উপযুক্ত ক্ষতিপূৰণ নিদিয়াকৈ উচ্ছেদ কৰিবলৈ দিয়া নহয় : অখিল গগৈ

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ ঃ

উপযুক্ত ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কাজিৰঙাত উচ্ছেদ চলাবলৈ দিয়া নহ’ব বুলি ৰাজ্য চৰকাৰক আজি সকীয়নি প্রদান কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কাজিৰঙাৰ বান্দৰডুবি আৰু দেওচুৰাচাং অঞ্চলৰ মাটি পট্টা থকা খিলঞ্জীয়া অসমীয়া লোকসকলক জন্ধে-মধে উচ্ছেদ কৰিলে বহি নাথাকে সংগঠনটােৱে। আজি এখন সংবাদমেলত এই কথা স্পষ্ট কৰি দিয়ে কৃষক নেতা অখিল গগৈয়ে। কৃষক মুক্তি সংগ্রাম সমিতিৰ গুৱাহাটীৰ গান্ধীবস্তিস্থিত মুখ্য কার্যালয়ত সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে কাজিৰঙাত প্রশাসনে কাইলৈৰ পৰা চলাবলগীয়া উচ্ছেদ অভিযান সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰে। বিগত বছৰৰ ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়ৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কাজিৰঙাৰ দ্বিতীয়, তৃতীয়, পঞ্চম আৰু ষষ্ঠ সংযোজনৰ বাসিন্দা তথা দেওচুৰাচাং আৰু বান্দৰডুবিৰ ?¶ বিশেষকৈ খিলঞ্জীয়া অসমীয়া পৰিয়াল থকা বান্দৰডুবি আৰু দেওচুৰচাং অঞ্চল দুটা কাজিৰঙাৰ ভিতৰৰ নহয় বুলি মন্তব্য কৰে অখিল গগৈয়ে। অঞ্চল দুটাক ‘এনিমেল কৰিডৰ’ বুলি আখ্যা দিহে উচ্চ ন্যায়ালয়ে তাৰ বাসিন্দাসকলক উচ্ছেদ কৰিবলৈ নির্দেশ দিছে। অৱশ্যে কৃষক নেতাজনে অঞ্চল দুটাৰ ৰাইজক উচ্ছেদ কৰাৰ বিৰােধিতা কৰা নাই বুলি উল্লেখ কৰি আজি কয় যে চৰকাৰে আইনমতে ক্ষতিগ্রস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰক। তেওঁ তথ্য দাঙি ধৰি কয় যে বান্দৰডুবিৰ পৰিয়ালসমূহে ১৯৬০ চনৰ পৰা বসবাস কৰি আহিছে। ১৯৬৫ চনৰ পৰা ভোটাৰ তালিকাত নাম আছে বান্দৰডুবিৰ মুছলমান পৰিয়ালসমূহৰ। বান্দৰডুবিৰ ২০৮ টা পৰিয়ালৰ ১৯৮ টা মুছলমান পৰিয়াল যদিও সাতটা অসমীয়া পৰিয়ালেও বসবাস কৰি আছে। ইয়াৰে ৪৯৮ বিঘা মাটিৰ ম্যাদী পট্টা আছে। লগতে ১,৭১০ বিঘা মাটি চৰকাৰী ভূমি।গৈছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। যিটাে ঘৰ কাইলৈৰ পৰা হ’বলগীয়া উচ্ছেদৰ সময়ত ཅ পেলোৱা হ’ব। আনহাতে দেওচুৰাচাঙৰ মুছলমান সংস্থাপন কৰিছিল বর্তমানৰ চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদে। প্রথম সংযোজনৰ অন্তর্গত পালখােৱা, গটঙা, এক নং দেওচুৰ, দুই নং দেওচুৰ আৰু কাৱৈমাৰী গাঁৱৰ ৰাইজৰ মাটি চৰকাৰে সম্পূৰ্ণৰূপে অধিগ্রহণ কৰে। ইয়াৰে ১১৬ টা পৰিয়ালক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেওচুৰচাঙত ১৯৯৬ চনত সংস্থাপিত কৰে। অখিল গগৈয়ে তথ্য দাঙি ধৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বর্গ কিলোমিটাৰ মাটি সম্পূৰ্ণৰূপে বন বিভাগৰ হাতত আছে। কিন্তু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে যোৱা সময়খিনিত হিচাপত ৮৩ বৰ্গ কিলোমিটাৰ মাটি নদীৰ বুকুত আছে। কিন্তু খহনীয়া ৰােধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। ইয়াৰ বিপৰীতে কাজিৰঙাত বৃদ্ধি পাই আহিছে জন্তুৰ সংখ্যা। সেয়ে ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বাবে ছটা সংযোজনেৰে উদ্যানখনত নতুন এলেকা অন্তৰ্ভুক্ত কৰা হয়। কাজিৰঙাৰ জীৱ-জন্তুৰ স্বর্থত সেয়ে সংযোজনবোৰত থকা পৰিয় উচ্ছেদৰ বিৰোধিতা কৃষক মুক্তিয়ে নকৰে বুলি উল্লেখ কৰি অখিলে কয় যে ক্ষতিগ্রস্ত লোকসকলে ক্ষতিপূৰণ পালে কোনাে আপত্তি নাই। আনকি বান্দৰডুবি আৰু দেওচুৰাচাঙৰ লোকসকলেও উচ্ছেদৰ বিৰােধিতা কৰা নাই। ইয়াৰ বাবে উপযুক্ত ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক কমেও তিনি মাহৰ সময় দিব লাগে। অখিল গগৈয়ে কয় যে বিগত বছৰত অঞ্চলটােৰ লোকসকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছিল। আনকি ক্ষতিপূৰণ দিহে লোকসকলক উঠাই দিব বুলি সময় বিচাৰি এক শপতনামা প্রস্তুত কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হােৱাৰাে যো-জা চলাইছিল। কিন্তু অসম বিধানসভাৰ নিৰ্বাচনৰ প্রেক্ষাপটত চৰকাৰখনে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিব নোৱাৰিলে। সমান্তৰালভাৱে ক্ষতিপূৰণৰাে ব্যৱস্থা কৰিব নােৱাৰিলে। ফলত বিষয়টাে তেনেদৰেই ওলমি থাকিল। কিন্তু এই গোচৰৰ আঁত ধৰিয়েই পুনৰ কাজিৰঙাৰ সংযোজনকেইটাত থকা লোকসকল তথা দাঁতিকাষৰীয়া পৰিয়ালসমূহক উচ্ছেদৰ বিষয় উত্থাপন হ’ল। ইফালে যি সময়ত বান্দৰডুবি আৰু দেওচুৰাচাঙৰ বাসিন্দাক এনিমেল কৰিডৰত কাজিৰঙাৰ ভিতৰত থকা কাঞ্চনজুৰি চাহ বাগিচাক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে হাত লগাব নোৱৰা বিষয়টাে সন্দৰ্ভত অখিলে প্রশ্ন উত্থাপন কৰে। তেওঁৰ মতে কাঞ্চনজুৰি চাহ বাগিচাখন ৰাজ্যৰ প্ৰভাৱশালী মন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ আত্মীয়ৰ নামত আছে। এসপ্তাহ পূর্বে মাজুলীলৈ যাওঁতে মন্ত্রীজনে পত্নীসহিতে বাগিচাখনত আশ্রয় লৈছিল। বাগিচাৰ শ্ৰমিকসকলেও কাঞ্চনজুৰিৰ মালিক হিচাপে হিমন্তবিশ্ব শৰ্মা বুলিয়েই জানে। আনকি স্থানীয় ৰাইজ তথা দল-সংগঠনে সেইদিনা চাহ বাগিচাখনত মন্ত্রীজনক সাক্ষাৎ কৰিছিল। এনিমেল কৰিডাৰৰ ভিতৰত তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চাহ বাগিচাখন ৰাজ্য চৰকাৰে উচ্ছেদ চলাবলৈ সাহস হ’বনে বুলিও প্রশ্ন কৰে অখিল গগৈয়ে। আনহাতে কাজিৰঙাৰ বেদখলৰ হৈ সততে মাত মাতি অহা বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিও সন্দেহৰ আঙুলি টােৱায় অখিলে। তেওঁৰ মতে মৃণাল শইকীয়াৰ ককায়েক ৰমেশ শইকীয়াৰ বৰগছ' নামৰ এখন বৃহৎ হােটেল আছে কাজিৰঙাৰ ভিতৰত। কাজিৰঙাৰ শ শ বিঘা মাটিত নির্মাণ কৰা হৈছে বৰগছখন। হােটেলখনত বিনিয়োগ কৰা হৈছে কোটি কোটি টকা। কাজিৰঙাৰ ভিতৰত থকা এই বৃহৎ হােটেলখনৰ ওপৰত চৰকাৰৰ চকু নপৰে নেকি বুলিও প্রশ্ন কৰে অখিল গগৈয়ে। নিজৰ ককায়েকৰ বৃহৎ হােটেলৰ ওপৰত চকু নপৰা তথা কাজিৰঙাৰ দুখীয়া ৰাইজৰ উচ্ছেদৰ বাবে সততে দাবী উত্থাপন কৰি অহা মৃণাল শইকীয়াক অখিলে ভণ্ড প্রকৃতিপ্ৰেমী আখ্যা দিয়ে। ইফালে দেশৰ আইন-কানুন, নীতি-নিয়ম আৰু জনতাৰ মৌলিক অধিকাৰ ৰক্ষা কৰিহে চৰকাৰ আগবাঢ়িব লাগিব বুলি অখিল গগৈয়ে মন্তব্য কৰে। কেৱল মুছলিম মানুহ বুলি যদি দেওচুৰচাং আৰু বান্দৰডুবিক উচ্ছেদৰ লক্ষ্য কৰি লোৱা হয় আৰু দীর্ঘদিন ধৰি বসবাস কৰি থকা মানুহখিনিক ক্ষতিপূৰণ দিয়া নহয়, তেন্তে বিজেপিৰ কৰে। আনহাতে মুছলিম এলেকাবোৰত উচ্ছেদ কৰিবলৈ লক্ষ্য বান্ধি লোৱা কার্যক বিজেপিৰ সম্পূর্ণ সাম্প্রদায়িক কাণ্ড বুলি অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। ৰাজ্যৰ খেতি পথাৰত শুৰ পোকৰ ত্ৰাস শুৰ পোকে ৰাজ্যৰ খেতি পথাৰসমূহত সৃষ্টি কৰা বৃহৎ ক্ষতিৰ পিচতাে চৰকাৰে গ্রহণ কৰা সোপাঢ়িলা নীতিক আজি সমালোচনাৰ লক্ষ্য কৰি লয় কৃষক নেতা অখিল গগৈয়ে খেতিপথাৰত শুৰ পোকে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়ত কৃষি বিভাগে কৃষক ৰাইজক সকাহ দিব পৰা সামান্য কাম এটাও কৰিব পৰা নাই বুলি ক্ষোভ ব্যক্ত কৰে কৃষক নেতাজনে। ইয়াৰ বিপৰীতে কৃষি বিভাগে বিষয়টাে সন্দৰ্ভত এশ শতাংশই ব্যর্থ হােৱাৰ অভিযোগ কৰে। বিশেষকৈ কৃষি মন্ত্রী অতুল বৰাক কটাক্ষ কৰি অখিলে কয় যে তেওঁ ৰাজ্যৰ খেতিপথাৰত হােৱা দুর্যোগৰ সময়ত মাত্র ভীমৰ ভাওহে দি আহিছে। কাৰণ বিগত সময়ছােৱাত ৰাজ্যৰ বিশ হেজাৰ হেক্টৰ কৃষিভূমি শেষ কৰি দিছে শুৰ পোকে। ৰাজ্যৰ কৃষকক শুৰ পোকৰ ত্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে কৃষি মন্ত্রীয়ে ব্যৱস্থা গ্রহণ কৰিব দূৰৰ কথা, নানা কথাৰে কৃষকক তেওঁ বিভ্রান্তহে কৰি আহিছে। সেয়ে ক্ষতিগ্রস্ত খেতিয়কসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় অখিল গগৈয়ে। বিশেষকৈ ৰাজ্যৰ কৃষকৰ এই দুর্যোগৰ সময়ত প্রধানমন্ত্রীৰ ফচল বীমা যোজনা ক’ত বুলিও প্রশ্ন কৰে কৃষক নেতাজনে। দুর্যোগৰ সময়ত কৃষকক সকাহ দিয়াৰ ব্যৱস্থাসমূহ ক্ষিপ্ৰ গতিত কৰিবলৈ অখিলে কৃষি বিভাগক দাবী জনায়। নহ’লে কৃষিমন্ত্রীক পদত্যাগ কৰিবলৈ আহ্বান জনায় কৃষক নেতাজনে। সমান্তৰালভাৱে কৃষষকে উচিত ক্ষতিপূৰণ লাভ নকৰিলে কৃষক মুক্তিয়ে কৃষি বিভাগ ঘেৰাও কৰিব বুলিও আজি হুংকাৰ দিয়ে। ইফালে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জ্যোতিপ্ৰসাদ ৰাজখোৱাক অসন্মানজনক অপসাৰণ সন্দর্ভতো আজি প্রতিক্রিয়া প্রকাশ কৰে অখিল গগৈয়ে। এজন অসমীয়াৰ ওপৰত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ এয়া ডাঙৰ আক্রমণ বুলি উল্লেখ কৰে। সেয়ে প্ৰতিগৰাকী অসমীয়াক ৰাজখোৱাৰ অপমানজনক অপসাৰণৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় কৃষক নেতাজনে। তেওঁ অভিযোগ কৰে যে অৰুণাচলত ৰাষ্ট্রপতিৰ শাসন নিদিয়াৰ বাবেই বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ৰাজখোৱাক আক্ৰোশমূলকভাৱে অপসাৰণ কৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment