
ৱেব ডেস্ক, ০১ অক্টোবৰ, ২০১৬ঃ ভাৰত-পাকিস্তান সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ পাছতেই কেন্দ্রীয় চৰকাৰে আজি ভাৰত-বাংলাদেশ সীমান্ততো নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে নির্দেশ দিছে৷ কেন্দ্রীয় গৃহ বিভাগৰ এটা শীর্ষ সূত্রই প্রকাশ কৰা মতে, যিহেতু ভাৰত-বাংলাদেশ সীমান্তৰ বহু অঞ্চল আজিও উন্মুক্ত হৈ আছে গতিকে এই উন্মুক্ত অংশৰে সন্ত্রাসবাদীয়ে প্রৱেশ কৰাৰ চেষ্টা চলাব পাৰে৷ সেয়েহে ভাৰত-বাংলাদেশ সীমান্তত সতর্কতা জাৰি কৰাৰ লগতে যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফক সাজু হৈ থাকিবলৈ কোৱা হৈছে৷ আনহাতে, সীমান্তৰ লগত লাগি থকা অঞ্চলসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়া হৈছে যাতে সন্ত্রাসবাদীয়ে কোনোপ্রকাৰে প্রৱেশৰ চেষ্টা কৰিব নোৱাৰে৷ ইফালে সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰাৰ স্বার্থতে বি এছ এফে সীমান্তত থকা হাটসমূহ কিছু দূৰলৈ নিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাইছে৷ প্রণিধানযোগ্য যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে বাংলাদেশৰ কেইবাটাও সন্ত্রাসবাদী সংগঠনক সহায়, সহযোগ কৰি আহিছে৷ এই সন্ত্রাসবাদী সংগঠনসমূহে বিগত দিনত বাংলাদেশত বহুকেইটা কূটাঘাত সংঘটিত কৰিছে৷ চোৰাংচোৱা সংস্থাসমূহে আশংকা কৰিছে যে পাকিস্তানে বাংলাদেশত থকা উক্ত সন্ত্রাসবাদী সংগঠনসমূহৰ জৰিয়তে ভাৰতত আক্রমণ চলাব পাৰে৷ ইতিমধ্যে বাংলাদেশৰ জে এম বিৰ দৰে সন্ত্রাসবাদী সংগঠনে অসম, পশ্চিম বংগত খোপনি পুতিবলৈ সক্ষম হৈছে৷ এনে স্থলত উক্ত সন্ত্রাসবাদী সংগঠনসমূহৰ সহায়ত পাকিস্তানে ভাৰতত সহজতে কূটাঘাত চলাব পাৰে৷ যিহেতু কালি সংঘটিত ঘটনাৰ পাছত সম্প্রতি ভাৰত-পাক সীমান্তৰে সন্ত্রাসবাদী প্রৱেশ কৰাটো কঠিন হৈ পৰিছে গতিকে এইবাৰ পাকিস্তানে বাংলাদেশ হৈ ভাৰতলৈ সন্ত্রাসবাদী প্রেৰণ কৰিব পাৰে৷ ভাৰত-বাংলাদেশ সীমান্তৰ বহু অংশ আজিও উন্মুক্ত৷ গতিকে উন্মুক্ত অংশৰে ভাৰতত প্রৱেশ কৰাৰ ক্ষেত্রত বিশেষ সমস্যা নাই৷ ইতিমধ্যে চোৰাংচোৱাৰ এনে আশংকাৰ পাছতেই কেন্দ্রীয় চৰকাৰে ভাৰত-বাংলা সীমান্তত সতর্কতা জাৰি কৰিছে৷
facebook
twitter
google+
fb share