
ৱেব ডেস্ক, ১১ চেপ্টেম্বৰ, ২০১৬ঃ অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমি হৈ পৰা ৰাজ্যখনত অসম আৰক্ষীয়ে কিদৰে জনহিত-জনসেৱাৰ্থে” আত্মনিয়োগ কৰিছে, সেয়া বিগত সময়ছোৱাত সংঘটিত বহু ঘটনাই জনমানসত স্পষ্ট কৰি তুলিছে। ইতিমধ্যে অসম আৰক্ষীৰ আধুনিকীকৰণৰ নামত ব্যয় কৰা হৈছে কোটি কোটি টকা। তাৰ পাছতো অসম আৰক্ষীৰ সক্ষমতা-দক্ষতা এটা বহুচর্চিত বিষয় হৈ ৰৈছে। তাৰ মাজতে অসম আৰক্ষীত আধুনিকীকৰণৰ প্রক্রিয়াটাে চূড়ান্ত প্রহসনলৈ পর্যবসিত হােৱাৰ এক বাস্তৱ চিত্ৰ উদঙাই দিছে নিম্পত্তিহীন গোচৰৰ সংখ্যাই। ৰাজ্যখনৰ ভিন্ন প্রান্তত থকা আৰক্ষী থানাসমূহত দীর্ঘ সময় ধৰি নিম্পত্তি নােহােৱাকৈ ৬০ সহস্রাধিক গোচৰ পৰি আছে। ফলত কার্যতঃ বিমুখ হ’বলগীয়া হৈছে ন্যায়প্রাপ্তিৰ আশাৰে অসম আৰক্ষীৰ কাষ চপাসকল। গৃহ বিভাগৰ এক শীর্ষ সূত্রই দিয়া তথ্য অনুসৰি বিগত ৩০ জুন পর্যন্ত ৩২৩খন আৰক্ষী থানাত নিম্পত্তি নোহােৱাকৈ থকা গোচৰৰ মুঠ সংখ্যা হল ৬২,০৪১টা। সর্বাধিকসংখ্যক নিম্পত্তি নোহােৱা গোচৰ আছে গুৱাহাটী মহানগৰত। গুৱাহাটীক আৰক্ষী আয়ুক্তকৰণ কৰাৰ জৰিয়তে অধিক গতিশীল কৰি তোলাৰ কথা কোৱা হৈছিল যদিও ১৭,৯৮১টাকৈ গোচৰ নিম্পত্তি নোহােৱাকৈ আছে। মুঠ ২০ আৰক্ষী থানাৰ বিপৰীতে ৰুজু কৰা হৈছিল এইসমূহ গোচৰ। সেইদৰে কামৰূপৰ ১২খন আৰক্ষী থানাত ১,১৫০টা; নলবাৰীৰ সাতখন আৰক্ষী থানাত ৩৮৩টা; বৰপেটাৰ ১১খন আৰক্ষী থানাত ৩,৬৯৮টিা; গোৱালপাৰাৰ ১১খন আৰক্ষী থানাত ৯,১২টা; ধুবুৰীৰ ৮খন আৰক্ষী থানাত ৫,৫২৮টাি; দক্ষিণ শালমাৰাৰ ৪খন আৰক্ষী থানাত ১,৬৪৭টা; কোকৰাঝাৰৰ ৮খন আৰক্ষী থানাত ২,২২৯টা; শোণিতপুৰৰ ৬ খন আৰক্ষী থানাত ৮১২টা; বিশ্বনাথ চাৰিআলিৰ ৭ খন আৰক্ষী থানাত ৬৯৬টা; দৰঙৰ ৬খন আৰক্ষী থানাত ২,৮৬৫টা; শিৱসাগৰৰ ১১খন আৰক্ষী থানাত ৯০৮টা: চৰাইদেউৰ ৮খন আৰক্ষী থানাত ১৯৮টা; যোৰহাটৰ ৮খন আৰক্ষী থানাত ৫৪৮টা; মাজুলীৰ তিনিখন আৰক্ষী থানাত ৬২টা; গোলাঘাটৰ ১২খন আৰক্ষী থানাত ১,৬৫৯টা; ডিব্ৰুগড়ৰ ১৩খন আৰক্ষী থানাত ৫৭৬টা; লখিমপুৰৰ ১০খন আৰক্ষী থানাত ১,৩৩৯টা; নগাঁৱৰ ১৫খন আৰক্ষী থানাত ৩,৫৯৫টা; হােজাইৰ ৭খন আৰক্ষী থানাত ৭৪৪টা; কার্বি আংলঙৰ ১৬খন আৰক্ষী থানাত ৫০৪টা; ডিমা হাছাওৰ ৮খন আৰক্ষী থানাত ১৬২টা; কাছাৰৰ ১১খন আৰক্ষী থানাত ৫,৫৪৯টা; কৰিমগঞ্জৰ ৭খন আৰক্ষী থানাত ১,১৯৭টা; বঙাইগাঁৱৰ ৫খন আৰক্ষী থানাত ৪৬০টা; মৰিগাঁৱৰ ৯খন আৰক্ষী থানাত ৪৩২টা; তিনিচুকীয়াৰ ১৪খন আৰক্ষী থানাত ২,০২৪টা; শদিয়াৰ ৪খন আৰক্ষী থানাত ৬৪টা; ধেমাজিৰ ৭খন আৰক্ষী থানাত ৪৬৬টা; হাইলাকান্দিৰ ৬খন আৰক্ষী থানাত ১,০৯৪টা; চিৰাঙৰ ৭খন আৰক্ষী থানাত ২৮৬টা; ওদালগুৰিৰ ১০খন আৰক্ষী থানাত ৬৫৫টা আৰু বাগসা জিলাৰ ৮খন আৰক্ষী থানাত ৮৪২টা গোচৰ নিম্পত্তি নোহােৱাকৈ পৰি আছে। তদুপৰি ৰে’লৱে আৰক্ষী (জি আৰ পি)ৰ ১২খন থানাত ১৩৪টা, নদী আৰক্ষী (আৰ পি অ’)ৰ চাৰিখন থানাত ৫৫টা, অপৰাধ অনুসন্ধান শাখাৰ এখন থানাত ৩৪৪টা, বিশেষ অভিযান গোট (এছ অ’ইউ)ৰ এখন থানাত ৬টা, অর্থনৈতিক অপৰাধ অনুসন্ধান শাখা (বি আই ই অ’)ৰ এখন থানাত ৭৩টা, এছ টি এফৰ এখন থানাত ১৪টা আৰু হামৰেণ আৰক্ষী জিলাৰ চাৰিখন থানাত পঞ্জীয়নভুক্ত ১৬২টা গোচৰৰাে নিষ্পত্তি হােৱা নাই। অসম আৰক্ষীয়ে এই গোচৰসমূহৰ তদন্ত প্রক্রিয়া সমাপ্ত কৰি আদালতত অভিযোগনামাকে ধৰি প্রয়োজনীয় নথি-পত্ৰ তথা তথ্য আদি দাখিল কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বিচাৰ প্রক্রিয়াক লৈ আশংকাৰ উদ্ভৱ হৈছে। সূত্ৰটােৱে দাবী কৰা মতে, অসম আৰক্ষীত খালী হৈ থকা অনুমােদিত পদসমূহ পূৰণ নােহােৱাটােও গোচৰসমূহ নিম্পত্তি কৰাৰ ক্ষেত্ৰত উদ্ভৱ হােৱা জটিলতাৰ অন্যতম এক কাৰণ। বহু সময়ত তদন্তকাৰী বিষয়াৰ অভাৱৰ বাবে এজন পৰিদৰ্শক বা উপ-পৰিদৰ্শক বা সহকাৰী উপ-পৰিদৰ্শকেই একে সময়তে অধিকসংখ্যক গোচৰৰ তদন্তৰ দায়িত্ব ল’বলগীয়া হয়। সূত্ৰটােৱে অসম আৰক্ষীত পৰিদৰ্শক পর্যায়ৰ তলৰ বিষয়াৰ খালী হৈ থকা পদৰ তথ্য দাঙি ধৰে। সেই অনুসৰি সম্প্রতি ১২৩টা পৰিদৰ্শক (ইউ বি), ৬৭৩টা উপ-পৰিদৰ্শক (ইউ বি) আৰু ২০০৬টা সহকাৰী উপ-পৰিদৰ্শক (ইউ বি)ৰ পদ খালী হৈ আছে। সেইদৰে সশস্ত্ৰ শাখাতো খালী আছে ৪৩টা পৰিদৰ্শক আৰু ৮০টা উপ-পৰিদৰ্শকৰ পদ।। প্রয়োজনীয় আৰক্ষীৰ লোকৰ অভাৱৰ বাবেই থানাৰ মুষ্টিমেয় বিষয়াকনিষ্টবলসকলে একে সময়তে অপৰাধ নিয়ন্ত্ৰণ আৰু গোচৰ অনুসন্ধানো কৰি যাবলগীয়া হৈছে। যাৰ বাবে স্বাভাৱিকতে অনুসন্ধান প্রক্রিয়া লেহেম হৈ চিকিৎসা সম্পর্কীয় প্রতিবেদন লাভ নকৰাটােও গোচৰসমূহ নিম্পত্তি নােহােৱাৰ আন কেইটামান কাৰণ বুলি সূত্ৰটােত প্রকাশ। এনে এক পৰিস্থিতিত ন্যায়ৰ বাবে আশা কৰি থকা জনসাধাৰণ অৱধাৰিতভাৱে হতাশ হৈ পৰাটাে নিশ্চিত। পৰিৱৰ্তনৰ প্ৰতিশ্রুতিৰে ৰাজ্যৰ শাসনত অধিষ্ঠিত হােৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্রী তথা গৃহ বিভাগৰ দায়িত্বত থকা সর্বানন্দ সোণোৱালে স্থবিৰ হৈ ৰােৱা এই বৃহৎসংখ্যক গোচৰৰ তদন্ত প্রক্রিয়া সম্পূর্ণ তথা নিষ্পত্তিৰ হকে কেনেধৰণৰ ফলপ্রসূ পদক্ষেপ গ্রহণ কৰে, তাৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে।
facebook
twitter
google+
fb share