অসম চৰকাৰলৈ কেন্দ্ৰৰ পত্ৰ
ৰাজ্যত কিমান বাংলাদেশীৰ নাম ৰেচন কার্ড, জব কার্ডত অন্তর্ভুক্ত হৈছে, কিমানে পাইছে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ, পি আৰ চি - ১৫ দিনৰ ভিতৰতে জনাব লাগিব গৃহমন্ত্র্যালয়ক
ৱেব ডেস্ক, ১১ চেপ্টেম্বৰ, ২০১৬ঃ বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰা অবৈধ বাংলাদেশী নাগৰিকৰ নাম শীঘ্ৰে ভোটাৰ তালিকাৰ পৰা কর্তন কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে অসম চৰকাৰক কঠোৰ নির্দেশ জাৰি কৰিছে। কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ এক পত্ৰৰ উদ্ধৃতি দি অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে যোৱা ১ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা এক জৰুৰী পত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। পত্ৰখনৰ মতে, ভোটাৰ তালিকাত নাম থকা যিসকল অবৈধ বাংলাদেশী নাগৰিকক বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিছে, সেইসকলৰ নাম শীঘ্ৰে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটাে উপায়ুক্তসকলে এশ শতাংশই নিশ্চিত কৰিব লাগে।
উল্লেখযোগ্য যে অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰা পর্যবেক্ষণ কর্তৃপক্ষৰ এখন বৈঠক যোৱা ৩১ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হয়। পত্ৰখনত প্রকাশ কৰামতে বৈঠকে বিদেশী ন্যায়াধিৰণে চিনাক্ত কৰা (১৯৭১ চনৰ আগত আৰু পিচত অসমলৈ অহা) বাংলাদেশী নাগৰিকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছেনে? তদুপৰি ৰেচন কার্ড, এনৰেগাৰ জাবকার্ড, চালকৰ অনুজ্ঞাপত্র, পি আৰ চি আৰু এ পি এল, বি পি এল, এল পি জি কার্ড ন্যায়াধিকৰণে চিনাক্তকৰণ কৰা বাংলাদেশী নাগৰিকে লাভ কৰিছে নেকি? যদি লাভ কৰিছে, তেন্তে এনে কার্ড তেওঁলোকৰ পৰা বাতিল কৰা হৈছে নেকি? আদি তথ্য অসম চৰকাৰৰ পৰা বিচাৰিছে। অহা অক্টোবৰত পর্যবেক্ষণ কর্তৃপক্ষৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব। অসম চৰকাৰে উক্ত বৈঠকত এনে তথ্য দাখিল কৰিব লাগিব। সেয়ে উপায়ুক্তসকলে পোন্ধৰ দিনৰ ভিতৰত উক্ত তথ্য ৰাজনৈতিক বিভাগৰ ওচৰত দাখিল কৰিব লাগে। এইক্ষেত্ৰত উপায়ুক্তসকলে সীমান্ত শাখাৰ আৰক্ষী অধীক্ষকসকলৰ সহায় ল’ব লাগে বুলিও পত্ৰখনত বিভাগে উল্লেখ কৰে।
facebook
twitter
google+
fb share