লেখক: অৰুণ বৰুৱা
ইংৰাজ গ’ল দেশ স্বাধীন হ’ল৷ কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ প্ৰব্ৰজনৰ গতি বন্ধ নহ’ল৷ ধাৰাবাহিক বিদেশী অনুপ্ৰৱেশৰ ফলত ৰাজ্যকেইখনৰ জনজীৱন সাংঘাটিক বিপৰ্যস্ত হৈছে আৰু ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি আদি সকলো দিশৰ ওপৰতে বিৰূপ প্ৰভাৱ পৰিছে৷ অব্যাহত থকা অবৈধ বিদেশী অনুপ্ৰৱেশৰ ফলত অসম আৰু ত্ৰিপুৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে৷ ইতিমধ্যে হিন্দুবঙালী, বাংলাদেশী চাকমা আদি লোকৰ অনুপ্ৰৱেশৰ ফলত ত্ৰিপুৰাৰ আদিবাসীসকল সংখ্যালঘু জাতিত পৰিণত হৈছে৷ খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ হাতৰ পৰা ৰাজনৈতিক, অৰ্থনৈতিক প্ৰভুত্ব বিলুপ্তি ঘটিছে৷ আজিৰ হাৰত অনুপ্ৰৱেশ হৈ থাকিলে অসমৰ দশাও ত্ৰিপুৰাৰ দৰেই হ’বগৈ৷ এক সমীক্ষা অনুসৰি ১৯৬১ৰ পৰা ৭১ চনৰ সময়চোৱাত পূৱ পাকিস্তানৰ পৰা ১১.১৪ লোকৰ অনুপ্ৰৱেশ অসমলৈ ঘটিছে৷ ১৯৭১ চনত বাংলাদেশ জন্ম হোৱাৰ পাছত অসমলৈ বাংলাদেশী হিন্দু-মুছলমান অনুপ্ৰৱেশৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাবলৈ ধৰিছে এই সময়চোৱাত যিমানবিলাক ভগনীয়াৰ অনুপ্ৰৱেশ ঘটিছিল তাৰ অধিকাংশই বাংলাদেশলৈ ঘূৰি নগৈ অসমতে স্থায়ীভাবে ৰৈ গৈছে৷ বাংলাদেশৰ লোকপিয়লৰ তথ্য অনুসৰি প্ৰকাশ যে এই সময়চোৱাত দেশখনৰ পৰা প্ৰায় ৭৫ লাখ মানুহ ওলাই গৈছে৷ আমি সন্দেহ নকৰাকৈ ক’ব পাৰো যে এই বৃহৎ সংখ্যক বাংলাদেশী আশী শতাংশই অসমত স্থায়ীভাৱে আছে৷ কেন্দ্ৰীয় চৰকাৰে পুনৰ ধৰ্মৰ নামত বৃহৎ সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা অসমক জাপি দিয়াৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বাংলাদেশ, পাকিস্থান, আফগানিস্থান আদি দেশৰ পৰা বিভিন্ন সময়ত অনুপ্ৰৱেশ ঘটা অমুছলমান ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ জৰিয়তে বিশ লাখতকৈ অধিক অবৈধ হিন্দু বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিবলৈ ইতিমধ্যে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰখনে প্ৰস্তুতিপ্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ চৰকাৰৰ বৰ্তমানৰ নাগৰিকত্ব আইনখন সংশোধন কৰি ১৯৭১ চনৰ পাছত অহা অবৈধ বাংলাদেশীৰ গোটেই বোজাটো অসমত জাপি দিয়াৰ বাবে পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰিছে৷ কেন্দ্ৰৰ এই সিদ্ধান্ত অসম আৰু অসমীয়াৰ স্বাৰ্থৰ পৰিপন্থী৷ ইয়াৰ দ্বাৰা অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি যে চৰম ভাবুকি নামি আহিব তাক বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই৷
নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খনৰ মতে বিভিন্ন দেশৰ পৰা যিসকল হিন্দু শৰণাৰ্থীয়ে নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ বিধেয়কখনত কেৱল হিন্দু শৰণাৰ্থীসকলৰ কথাই কোৱা নাই; শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান আদি চুবুৰীয়া দেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু লোক সকলেও যদি ভাৰতৰ নাগৰিকত্ব ল’ব বিচাৰে, তেন্তে তেওঁলোককো দিয়াৰ ব্যৱস্থা ৰখা হৈছে৷ তাদুপৰি সাতবছৰ কাল ভাৰতত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু সকলকো ভাৰতীয় নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে প্ৰস্তাবিত বিধেয়কখনৰ মাধ্যমেৰে অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি যি নীতি গ্ৰহণ কৰিব বিচাৰিছে, তাৰ জৰিয়তে যে অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিব খুজিছে তাত তিল মানো সন্দেহ নাই৷ ১৯৮৫ চনৰ ১৫ আগষ্টত সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত অসম চুক্তি সম্পাদনৰ জৰিয়তে ছবছৰীয়া অসম আন্দোলনৰ সফল সমাপ্তি হৈছিল৷ ঐতিহাসিক অসম চুক্তি মতে ১৯৭১ চনৰ আগতে অসমলৈ অহা হিন্দু-মুছলমান সকলোৱে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব আৰু তেওঁলোক অসমতে থাকিব পাৰিব৷ কিন্তু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলোকে অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব৷ এতিয়া ধৰ্মৰ নামত অবৈধ বিদেশী লোকক নাগৰিকত্ব দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি প্ৰচেষ্টা চলাইছে তাৰ দ্বাৰা ৬৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত স্বাক্ষৰিত ছয়বছৰীয়া অসম আন্দোলনৰ ঐতিহাসিক চুক্তি খনকে নস্যাৎ কৰিব বিচাৰিছে৷ ইয়াৰ পৰা এইটোৱেই বুজা গৈছে যে দিল্লীৰ ওচৰত অসম আৰু অসমীয়াৰ কোনো দাম নাছিল আৰু ভৱিষ্যতেও নাথাকে৷
জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ দিশটো হ’ল জাতিৰ অস্তিত্ব সুৰক্ষা কৰা৷ অসমত খিলঞ্জীয়াৰ অস্তিত্ব তথা সুৰক্ষা নিশ্চত কৰিবলৈ হ’লে অবৈধ বিদেশী সমস্যাটো সমাধান কৰিবই লাগিব৷ বিগত চৰকাৰসমূহৰ অকমন্যতাৰ কাৰণেই অসমত আজিও বিদেশী প্ৰব্ৰজনৰ ধাৰা অব্যাহত আছে আৰু ইতিমধ্যেই খিলঞ্জীয়াৰ অস্তিত্ব সংকটাপন্ন হৈছে৷ অসম চুক্তিয়ে সুদীৰ্ঘ তিনিটা দশক অতিক্ৰম কৰাৰ পাছটো মূল সমস্যাটো আজিও নিস্পত্তি কৰিবলৈ সক্ষম নহ’ল৷ চুক্তি স্বাক্ষৰকাৰী সকলক অসমবাসীয়ে দুবাৰকৈ আবেগিক সমৰ্থনেৰে চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিলে৷ কিন্তু তেওঁলোকে অসমবাসীক উপহাৰ দিলে কেৱল বিশ্বাসঘাতকতা৷ বৰ্তমানৰ পৰিৱৰ্তনকামী মিত্ৰজোঁটৰ চৰকাৰখনতো চুক্তি স্বাক্ষৰকাৰী সকলৰ প্ৰতিনিধি বিদ্যমান হৈ আছে৷ কিন্তু সেইসকলে ক্ষমতা হেৰুৱাৰ ভয়ত কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী ভয়াবহ ষড়যন্ত্ৰ প্ৰত্যক্ষ কৰাৰ পাছতো তাক প্ৰতিহত কৰিবৰ বাবে শক্তিশালী ৰূপত প্ৰতিৰোধী আন্দোলন গঢ়ি তোলাৰ সাহস গোটাব পৰা নাই৷
আজিও প্ৰতিটো ৰাজনৈতিক দলে বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো প্ৰধান ইছ্যু হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰে৷ পৰিৱৰ্তনৰ বাৰ্তাৰে ৰাইজক আশ্বস্ত কৰি বৰ্তমানৰ বিজেপি নেতিত্বাধীন সৰ্বানন্দ সোণোৱালৰ মিত্ৰজোঁটৰ চৰকাৰখনেও অবৈধ বিদেশীৰ সমস্যা সমাধান আৰু জাতি—মাটি—ভেটিৰ সুৰক্ষা বিষয়টোক মূল নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰিছিলে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পাছতেই বিগত চৰকাৰবোৰৰ দৰেই এইখন চৰকাৰেও এটা এটাকৈ অসম আৰু অসমীয়া বিৰোধী স্থিতি গ্ৰহণ কৰি গৈছে৷ তেওঁলাকে চৰকাৰ গঠনৰ দুমাহ নহওঁতেই ওলোটা খৰ মাৰি ধৰ্মৰ নামত বিভেদৰ বীজ সিঁচি দিব খুজিছে৷ জাতীয় অস্তিত্বই যদি সংকটৰ গৰাহত পৰে, তাৰ সমান্তৰালকৈ ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতিৰ ভেটিও আনৰ অধীনলৈ যোৱাৰ পথ প্ৰশস্ত হৈ উঠে৷ খিলঞ্জীয়া অসমবাসীৰ ক্ষেত্ৰতো আজি সেয়াই হ’বলৈ গৈ আছে৷ সমগ্ৰ ভাৰতৰ হৈ মানবীয় দৃষ্টিভংগীয়ে ১৯৭১ চনৰ আগতে অহা লাখ লাখ হিন্দু-মুছলমানৰ বোজা অসমে অকলে বহন কৰি থৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত অসমৰ জনগোষ্ঠীয় ভাৰসাম্যত ইতিমধ্যেই বিসংগতিৰ সৃষ্টি হৈছে আৰু খিলঞ্জীয়াৰ প্ৰভুত্বৰ প্ৰতি সকলো দিশৰ পৰাই ভাবুকি নামি আহিছে৷ খিলঞ্জীয়াৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ থৰক-বৰক হৈছে৷ এতিয়া আকৌ যদি ৭১ চনৰ পাছত অহা বিদেশীৰ বোজাও অসমেই ল’ব লাগে, তেন্তে এইটো নিশ্চিত যে অসমত খিলঞ্জীয়া অসমীয়া মানুহৰ পৰিচয়, প্ৰভুত্ব, আত্মনিয়ন্ত্ৰণ আৰু অস্তিত্ব সৰ্বকালৰ কাৰণেই নিঃশেষ হৈ যাব৷ অসম আন্দোলনৰ সময়ৰ পৰাই আজিলৈকে অসমৰ খিলঞ্জীয়া লোক সকলে নিজৰ অস্তিত্ব সুৰক্ষাৰ কাৰণে অবিৰত সংগ্ৰাম কৰি আহিছে যদিও তাৰ ন্যায্যতা পাবলে সক্ষম হোৱা নাই৷ অসম চুক্তিখন ৰূপায়ণ কৰাৰ বেলিকা কেন্দ্ৰীয় চকাৰ সম্পূৰ্ণ দায়বদ্ধ৷ এই চুক্তিমতে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা অবৈধ নাগৰিক সকলক চিনাক্ত কৰি বিতাৰণ কৰিব লাগে৷ কিন্তু বিদেশী চিন্তাকৰণৰ কথা ক’লেই ধৰ্ম, ভাষা, সংখ্যালঘুৰ হাৰাশাস্তি আদিৰ প্ৰশ্ন অৱতাৰণা কৰি দিনক দিনে বিষয়টো লেহেমীয়া আৰু জটিল কৰি অনা হৈছে৷ কেন্দ্ৰীয় আৰুঅসম চৰকাৰৰ সদিচ্ছা আৰু সহযোগিতা থকা হ’লে সমস্যাটো কেতিয়াবাই সমাধান কৰিব পৰা গ’লেহঁতেন৷ কিন্তু সুদীৰ্ঘ ৩০ বছৰে অসম চুক্তিখনটো ৰূপায়ণ নহ’লেই, এতিয়া নাগৰিকত্ব আইনখনকে সংশোধন কৰি খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থক জ্বলাঞ্জলি দি লাখ লাখ বিদেশীৰ বোজা পুনৰ অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্য এখনৰ ওপৰত জাপি দিব বিচাৰিছে৷ ইয়াতকৈ অসমীয়া ধ্বংসৰ গভীৰ ষড়যন্ত্ৰ আন একো থাকিব নোৱাৰে৷ এই আইনখন গৃহীত হোৱাৰ লগে লগে বাংলাদেশৰ উপৰিও আন কাষৰীয়া বিদেশী ৰাষ্ট্ৰৰ পৰাও যে অমুছলমান ধৰ্মীয় সংখ্যালঘুৰ সোঁত অসমলৈ বব তাত সন্দেহ নাই৷ তদুপৰি, আইনখন গৃহীত হ’লে বহু প্ৰত্যাশিত শুদ্ধ এন আৰ চিৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটোও বুমেৰাঙত পৰিণত হ’ব৷ উচ্চতম ন্যায়ালয়েও সন্দেহ প্ৰকাশ কৰিছে যে অসমলৈ আজিৰ হাৰত অবৈধ অনুপ্ৰবেশ অব্যাহত থাকিলে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব বিলোপ হ’বলৈ বেছি দিন ৰ’ব নালাগিব৷ অপ্ৰিয় হ’লেও সত্য যে ইতিমধ্যে অসমৰ ৯ খন জিলা অবৈধ অনুপ্ৰবেশৰ কবলত পৰি অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি পাইছে আৰু খিলঞ্জীয়াৰ প্ৰভূত্ব বিলুপ্তি ঘটিছে৷
ছয়বছৰীয়া অসম আন্দোলন হৈছিল অসমত থকা অবৈধ বিদেশীক চিনাক্ত কৰি বিতাৰণ কৰা আৰু ভৱিষ্যতে অসমলৈ অবৈধ প্ৰব্ৰজন সম্পূৰ্ণৰূপে ৰোধ কৰা৷ চুক্তি অনুসৰি অবৈধ বিদেশীক চিনাক্ত কৰি বিতাৰণ কৰাৰ সময়সীমা স্থিৰ কৰা হ’ল, অৰ্থাৎ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমত অবৈধ ভাৱে সোমোৱাসকলক চিনাক্তকৰণ কৰি বিতাৰণ কৰা হ’ব আৰু ভৱিষ্যতে ইয়াক ৰোধ কৰিবলে সম্পূৰ্ণৰূপে অসম-বাংলাদেশ সীমান্তত কাঁইটীয়া তাৰৰ বেৰা দি ছীল কৰা হ’ব৷ ভাৰত-বাংলাদেশ সীমান্তৰ অসমৰ সৈতে ২৬৩ কিলোমিটাৰ দৈঘ্যৰ সীমান্ত ৰেখা আছে৷ কিন্তু ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এই পথচোৱা ছীল কৰিবলৈ সক্ষম নহ’ল৷ এইয়া নিশ্চয়কৈ অসমক কৰা বঞ্চনাৰে আন এটা দিশ যাৰ ফলত প্ৰায় প্ৰতিদিনে সীমান্তৰ উন্মুক্ত অংশই দি অসমলৈ অবৈধ প্ৰব্ৰজনৰ সোঁত অব্যাহত আছে৷
১৯৮৫ চনৰ ৮৫৫ জন ছাত্ৰৰ কেঁচাতেজৰ বিনিময়ত যিখন ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছিল সেই খনৰ মতেই অসমে দেশৰ হৈ দুটা দশকতকৈ অধিক কালৰ বিদেশীৰ বোজা অকলেই মূৰ পাতি লৈছে৷ ইয়াৰ পাছতো যদি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে হিন্দু বংলাদেশীৰ বোজা অসমক বহন কৰিবলৈ বাধ্য কৰে তেন্তে অসম অচিৰেই ত্ৰিপুৰাত পৰিণত হ’ব৷ সেই কথা এতিয়া দিনৰ পোহৰৰ দৰেই সত্য৷ অসম হৈ পৰিব বিদেশী বিচৰণৰ মুক্ত ক্ষেত্ৰ, খিলঞ্জীয়া অসমীয়া হ’ব লাগিব ইয়াৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক৷
0 comments :
Post a Comment