
গুৱাহাটী, ৯ চেপ্টেম্বৰ, ২০১৬ঃ বান আৰু খহনীয়াৰ ফলত ভূমিহীন হোৱা মাজুলীৰ ৮ হাজাৰ পৰিয়ালকে ধৰি ৰাজ্যৰ ৩০ হাজাৰ পৰিয়ালক ৩ বিঘাকৈ মাটি প্রদানৰ বাবে প্রয়োজনীয় ভূমিৰ সন্ধান কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সংশ্লিষ্ট বিভাগক নির্দেশ দিছে৷ এই ভূমিত উক্ত পৰিয়ালসমূহৰ বাবে গৃহ নির্মাণ, বিশুদ্ধ খোৱাপানীৰ যোগান, ৰন্ধন গেছৰ সংযোগকে ধৰি সকলো ধৰণৰ সা-সুবিধা প্রদান কৰাৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব বুলি আজি এটা প্রেছ বিবৃতিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়৷ বৰাক-ব্রহ্মপুত্র দুয়োটা উপত্যকাৰে চাহ বাগিচাসমূহৰ অব্যৱহূত মুকলি ঠাইসমূহৰ জৰীপ কার্য চলোৱাৰ বাবেও মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ খিলঞ্জীয়া মানুহৰ অধিকাৰ যাতে সুৰক্ষিত কৰি ৰাখিব পাৰি, তাৰ বাবে নতুন ভূমি আইন প্রস্তুত কৰাৰ বাবে মুখ্যমন্ত্রী সোণোৱালে আজি ৰাজহ বিভাগক নির্দেশ দিয়ে৷ আজি অসম সচিবালয়ৰ মুখ্যমন্ত্রীৰ কার্যালয়ত ৰাজহ বিভাগৰ এখন সভাত ভূমি আইন প্রস্তুত কৰাৰ প্রক্রিয়াটো ক্ষিপ্র কৰি তুলিবলৈ এখন উচচ পর্যায়ৰ কমিটী কৰিবলৈ নির্দেশ দিয়ে৷ ৰাজ্যখনৰ ভূমিৰ ব্যৱহাৰৰ সাম্প্রতিক অৱস্থিতিৰ প্রকৃত তথ্য লাভ কৰিবলৈ ভূমি বেংক গঠন কৰা, জৰীপ চলোৱা আৰু ৰাইজে আগবঢ়োৱা পৰামর্শসমূহো সন্নিৱিষ্ট কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে৷ তেওঁ সোণোৱাল-কছাৰী স্বায়ত্ত পৰিষদৰ কার্যালয় নির্মাণৰ বাবে মাটি আবণ্টন দিয়াৰ লগতে দক্ষিণ গাঁৱত থকা আছাম ছার্ভে এণ্ড ছেটেলমেণ্ট ট্রেইনিং চেণ্টাৰত যোগ অনুশীলনৰ শ্রেণী অহা এসপ্তাহৰ ভিতৰত আৰম্ভ কৰা, বৃক্ষৰোপণ, সীমাৰ দেৱাল নির্মাণ কৰা আৰু প্রয়োজনীয় খেল-ধেমালিৰ বাবে আন্তঃগাঁথনি নির্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাজহ বিভাগক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷
facebook
twitter
google+
fb share