বাংলাদেশী সন্ত্রাসবাদীৰ সৈতে ভাৰতীয় প্রাক্তন সেনা জোৱানৰ সম্পর্ক

 ৱেব ডেস্ক, ২ অক্টোবৰ, ২০১৬ঃ জেহাদীৰ সৈতে অসমৰ নিৰাপত্তা বাহিনীৰ লোকৰ সম্পর্ক থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’র্চে (এছ টি এফ) কাছাৰ জিলাৰ গুমৰা অঞ্চলৰ পৰা গ্রেপ্তাৰ কৰা জামাত-উল-মুজাহিদীন বাংলাদেশৰ (জে এম বি) দুর্ধর্ষ সন্ত্রাসবাদী জাহিদুল ইছলামৰ সৈতে এজন প্রাক্তন সেনা জোৱানৰ সম্পর্ক থকাৰ তথ্য পোহৰলৈ আহিছে৷ সম্প্রতি কলকাতা আৰক্ষীৰ এছ টি এফৰ জিম্মাত থকা জাহিদুলে আৰক্ষীয়ে চলোৱা জেৰাৰ সময়ত এই বিস্ফোৰক তথ্য প্রকাশ কৰে৷ জাহিদুলৰ স্বীকাৰোক্তি অনুসৰি কাছাৰ জিলাৰ প্রাক্তন সেনা জোৱান শ্বাহজামাল চৌধুৰীৰ সৈতে দীর্ঘদিনীয়া সম্পর্ক আছিল জাহিদুলৰ৷ ইয়াৰ উপৰি অসমত জে এম বিৰ সাংগঠনিক কার্যকলাপ বৃদ্ধিৰ ক্ষেত্রতো শ্বাহজামালে জাহিদুলক সহায় কৰিছিল৷ এই সম্পর্কত ইতিমধ্যে পশ্চিম বংগৰ আৰক্ষীয়ে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰি জে এম বিৰ সম্পর্কত কেতবোৰ তথ্য যোগান ধৰিছে৷ ইফালে কলকাতা আৰক্ষীৰ এছ টি এফৰ জালত পৰা জে এম বিৰ আন এটা সন্ত্রাসবাদী ইউছুফ শ্বেইখে বিগত ডেৰ বছৰৰো অধিক কাল অসমৰ বিভিন্ন স্থানত আত্মগোপন কৰি আছিল৷ জে এম বিৰ উত্তৰ-পূর্বাঞ্চলৰ দায়িত্বত থকা ইউছুফে অসমত আত্মগোপন কৰি থকাৰ সময়ত ৰাজ্যৰ একাংশ মৌলবাদী সংগঠনৰ সৈতে কেইবাবাৰো গোপন আলোচনাত মিলিত হৈছিল জে এম বিৰ দুর্ধর্ষ সন্ত্রাসবাদীটো৷ ইপিনে জে এম বিৰ সহযোগত আইছিছে অসমত জাল পেলাবলৈ চেষ্টা অব্যাহত ৰখা বুলি কলকাতা আৰক্ষীৰ এছ টি এফে অসম আৰক্ষীলৈ সতর্কবার্তা প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কলকাতা আৰক্ষীৰ এছ টি এফে অভিযান চলাই শেহতীয়াকৈ কাছাৰ জিলা আৰু পশ্চিম বংগৰ বিভিন্ন স্থানৰ পৰা জে এম বিৰ ছটা দুর্ধর্ষ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পাছতেই কাছাৰৰ আৰক্ষীয়ে জে এম বিৰ সৈতে সম্পর্ক ৰক্ষা কৰাৰ অভিযোগত আজিজুৰ ৰহমান নামৰ এজন লোকক গ্রেপ্তাৰ কৰিছিল৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment