ষ থংডকৰ লগতে মুঠ ৪৩ জন বিধায়কে স্বাক্ষৰ কৰি বিধানসভাত তেওঁলোকক পি পি এ দলৰ বিধায়কৰূপে স্বীকৃতি দিবলৈ আবেদন জনায়। এই আবেদনৰ লগত পি পি এ দলৰ অধ্যক্ষই কংগ্ৰেছৰ পৰা আহিব বিচৰা বিধায়কসকলক পি পি এ দলত যোগদানত আপত্তি নাই বুলি লিখি দিয়া এখন পত্ৰও গাঁঠি দিয়ে। উল্লেখ্য যে অৰুণাচল প্রদেশত যোৱা ২৬ জানুৱাৰীত ৰাষ্ট্রপতি শাসন বলৱৎ কৰাৰ পিচত বিগত ১৯ ফেব্ৰুৱাৰীত ৰাষ্ট্রপতি শাসন প্রত্যাহাৰ কৰা হৈছিল। সেইদিনাই কালিখ” পুলে কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰূপে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিছিল। ২৪ ফেব্ৰুৱাৰীত কালিখ” পুলে ৩০ জন কংগ্রেছ বিধায়কক লগত লৈ পি পি এ দলত যোগদান কৰিছিল। পিচত উচ্চতম ন্যায়ালয়ে কালিখ” পুলৰ চৰকাৰখনক অবৈধ ঘোষণা কৰাত হঠাৎ নাবাম টুকী মুখ্যমন্ত্রী হৈ যায়। কিন্তু বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ বাবে ৰাজ্যপালে দিয়া নির্দেশত বিমোৰত পৰে নাবাম টুকী। কাৰণ গৰিষ্ঠসংখ্যক বিধায়কেই নাবাম টুকীক সমর্থন কৰা নাছিল। ফলত নিশাৰ ভিতৰতে পেমা, খাণ্ডক মুখ্যমন্ত্রী পদৰ বাবে বাছনি কৰােৱা হয় আৰু নাটকীয়ভাৱে পেমা, মুখ্যমন্ত্রী হৈ পৰে। কালিখা পুলৰ সেনাপতি ৰূপত থিয় হৈ পেমাইটুকী চৰকাৰৰ ৰতনকুমাৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল যদিও শেষ নিশাৰ খেলত কালিখ’ পুলক একাষৰীয়া কৰি পেমই নাবাম টুকীৰ কৃপাত কংগ্ৰেছ দলৰ মুখ্যমন্ত্রী হৈছিল। নিজ সমৰ্থকৰ হাতত প্রতাৰিত হৈ হতাশ হৈ পৰা কালিখ” পুলে যোৱা ৯ আগষ্টত আত্মহত্যা কৰে। অৰুণাচলৰ ৰাজনীতিত পুলৰ আত্মহত্যাই প্রবল জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে হঠাৎ পেমা খাণ্ডৰ নেতৃত্বত কংগ্ৰেছ দলৰ ভেটি উছন কৰি আজি পেমা, সমন্বিতে ৪৩ জন কংগ্ৰেছ বিধায়কে পি পি এ দলত যোগদান কৰে। আন কথাত ক’বলৈ গ’লে মুখ্যমন্ত্রী হােৱাৰ বাবে পেমা খাণ্ডুৱে কালিখা পুলক কৰাৰ দৰেই এইবাৰ নাবাম টুকীকো প্ৰতাৰণা কৰিলে। আজি আবেলি মুখ্যমন্ত্রী পেমা খাণ্ডুৱে এখন সংবাদমেলত তেওঁৰ নেতৃত্বত ৪৩ জন বিধায়কে দল সলনি কৰাৰ কাৰণ হিচাপে অৰুণাচলৰ সর্বাংগীণ উন্নয়নৰ স্বাের্থই প্রধান কাৰণ বুলি অভিহিত কৰে। প্রায় ১,৩০০ কোটি টকাৰ ধাৰত পোত গৈ থকা ৰাজ্যখনক বিত্তীয় সংকটৰ পৰা মুক্ত নকৰাকৈ ৰাজ্যখনৰ উন্নয়ন সম্ভৱ নহয় বুলি তেওঁ যুক্তি দিয়ে। তেওঁ অৱশ্যে কেন্দ্ৰৰ বিজেপি চৰকাৰে কংগ্ৰেছ দলৰ চৰকাৰ হােৱা বাবেই বিত্তীয় সাহায্য দিয়া নাই বুলি কৰা প্রশ্নৰ উত্তৰত দায়সৰা মন্তব্য দিয়ে। তেওঁ লগতে কয় যে পি পি এ দলটাে যিহেতু নৰ্থ-ইষ্ট ডেম'ক্ৰেটিক এলায়েন্সৰ সহযোগী দল, সেয়ে স্বাভাৱিকতে অৰুণাচলৰ বর্তমানৰ চৰকাৰখন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বুলিয়েই পৰিগণিত হ’ব বুলিও মন্তব্য কৰে।
অৰুণাচলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলা
নিশাটােৰ ভিতৰতে কংগ্ৰেছ এৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডৰ নেতৃত্বত পিপলছ পার্টি অব অৰুণাচলত অন্তৰ্ভুক্ত হােৱা ৪৩ জন বিধায়কক আদৰণি জনাইছে উত্তৰ-পূব গণতান্ত্রিক মৰ্চাই (নেড)। পিপলছ পার্টি অব অৰুণাচল যিহেতুকে নেডাৰ অংশ আৰু নেডা বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ (এন ডি এ) অংশীদাৰ, গতিকে পেমা খাণ্ড নেতৃত্বাধীন অৰুণাচল প্ৰদেশৰ নতুন চৰকাৰখনাে এন ডি এত অন্তৰ্ভুক্ত হ’ব। এই অভিমত নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ। মহানগৰীৰ ব্ৰহ্মপুত্র অশোক হােটেলত আজি বিয়লি অনুষ্ঠিত সংবাদমেলত বিজেপিৰ দ্বাৰা গঠিত নেডাৰ আহ্বায়কজনে অৱশ্যে অৰুণাচল প্রদেশত নিশাটােৰ ভিতৰতে হােৱা ৰাজনৈতিক পট পৰিবৰ্তনৰ বিষয়টাে বিজেপিৰ অৱগত নাছিল। বুলি দাবী কৰে। তেওঁ কয়— ‘আজি পুৱা ৯ বজাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডৱে নেডাৰ আহ্বায়ক হিচাপে মােক টেলিফোন কৰি জনালে যে আজি দিনটােৰ ভিতৰত অৰুণাচলত এক ৰাজনৈতিক পৰিবর্তন হ’ব পাৰে, গতিকে আপুনি মোৰ ফোনৰ অপেক্ষাত থাকিব। মই অনুমান কৰিছিলো যে কিবা এটা হ’ব পাৰে। কিন্তু ধাৰণা কৰিব পৰা নাছিলো যে ৰাজনৈতিক পৰিবৰ্তনৰ প্রাবল্য ইমান বেছি হ’ব। বিয়লি তিনি বজাত পেমা খাণ্ডৱে মোক ফোন কৰি তেওঁৰ নেতৃত্বত থকা অৰুণাচল প্ৰদেশৰ ৪৩ জন কংগ্রেহী বিধায়কে পি পি এত যোগদান কৰা বুলি জানিবলৈ দিয়ে আৰু তেওঁলোকে নেডাৰ অংশীদাৰ হােৱাৰ বাবে আগ্রহ প্রকাশ কৰে। সন্ধিয়া ৪ বজাত মই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক বিষয়টাে অৱগত কৰো। মোৰ টেলিফোন পাইহে অমিত শ্বাহ ডাঙৰীয়াই অৰুণাচলৰ ৰাজনৈতিক পট পৰিবর্তন সম্বন্ধে জানিব পাৰে। নেডাৰ তৰফৰ পৰা পেমা খাণ্ড আৰু তেওঁৰ সতীর্থসকলক আদৰণি জনাইছো আৰু তেওঁলোকক আমাৰ সতীর্থ হিচাপে আঁকোৱালি লৈছে। অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ বিধায়কসকলে কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ নেতৃত্ব মানি ল’ব খোজা নাই। মণিপুৰ, মেঘালয়ৰ দৰে ৰাজ্যতাে কংগ্ৰেছত একে পৰিস্থিতিৰে সৃষ্টি হৈছে। মেঘালয়ত নেডাৰ বিধায়ক নাই যদিও আমি তাত যথেষ্ট শক্তিশালী। মণিপুৰতো নেডাৰ ৰাজনৈতিক স্থিতি ক্ৰমাৎ জনপ্রিয় হ’ব ধৰিছে। বাওঁপন্থীশাসিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজ্য ত্ৰিপুৰাতো দেখা গৈছে। ৰাইজৰ চি পি এমবিৰােধী স্থিতি। সমগ্র উত্তৰ-পূবত ৰাহুল গান্ধীৰ নেতৃত্বক এতিয়া কংগ্ৰেছৰ অধিকাংশ নেতা-বিধায়কে মানি ল’ব খোজা নাই। তাৰেই পৰিণতিত অৰুণাচল প্রদেশত কংগ্ৰেছৰ ৪৩ জন বিধায়কে স্বেচ্ছাই পি পি এৰ অংশীদাৰ হৈ নেডাত অন্তৰ্ভুক্ত হ’ব খুজিছে। পেমা খাণ্ড এতিয়া নেডাৰ মুখ্যমন্ত্রী হ’ব।” বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ মতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিকে ধৰি কেন্দ্রীয় নেতৃত্ব সম্প্রতি মণিপুৰৰ ৰাজনীতিক লৈহে সজাগ হৈ আছিল। অৰুণাচলত এনেদৰে এজন বিধায়কক বাদ দি সকলো কংগ্ৰেছ বিধায়কে পি পি এত অংশীদাৰ হৈ বিজেপিয়ে গঠন কৰা নেডাত একেদিনাই একেলগে অন্তৰ্ভুক্ত হ’ব বুলি কেন্দ্রীয় নেতৃত্বই ভবা নাছিল। শৰ্মাৰ মতে পেমা, খাণ্ড আৰু তেওঁৰ সতীর্থ বিধায়কসকলৰ পি পি এত অংশগ্রহণেৰে নেডাক উত্তৰ-পূবত অধিক শক্তিশালী কৰিব। পৰহিলৈ অৰুণাচল প্ৰদেশৰ সংসদীয় সচিবসকলৰ শপতগ্রহণ কাৰ্যসূচীলৈ যাব অসমৰ বিত্ত মন্ত্ৰীগৰাকী। কেইদিনমান পূর্বে কালিখ” পুল নেতৃত্বাধীন বিজেপি চৰকাৰ ভংগ কৰি পেমা খাণ্ডুৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰােতে গুৱাহাটীৰ জি এছ ৰােডত থকা ৰাজীৱ ভৱনত কংগ্রেছে ফটিকা ফুটাইছিল। এতিয়া একেজন পেমা খাণ্ডৰ নেতৃত্বত কংগ্ৰেছৰ ৪৩ জন বিধায়কে কংগ্ৰেছ এৰি নেডাত অন্তৰ্ভুক্ত হওঁতে ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্ৰেছে কি কৰিব, সেয়া ৰিপুণ বৰাই ভালকৈ গম পাব বুলি সংবাদমেলত কটাক্ষ কৰে শৰ্মাই।
facebook
twitter
google+
fb share