ৱেব ডেস্ক, ১০ চেপ্টেম্বৰ, ২০১৬ঃ বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বার্থত কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তর্গত তিনিখন গাঁৱৰ পাঁচ সহস্ৰাধিক বাসিন্দালৈ প্ৰেৰণ কৰা উচ্ছেদৰ জাননী সন্দৰ্ভত জাঙুৰ খাই উঠিছে কৃষক নেতা অখিল গগৈ। উল্লেখ্য যে বান্দৰডুবিৰ ৫০৮ বিঘা, দেওচুৰ চাঙৰ ৩৯৮ বিঘা আৰু পালখোৱাৰ ১৭ বিঘা মাটিত বসবাস কৰি থকা বাসিন্দালৈ উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি কলিয়াবৰ মহকুমা প্রশাসনে প্ৰেৰণ কৰিছিল উচ্ছেদৰ জাননী। এই বিষয় সন্দৰ্ভত আজি পৰিস্থিতিৰ বুজ ল’বলৈ অঞ্চলটােত উপস্থিত হয়হি কৃষক নেতা অখিল গগৈ। দুই সহস্রাধিক দুৰ্ভগীয়া ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত কৃষক নেতা অখিল গগৈয়ে কয় যে বিজেপি মুছলমানবিৰােধী চৰকাৰ। সেয়েহে ৰাজ্যত শাসনৰ গাদী দখল কৰিয়েই বিজেপিয়ে সংখ্যালঘু বসতিপ্রধান অঞ্চলটাে লক্ষ্য কৰি লৈছে। ১৯৫০ চনৰ পূৰ্বতে আহি বসতি স্থাপন কৰা এইসকল দৰিদ্ৰ ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ নৈতিক অধিকাৰ ৰাজ্য চৰকাৰৰ নাই। কাজিৰঙাৰ সুৰক্ষাৰ অজুহাত লৈ এইসকল দৰিদ্ৰ পৰিয়ালক উচ্ছেদ কৰিব বিচাৰিছে। ঠিক আছে। কাজিৰঙাৰ সুৰক্ষাৰ স্বাৰ্থত ভূমি এৰি দিবলৈ উপযুক্ত ক্ষতিপূৰণৰ বিনিময়ত সাজু এইসকল লোক। কিন্তু প্রথমে এইসকল দুৰ্ভগীয়া পৰিয়ালক সংস্থাপিত কৰাৰ ব্যৱস্থা গ্রহণ কৰক চৰকাৰে। এই বিষয় সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হ’বলৈ চৰকাৰী পক্ষক আহ্বান জনায় কৃষক নেতাগৰাকীয়ে। অন্যথা অচিৰেই জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে৷
বিজেপি মুছলমানবিৰােধী চৰকাৰঃআখিল গগৈ

facebook
twitter
google+
fb share