
গুৱাহাটী, ০২ অক্টোবৰ, ২০১৬ঃ কাজিৰঙা উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ অভিযোগত অভিযুক্ত কৃষক নেতা অখিল গগৈ বহুত কেইবা দিন সন্ধানহীন হৈ থকাৰ অন্তত আজি গুৱাহাটী গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি থকা সময়তে অসম অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰি চানমাৰী আৰক্ষী থানালৈ লৈ যোৱা হয়৷ কৃষক নেতাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ কথা আছিল যদিও আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিশেষ নিৰাপত্তাজনিত কাৰণত পোনে পোনে নগাওঁ আৰক্ষীৰ তত্বাৱধানত নগাঁওলৈ ৰাওনা হয়৷কাজিৰঙা কাণ্ডৰ পিছতে জখলাবন্ধাত অখিলৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০/১২০(বি)/১৪৭/ ১৪৮/ ১৪৯/৪৩৫ ধাৰাত এক গোচৰ ১৩৯/১৬ নম্বৰত ৰুজু কৰা হৈছিল। মহানগৰ আৰক্ষীয়ে অখিলক লগত লৈ নগাওঁ অভিমুখে ৰাওনা হৈছে। তেওঁক নগাওঁ আৰক্ষীক গতাই দিয়াৰ পিছত কলিয়াবৰ আদালতত হাজিৰ কৰোৱা হব।
facebook
twitter
google+
fb share