অপহূত কুলদীপ মৰাণক মুক্তি আলফা-এন এছ চি এনে


ৱেব ডেস্ক, ৯ ছেপ্টেম্বৰ, ২০১৬ঃ তিনিচুকীয়া জিলা পৰিষদৰ উপ-সভাপতি ৰত্নেশ্বৰ মৰাণৰ পুত্র কুলদীপ মৰাণক যোৱা ২ আগষ্টত আলফা (স্বাধীন)ৰ সদস্যই অপহৰণ কৰি নিয়াৰ এমাহ উকলি যোৱাৰ পাছত আজি ভাৰত-ম্যানমাৰ সীমান্তৱর্তী অৰুণাচলৰ চাংলাং জিলাৰ এক ভিতৰুৱা জটিনজথা নামৰ গাঁৱত মুকলি কৰি দিছে৷ বিয়লি প্রাযþ ৩ঃ৩০ বজাত আলফা(স্বা) আৰু এন এছ চি এনৰ আঠজনীয়া এটা দলে পৰিয়ালৰ লোকৰ হাতত অপহূত কুলদীপক গতাই দিয়াৰ বিষয়ে জানিব পৰা গৈছে৷ যি স্থানত পৰিয়ালৰ লোকৰ হাতত গতাই দিছে তাৰ পৰা নামপংলৈ কোনো ভাল পথ নাই৷ এক সূত্রৰ পৰা জানিব পৰা মতে বর্তমান কুলদীপ পৰিয়ালৰ সদস্যসহ অৰুণাচল প্রদেশৰ আৰক্ষী আৰু আসাম ৰাইফলছ৲ৰ সৈতে আছে৷ কিন্তু ক’ত আছে বর্তমানেও কোনেও মুখ খোলা নাই৷ অসমৰ আৰক্ষীৰ এটা দল ইতিমধ্যে ৰাওনা হোৱাৰ খবৰ পোৱা গৈছে৷ কুলদীপ মৰাণ অত্যন্ত দুর্বল হৈ পৰাৰ বাতৰি পোৱা গৈছে৷ হয়তো তেওঁক আসাম ৰাইফলছৰ চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে কুলদীপ মৰাণক অপহৰণ কৰাৰ পাছত বহু বিতর্কৰ সৃষ্টি হৈছিল৷ মাজতে আলফাই কুলদীপ মৰাণৰ এক ভিডিঅ’ ফুটেজ সংবাদ মাধ্যমলৈ প্রেৰণ কৰি খলকনিৰ সৃষ্টি কৰিছিল৷ লগতে এক কোটি টকাৰ মুক্তিপণ দাবী কৰিছিল৷ এই মুক্তিপণ শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ পৰা আদায় কৰিবলৈ কুলদীপৰ পিতৃক আলফাই নির্দেশ দিছিল৷ কিন্তু ইয়াৰ বিপৰীতে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কুলদীপ মৰাণক সেনাৰ চোৰাংচোৱা বুলি আখ্যা দি কোনো ধৰণৰ মুক্তিপণ বিচৰা হোৱা নাই বুলি ৰহস্যৰ সৃষ্টি কৰিছিল৷ যিয়েই নহওক আজি প্রায় ৩৮ দিনৰ পাছত সোঁশৰীৰে কুলদীপক অপহৰণকাৰীয়ে মুক্তি দিয়ে

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment