
ধেমাজিৰ পৰা দেৱজিৎ কোৱৰ, ৯ ছেপ্টেম্বৰ, ২০১৬ঃ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি ধেমাজিৰ ১০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়খন পৰিদর্শন কৰে৷ স্বাস্থ্যমন্ত্রীজনে অসামৰিক চিকিৎসালয়খনত পদার্পণ কৰি ৰোগী আৰু ৰাইজৰ মতামত শুনে৷ ৰাইজে ধেমাজি চিকিৎসালয়খন বিগত সময়ছোৱাত অভ্যন্তৰীণ বিশৃংখল তথা অনিয়মৰ ফলত সাধাৰণ নাগৰিক তথা ৰোগীসকলে বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বিষয়ে মন্ত্রীজনক অৱগত কৰে৷ মন্ত্রীজনে ধেমাজি অসামৰিক চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়ন, চিকিৎসক নিযুক্তি দিয়া আৰু দুর্নীতিগ্রস্ত চিকিৎসা ব্যৱস্থাটো আঁতৰ কৰাৰ বাবে ৰাইজক প্রতিশ্রুতি প্রদান কৰে৷ চিকিৎসালয়খনত হোৱা ঔষধৰ অভাৱৰ তদন্ত কৰিবলৈ এন আৰ এইচ এমক দিয়াৰ লগতে চিকিৎসালয়ত যিকোনো বেমাৰৰ ঔষধ পোৱাৰ কথা অৱগত কৰি, যদি চিকিৎসালয়ত ঔষধটো নাপাই বাহিৰত ৰোগীয়ে কিনিবলৈ যায়, তেন্তে চিকিৎসালয়ৰ অধীক্ষকে ডাক্তৰৰ প্রেছক্রিপশ্যনখনত চহী কৰি পঠাব লাগিব বুলি ৰাইজক অৱগত কৰে৷ বেছিভাগ ডাক্তৰে নিজৰ ব্যক্তিগত চেম্বাৰত ব্যস্ত থকাৰ কথা উনুকিয়াই উক্ত ব্যৱস্থা সমাধান কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ স্বাস্থ্যমন্ত্রীজনে চিকিৎসালয়লৈ যোৱাৰ আগতে ধেমাজি জিলা বিজেপিৰ কার্যালয়ত কর্মীসকলৰ লগত এক আলোচনাত মিলিত হয়৷ মন্ত্রী শর্মাই ধেমাজি অসামৰিক চিকিৎসালয় পৰিদর্শন কৰাৰ পাছতে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ দক্ষিণ ধেমাজি আঞ্চলিক, টাই-আহোম ছাত্র সন্থা আৰু ধেমাজি গ্রামীণ বিকাশ কেন্দ্রই চিকিৎসালয়ৰ উন্নয়ন কৰাৰ বাবে একোখনকৈ স্মাৰক-পত্র প্রদান কৰে৷
facebook
twitter
google+
fb share