সন্ত্রাসবাদীৰ আক্রমণৰ আশংকা দেশজুৰি হাই এলার্ট


ৱেব ডেস্ক, ০১ অক্টোবৰ, ২০১৬ঃ পাকিস্তান-অধিকৃত কাশ্মীৰত ভাৰতীয় সৈন্যই নির্দিষ্ট আক্রমণ (ছার্জিকেল ষ্ট্রাইক) কৰাৰ পাছত দেশত সন্ত্রাসবাদীৰ আক্রমণৰ আশংকা বৃদ্ধি পাইছে৷ পাকিস্তান-ভিত্তিক সন্ত্রাসবাদী সংগঠনৰ সন্ত্রাবাদীয়ে আক্রমণ কৰাৰ আশংকাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রই সমগ্র দেশত সর্বাধিক সতর্কতা জাৰি কৰিছে৷ কেন্দ্রই সকলো ৰাজ্যক নিৰাপত্তা -কঠোৰ কৰাৰ লগতে পাকিস্তান ভিত্তিক সন্ত্রাবাদীৰ আক্রমণৰ যিকোনো প্রচেষ্টা ব্যর্থ কৰিবলৈ নির্দেশ দিছে৷ গৃহ মন্ত্র্যালয়ৰ তৰফৰ পৰা জাৰি কৰা উক্ত সতর্কবাণীত সকলো স্পর্শকাতৰ এলেকা, গুৰুত্বপূর্ণ অনুষ্ঠান-প্রতিষ্ঠান তথা স্থান আৰু বজাৰ-সমাৰকে ধৰি জনসমাগম হোৱা স্থানসমূহত নিৰাপত্তা বৃদ্ধি কৰিবলৈ ৰাজ্যসমূহক কোৱা হৈছে৷ মেট্র’ মহানগৰীসমূহত বিশেষভাৱে সর্বাধিক সতর্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে৷ ইয়াৰ উপৰি, জম্মু আৰু কাশ্মীৰ, পঞ্জাব, ৰাজস্থান আৰু গুজৰাটৰ দৰে পাকিস্তান সীমান্তত থকা ৰাজ্যবোৰক অহর্নিশে সতর্ক হৈ থাকিবলৈ কোৱা হৈছে৷ কালি পাকিস্তান-অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই সন্ত্রাসবাদীৰ অস্থায়ী ঘাটিবোৰত চলোৱা আক্রমণৰ পাছত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে আজি উক্ত সতর্কতা জাৰি কৰে৷ গৃহ মন্ত্র্যালয়ে দিল্লীত সর্বাধিক সতর্কতা অৱলম্বন কৰিবলৈ দিল্লীৰ পুলিচক নির্দেশ দিছে৷ ইফালে, পাকিস্তানী সৈন্যই উক্ত আক্রমণৰ পাছত সীমান্তত কেইবাবাৰো যুদ্ধ-বিৰতি উলংঘা কৰা বুলি জানিব পৰা গৈছে৷ পাকিস্তানী সৈন্যই নিয়ন্ত্রণ ৰেখাত থকা ভাৰতীয় সীমান্ত চকীলৈ লক্ষ্য কৰি গুলীবর্ষণ কৰে৷ আখনু ছেক্টৰত কালি নিশা 12-30মান বজাত পাকিস্তানী সৈন্যই কৰা গুলীবর্ষণ প্রায় এঘণ্টামানৰপাছত বন্ধ হয়৷ আজি পুৱাও আখনুৰ ছেক্টৰৰ ছাপৰিয়াল আৰু ছেৱানত পাকিস্তানী সৈন্যই গুলীচালনা কৰে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment