______________________________________
✍ ছফি আহমেদ
কয়াকুছি , বৰপেটা
পৰাধীন অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰী) চাৰ চৈয়দ মহম্মদ ছাদুল্লা চাহাবৰ জন্ম হৈছিল ১৮৮৫চনৰ ২১মে' তাৰিখে গুৱাহাটীত । গোলাঘাট জিলাৰ কাছাৰিহাট গাঁৱৰ চৈয়দ মহম্মদ তৈয়বুল্লা চাহাবৰ দ্বিতীয় পুত্ৰ আছিল তেওঁ ।কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ আৰু বেৰিষ্টাৰ(BL) পাছ কৰা ছাদুল্লাই কিছুদিন গুৱাহাটী আৰু কিছুদিন কলিকতাত উকালতি কৰে। ১৯২৪ চনত ইংৰাজ চৰকাৰৰ অধীনৰ অসমৰ গভৰ্ণৰ চাৰ জন হেনৰি কেৰ্ এ ছাদুল্লাক তেওঁৰ পৰিষদত এজন মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰে। 1924 চনৰ পৰা 1934 চনলৈ তেওঁ অসমৰ শিক্ষা আৰু কৃষি দপ্তৰৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আছিল ।1928চনত ইংৰাজ চৰকাৰে তেওঁৰ জন্ম দিনত নাইট উপাধি প্ৰদান কৰে। 1919চনত গুৱাহাটীত উকালতি কৰি থকা সময়ছোৱাত তেওঁ গুৱাহাটী মিউনিচিপেল্টিৰ অধ্যক্ষও হৈছিল । মুছলিম লীগ দলৰ পৰা নিৰ্বাচিত হৈ তেওঁ প্ৰথমবাৰৰ বাবে অসমত মন্ত্ৰীসভা গঠন কৰি 1937ৰ পৰা 1938চনলৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। মন্ত্ৰীসভা ভংগৰ পিছত 1938চনত তেওঁ পুনৰ মুখ্যমন্ত্ৰী হয়। 1942চনৰ পৰা 1945চনলৈ তেওঁ পুনৰ মন্ত্ৰীসভা গঠন কৰি মুখ্যমন্ত্ৰী হয়।1946চনত ইংৰাজ চৰকাৰে তেওঁক Order of the Indian Empire খিতাপ প্ৰদান কৰে।1955চনৰ 8জানুৱাৰীত 69বছৰ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।
এতিয়া আহিছোঁ বাংলাদেশী প্ৰসংগলৈ--
চাৰ চৈয়দ ছাদুল্লা মন্ত্ৰীসভাৰ কালছোৱা অৰ্থাৎ 1937চনৰ পৰা 1945চনলৈ ভাৰতবৰ্ষ ইংৰাজৰ অধীনতেই আছিল ।তেতিয়া না পাকিস্তানৰ জন্ম হৈছিল , না বাংলাদেশৰ জন্ম হৈছিল । সেই সময়ছোৱাত অখণ্ড ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা যিকোনো ঠাইলৈ মানুহ প্ৰব্ৰজন কৰিছিল আৰু প্ৰব্ৰজন কৰাত কোনো বাধা নাছিল । ইংৰাজ চৰকাৰৰ অধিক উৎপাদন নীতিৰ বাবে অসমৰ হাবি-জংঘল খেতি পথাৰৰ উপযোগী তথা উৎপাদনক্ষম কৰাৰ উদ্দেশ্য সেইসময়ত বংগৰ পৰা বহু কৰ্মদ্যোমি লোক আনি ছাদুল্লা চৰকাৰে অসমত থাপিত কৰিছিল । ইয়াৰে বহুলোক বংগদেশৰ জমিদাৰসকলৰ অত্যাচাৰ -উৎপীৰণ তথা হিন্দু ধৰ্মত থকা জাতিভেদ প্ৰথা আৰু অস্পৃশ্যতাৰ বলি হৈ আৰু অতীষ্ঠ হৈ হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোক আছিল। এওলোক সমাজৰ আটাইতকৈ নিম্ন শ্ৰেণীৰ আৰু বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা পদে পদে লাঞ্ছিত -বঞ্চিত হৈ আছিল। কাজেই ইংৰাজসকলৰ উৎসাহ তথা ছাদুল্লা চৰকাৰৰ উদাৰ নীতিত ভোল গৈ অখণ্ড ভাৰতবৰ্ষৰ অসম প্ৰদেশলৈ দলে দলে প্ৰব্ৰজন (আন্তঃপ্ৰব্ৰজন) কৰিছিল। অসমৰ হাবি-জংঘল জীৱ জন্তুৰে ভৰি আছিল আৰু খেতি-বাতিৰ বাবে অনুপযোগী হৈ আছিল । এই অনুপযোগী মাটি খেতি-বাতিৰ উপযোগী এওঁলোকেই কৰি তোলে । কালক্ৰমত এওঁলোক অসমৰ স্থায়ী বাসিন্দা হৈ পৰে আৰু অসমৰ বিভিন্ন স্থানলৈ সিঁচৰতি হৈ পৰে। অখণ্ড ভাৰতবৰ্ষৰ স্থায়ী নাগৰিক হৈ পৰা এই নিৰীহ লোকসকলক বিদেশী সজাই 1979চনৰ পৰা1985চনলৈ চলা ছবছৰীয়া বহিৰাগত আন্দোলন শেষলৈ কেবল মুছলমান খেদা আন্দোলনলৈ ৰূপান্তৰিত হয়। যাৰ ফলস্বৰূপে অসমৰ নেলী, মুকালমুৱা , চাউলখোৱা, খৰিচলা আদি ঠাইত হাজাৰ হাজাৰ নিৰীহ মুছলমান হত্যা কৰা হয়। হত্যাকাৰীসকলৰ মাজৰ পৰাও বহুলোকৰ মৃত্যু হয়।যিসকলক বহুতে ছহিদ আখ্যা দিয়ে। ছবছৰীয়া অসম আন্দোলনৰ ফলস্বৰূপেই অসমত অগপ নামৰ এটা ৰাজনৈতিক দলৰ জন্ম হৈ 1985ৰ পৰা 1990চনলৈ আৰু 1996চনৰ পৰা 2001চনলৈ অসমৰ শাসনভাৰ চলায় যদিও সেই দীৰ্ঘ দহবছৰত কিমানজন বিদেশী খেদিব পাৰিছে সেয়া সকলোৱে জানে। বিপৰীতে 1997চনৰ পৰা ভোটাৰ তালিকাত লাখ লাখ স্বদেশী লোকৰ নামৰ আগত D লগাই চৰম হাৰাশাস্তিৰে এক কলা অধ্যায়ৰ সূচনা কৰে।
মিথ্যাচাৰৰ আশ্ৰয় লৈ এবাৰ কি দুবাৰ শাসন লব পাৰি কিন্তু সত্য কেতিয়াও লুকাই নাথাকে ।
শেহতীয়াকৈ কেন্দ্ৰ -ৰাজ্য উভয় চৰকাৰে ধৰ্মৰ নামত বিদেশীক নাগৰিকত্ব দিবলৈ নাগৰিকত্ব আইন সংশোধনৰ বাবে যি পদক্ষেপ লৈছে সেয়া কাৰ্যকৰী হলে অসম চুক্তিখন সম্পূৰ্ণৰূপে নস্যাৎ হৈ পৰিব। ইয়াৰ প্ৰতিবাদত অসম চুক্তিৰ স্বাক্ষৰকাৰী তথা বৰ্তমানে বিজেপিৰ বেনাৰত শাসনৰ গাদীত বহা আছুৰ প্ৰাক্তন নেতাসকলে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হব।
কিছুদিন পূৰ্বে APWনামৰ সংগঠনৰ সভাপতি অভিজিত শৰ্মাই সোণোৱাল চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰি সোণাৱলক চাৰ ছাদুল্লাৰ সৈতে তুলনা কৰে। তেওঁৰ মতে সোণোৱালে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি আছে আৰু ছাদুল্লাই বাংলাদেশৰ পৰা মুছলমান বাংলাদেশী আনিছিল ।
অভিজিত শৰ্মাই জনা উচিত যে ছাদুল্লা মন্ত্ৰীসভাৰ কালছোৱাত অসম তথা সমগ্ৰ ভাৰতবৰ্ষই ইংৰাজৰ অধীনত আছিল আৰু ভাৰতবৰ্ষখন বিভাজনো হোৱা নাছিল । সেই সময়ছোৱাত বাংলাদেশতো দূৰৈৰ কথা পাকিস্তানৰে জন্ম হোৱা নাছিল। তেতিয়াৰ অখণ্ড ভাৰতবৰ্ষৰ সকলোবোৰ নাগৰিকেই ভাৰতীয় আছিল। বাংলাদেশৰ জন্ম হয় 1971চনতহে। গতিকে 1937চনৰ পৰা 1945চনলৈ অসমত প্ৰৱেশ কৰা লোকখিনি বাংলাদেশী কেনেকৈ হয়? অভিজিত শৰ্ম্মাৰ দৰে মগজুহীন নেতাৰ বাবেই অসমখন ৰসাতলে গৈ আছে। অসমৰ ভাষা-সংস্কৃতি আজি সংকটৰ গৰাহত। কেবল আবেগেৰে বিদেশী খেদিব নোৱাৰি । বিদেশী খেদিবলৈ উপযুক্ত প্ৰমাণ নোহোৱাকৈ কেবল সন্দেহৰ ভিত্তিত নামনিৰ পৰা উজনিলৈ কাম কৰিবলৈ যোৱা মানুহৰ বেশ-ভূষা চাই আৰক্ষীক গতাই স্বদেশী লোকক হাৰাশাস্তি চলাই গ'লে বিদেশী সমস্যা কেতিয়াও সমাধান নহয়।বিপৰীতে অসমৰ পৰিস্থিতি আৰু ভয়ানকহে হব। ইয়াৰ সুযোগ সাম্প্ৰদায়িক ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰিব আৰু কৰি আছে। সংবাদ মাধ্যমবোৰেও কোনো প্ৰমাণ নোহোৱাকৈ 'সন্দেহযুক্ত' , বৈধ, অবৈধ বাংলাদেশী শব্দবোৰ ব্যৱহাৰ কৰি থাকিলে বিদেশী সমস্যা কেতিয়াও সমাধান নহয়। বৰঞ্চ সাম্প্ৰদায়িক উত্তেজনাৰহে সৃষ্টি হব। বিদেশী বহিস্কৰণৰ বাবে সকলো পক্ষই সহযোগেৰে আগবাঢ়িলেহে আৰু তথ্যৰ ভিত্তিত বিদেশী চিনাক্ত কৰিলেহে বিদেশী বহিস্কৰণ সম্ভৱ হব। ইয়াৰ বাবে NRCৰ কাম সম্পূৰ্ণ হোৱাটো অত্যন্তই জৰুৰী।
0 comments :
Post a Comment