বিত্তমন্ত্ৰী অৰুণ জেটলিৰ ঘোষণাঃসংগৃহীত কৰ জনস্বাৰ্থজনিত প্ৰকল্প আৰু অভিযানত ব্যয় কৰা হ’ব৷

ৱেব ডেস্ক, ১ অক্টোবৰ, ২০১৬ঃ দেশত অব্যাহত থকা ব্যাপক দুৰ্নীতি আৰু কৰফাঁকিৰ অসাধু পৰম্পৰাক উদঙাই বিত্ত বিভাগৰ এক অভিযানত উদ্ধাৰ হৈছে ৬৫,২৫০ কোটি ক’লা টকা৷ আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে আনুষ্ঠানিকভাবে এই কথা ঘোষণা কৰিছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আজি জনোৱা মতে, তেওঁৰ বিভাগে ইনকাম টেক্স ডিক্লাৰেচন স্বাম’ৰ অধীনত যোৱা ৩০ ছেপ্টেম্বৰপর্যন্ত দেশৰ ভিন্ন প্রান্তৰ নাগৰিকৰ একাউণ্টত থকা ৬৫,২৫০ কোটি টকাৰ এক বৃহৎ অংকৰ অঘোষিত আয় ধৰা পেলাবলৈ সক্ষম হৈছে। আৰু স্বাভাৱিকতে আয়কৰ বিভাগৰ এই অভিযান দেশৰ বিত্ত ব্যৱস্থাৰ ইতিহাসতে এক উদাহৰণ সৃষ্টিকাৰী ঘটনা ৰূপে বিবেচিত হৈছে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি সাংবাদিকক জনোৱা মতে, যোৱা চাৰি মাহত দেশৰ মুঠ ৬৪,২৭৫ গৰাকী নাগৰিকে তেওঁলোকৰ আয় লুকুৱাই ৰখা কার্য উল্লিখিত আঁচনিৰ দ্বাৰা চলোৱা অভিযানত ধৰা পৰে। এই লোকসকলে গড়ে প্রায় এক কোটি টকাৰ আয়কৰ বিভাগক জনোৱা নাছিল। উল্লেখনীয় যে যোৱা ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলোৱা এই অভিযানৰ আৰু কিছু তথ্য হিচাপ কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জনায় যে উল্লিখিত ক’লা টকাৰ পৰিমাণ আৰু বঢ়াৰ সম্ভাৱনা আছে। বিত্তমন্ত্রী জোঁটলিয়ে জনোৱা মতে, এই আঁচনিৰ অধীনতা যদি কোনো ব্যক্তিয়ে ১ কোটি টকা পূর্বে প্রদর্শন নকৰা আয় প্রদর্শন কৰে, তেতিয়াহ’লে তাৰ পৰা ৪৫ লাখ টকা চৰকাৰে কৰা আৰু জৰিমনা হিচাপে সংগ্ৰহ কৰিব। অর্থাৎ চৰকাৰে বাস্তৱায়িত কৰা এই ইনকাম ডিক্লাৰেচন স্কীম’ৰ দ্বাৰা চৰকাৰে এক বৃহৎ অংকৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব। বিত্তমন্ত্রী জেটলিয়ে আজি এইবুলিও ঘোষণা কৰে যে এনেদৰে সংগৃহীত কৰদেশখনৰ জনস্বাের্থজড়িত প্রকল্প আৰু অভিযানত ব্যয় কৰা হ'ব। আনহাতে পূর্বে ঘোষণা নকৰা বা লুকুৱাই ৰখা আয় উল্লিখিত আঁচনিত এতিয়া প্রদর্শন কৰিবলৈ আগবাঢ়ি অহা নাগৰিকসকলৰ নাম-ঠিকনা সন্দৰ্ভত সম্পূর্ণ গােপনীয়তা অৱলম্বন কৰা হ’ব বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি নিশ্চিতি দিয়ে। উল্লেখ্য যে এনে অঘোষিত আয় পোহৰলৈ আনি দেশৰ অৰ্থনীতিক মজবুত কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিত্তমন্ত্রী আৰু তেওঁৰ বিভাগক অভিনন্দন জনাইছে।
facebook
twitter
google+
fb share