বৰপেটা, ১৯ ছেপ্টেম্বৰ ২০১৬ ইং : আজি পুৱাৰে পৰা কাজিৰঙাৰ বান্দৰডুবি আৰু দেওচুৰচাঙত খিলঞ্জীয়া লোকক উচ্ছেদৰ নামত অসম চৰকাৰ তথা প্রশাসনে চলোৱা বর্বৰ আক্রমণ আৰু নিৰীহক হত্যাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি প্ৰবল প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ বৰপেটাৰােডত মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী মুখ্য পথ প্রায় এঘণ্টা জুৰি অৱৰােধ কৰি তুমুল প্রতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কাটাঝাৰ-ডুমুনী আঞ্চলিক সমিতি, স্থানীয় ছাত্র মুক্তি সংগ্রাম সমিতিৰ সহযোগত আজি দিনৰ ১ বজাত এই প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ সাম্প্রদায়িক দৃষ্টিভংগী আৰু প্রশাসনৰ নিৰ্মম অত্যাচাৰ-আক্রমণৰ তীব্ৰ গৰিহণা দিয়ে সংগঠনকেইটাই। উল্লেখ্য যে কাজিৰঙাৰ উচ্ছেদিত গঞাৰ তুমুল প্রতিবাদ-আবেদন স্বত্বেও চৰকাৰী পক্ষই আজি পুৱাৰে পৰা বান্দৰডুবি আৰু দেওচুৰাচাং গাঁৱত জেচিবি আৰু হাতীৰে সৰ্বশক্তি প্রয়োগ কৰি উচ্ছেদ আৰম্ভ কৰে। ইয়াৰ প্ৰতিবাদত স্থানীয় ৰাইজে উচ্ছেদ স্থগিত ৰখাৰ আহবানেৰে বান্দৰডুবিত সমবেত হয়। কিন্তু প্রশাসনৰ নিৰ্মম গুলীচালনাত আক্কাচ আলী আৰু অঞ্জমা খাতুন নামৰ দুগৰাকী খিলঞ্জীয়া লোক থলীতে নিহত হােৱাৰ উপৰি আন বহুতো আহত হ’বলগীয়া হয়। অসম চৰকাৰ তথা প্রশাসনৰ খিলঞ্জীয়া তথা মুছলিম বিদ্বেষী এনে হঠকাৰী সিদ্ধান্ত আৰু দুষ্কার্যত প্রতিবাদ মুখৰ হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান অভিমুখী মুখ্য পথ অৱৰােধ কৰাৰ লগতে পথৰ ওপৰতে মুখ্যমন্ত্রী সর্বানন্দ সোনােৱাল আৰু বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিও দাহ কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।
উক্ত কাৰ্যসূচীত অংশগ্রহণ কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক তথা বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল হুছেইনে কয় যে কাজিৰঙাত চৰকাৰী পক্ষই চলোৱা উচ্ছেদ সম্পূর্ণ অবৈধ আৰু পক্ষপাতিত্বমূলক। মুছলিম বসতিপ্রধান বাবেই বান্দৰডুবি আৰু দেওচুৰাচাং গাঁৱত আজি পুৱাৰে পৰা সম্পূর্ণ পৰিকল্পিতভাৱে উচ্ছেদ আৰম্ভ কৰি চৰকাৰখনৰ উত্কট সাম্প্রদায়িক চৰিত্ৰ উন্মোচিত কৰিলে। সর্বানন্দ সোনােৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ আশংকা কৰা মতেই যে মুছলমান বিদ্বেষী সেই কথা আখৰে আখৰে প্রমাণিত কৰি মুছলমানৰ তেজেৰে বান্দৰডুবিৰ ৰাজপথ ৰাঙলী কৰিলে বুলিও তেওঁ গভীৰ উদ্বেগ প্রকাশ কৰে। কৃষক নেতাগৰাকীয়ে লগতে কয় যে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ প্রিয় ভাজন হৈ পৰৱতী সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্রী হােৱাৰ লোভনীয় পৰিকল্পনাৰ বাবেই খিলঞ্জীয়া মুছলমানৰ ওপৰত একপক্ষীয়ভাৱে এনেদৰে অত্যাচাৰ-উত্পীড়ণ কৰি হত্যাৰ আখৰা আৰম্ভ কৰিছে। ফলত ৰাজ্যচৰকাৰৰ এনে ভণ্ডামিক কৃষক মুক্তিয়ে কেতিয়াও সহ্য নকৰে আৰু অসমত সাতামপুৰষীয় ঐক্য-সংহতি বজাই ৰাখিবলৈ কঠোৰ ভাষাৰে সকীয়াই দিয়ে। কৃষক মুক্তি সংগ্রাম সমিতিৰ সমান্তৰালকৈ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৱেও ৰাজ্যখনৰ ভিন্ন প্রান্তত মুখ্যমন্ত্রী সর্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী কেশৱ মহন্তৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। বৰপেটা জিলা আমছুৰ উদ্যোগত হাউলীত, বাক্সা জিলা আমছুৰ উদ্যোগত ছলিকান্দাত এই কাৰ্যসূচী ৰূপায়ণ কৰে। প্রতিবাদী কাৰ্যসূচী চলি থকাৰ সময়ত প্রতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে চৰকাৰৰ এনে কার্যক তীব্র ভাষাৰে গৰিহণা দিয়ে।
facebook
twitter
google+
fb share