>> হিন্দু বাংলাদেশী অসমৰ বাবে ডাঙৰ ইছ্যু নহয়। বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছত এইবাৰ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ বিতৰ্কিত মন্তব্য। হিন্দু বাংলাদেশীৰ সংস্থাপন বিজেপিৰ এজেণ্ডা আৰু কেৱল বাংলাদেশৰে নহয়, আফগানিস্তান–পাকিস্তানৰ পৰাও অনা হ’ব হিন্দু। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই মন্তব্য মন্ত্ৰী দত্তৰ।
>> ‘অসম এখন ধৰ্মনিৰপেক্ষ ৰাজ্য আৰু ধৰ্মৰ নামত অসমত ৰাজনীতি নহ’ব।’- হিন্দু বাংলাদেশীক লৈ সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ গুৰুত্বপূৰ্ণ মন্তব্য। ‘অসম এখন ধৰ্মনিৰপেক্ষ ৰাজ্য আৰু অসমক ধৰ্মনিৰপেক্ষ ৰাজ্য হৈয়ে থাকিবলৈ দিয়ক।’ এই মত প্ৰকাশ কৰিছে বিশিষ্ট লেখিকাগৰাকীয়ে।
>> অচিৰে উন্নত হ’ব ৰাজ্যৰ যোগাযোগ ব্যৱস্থা। কাইলৈ সন্ধিয়া ৫ বজাত হ’ব গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি আৰু দিছপুৰত স্বাক্ষৰিত হ’ব এই MoU। অনুষ্ঠানত অসামৰিক পৰিবহণ মন্ত্ৰী অশোক গজপতি ৰাজু আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। এই চুক্তিৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন খণ্ডৰ আমূল পৰিৱৰ্তনৰ আশা কৰা হৈছে।
>> বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে সদৰী কৰিছে নতুন GSTৰ গাঁথনি। সেই অনুসৰি এই গাঁথনি ৪ তৰপীয়া হ’ব আৰু ৫ৰ পৰা ২৮ শতাংশৰ ভিতৰত আৰোপ কৰা হ’ব বিভিন্ন সামগ্ৰীৰ কৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত ৫ শতাংশ আৰু অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত ২৮ শতাংশ পৰ্যন্ত কৰ আৰোপ কৰা হ’ব।
>> গুৱাহাটীৰ গড়চুক বৰাগাঁৱত উত্তপ্ত পৰিস্থিতি। ট্ৰাকৰ পৰা আৰক্ষীৰ অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ। যান–বাহন আৰক্ষীক ট্ৰাকচালকৰ প্ৰহাৰ আৰু চালকৰ প্ৰহাৰত আৰক্ষীৰ পলায়ন। আৰক্ষীয়ে আশ্ৰয় লোৱা এখন দোকানতো আক্ৰমণ কৰে ট্ৰাকচালকে। ঘটনাস্থলীত আৰক্ষীৰ দল মোতায়েন আৰু আৰক্ষীৰ দলৰ দ্বাৰা লাঠীচালনা। পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণৰ অধীনত।
>> উত্তৰ শালমৰাৰ অভয়াপুৰীত অঘটন। মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ শৌচাগাৰৰ খিৰিকী ভাঙি পলায়ন ৰহিমুদ্দিন নামৰ এজন কয়দীৰ। এক বাইক চুৰিৰ গোচৰত অভিযুক্ত আছিল ৰহিমুদ্দিন নামৰ আচামীজনৰ।
>> উত্তৰ-পূবলৈ ISISৰ কোনো ভাবুকি অহা নাই। শোণিতপুৰত মেজৰ জেনেৰেল ৰাজীৱ কুমাৰ গুপ্তাৰ এই মন্তব্য অসম ৰাইফলছৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধানৰ। সাহস আৰু কাৰ্যদক্ষতাৰ বাবে উত্তৰ-পূব দেশৰ কাৰণে সেঁতু হ’ব পাৰে বুলিও উল্লেখ কৰে গুপ্তাই।
>> বাধ্যতামূলক ছুটিত যোৱা আৰক্ষী বিষয়াৰ দায়িত্ব গৃহ বিভাগে ভগাই দিলে দুই বিষয়াক। আৰ চন্দ্ৰনাথনৰ দায়িত্ব চম্ভালিব এ কে ঝাই আৰু অনুৰাগ আগৰৱালাৰ দায়িত্ব দিগন্ত বৰাই চম্ভালিব । দুয়োকে দিয়া হৈছে এই অতিৰিক্ত দায়িত্ব। চন্দ্ৰনাথন-আগৰৱালাক বাধ্যতামূলক ছুটিৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী সোণোৱালে।
>> সোণাৰিৰ সৰুপথাৰ গাঁৱত নৃশংস হত্যাকাণ্ড। কনিষ্ঠ ভাতৃৰ কোৰৰ ঘাপত প্ৰাণ গ’ল যুৱকৰ আৰু নিহত যুৱকজনৰ নাম শৰৎ বসুমতাৰী। অভিযুক্ত পূৰ্ণ বসুমতাৰীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে হত্যাকাণ্ড সংঘটিত কৰা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।
>> ঢেকীয়াজুলিৰ ঘগ্ৰাত পথ দুৰ্ঘটনা। ৰাজপথত মালবাহী ট্ৰেক্টৰত খুন্দা বাইকৰ আৰু দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হয়। নিহত বাইক আৰোহীজনৰ নাম লাদৰুছ তিৰ্কী। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত জৰন চুনিন নামৰ লোকজনক GMCHলৈ প্ৰেৰণ কৰা হৈছে।
>> ডিব্ৰুগড়ৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ। ধৃত বিশ্ব হাজৰিকা, মাধৱ হাজৰিকা। দুৰ্ঘটনাক লৈ মঙলবাৰে দুঘৰত অগ্নিসংযোগ আৰু সম্প্ৰতি বৰবৰুৱা আৰক্ষীৰ জালত ২ অভিযুক্ত।
>> সোণাৰিত দুই বাইক চোৰ গ্ৰেপ্তাৰ। ধৃত চোৰ দুটাৰ পৰা এখন বাইক জব্দ কৰা হৈছে। টীয়কৰ পৰা চুৰি কৰিছিল বাইকখন।
>> কৰিমগঞ্জৰ মাগুৰাত উত্তপ্ত পৰিস্থিতি। কিশোৰীৰ শ্লীলতা হানিৰ চেষ্টা যুৱকৰ। অভিযুক্ত যুৱকজনৰ নাম জয়নুল ইছলাম। বাজাৰিছড়া থানাত এজাহাৰ পৰিয়ালৰ।
0 comments :
Post a Comment