টেহেলকা আলোচনীৰ জানুৱাৰী সংখ্যাত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য

চেন্নাই, ৮ ডিচেম্বৰঃ
যোৱা সোমবাৰে মাজনিশা দীর্ঘদিনীয়া অসুস্থতাৰ অন্তত মৃত্যুমুখত পৰা তামিলনাডুৰ মুখ্যমন্ত্রী জয়ললিতা সন্দৰ্ভত আজি প্রকাশিত এক বাতৰিয়ে ৰাজ্যখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। টেহেলকা আলোচনীৰ জানুৱাৰী সংখ্যাৰ প্রথম পৃষ্ঠাত প্রকাশিত এক আছুতীয়া প্রতিবেদনত দাবী কৰামতে জয়ললিতাক তেওঁৰ চিকিত্সক আৰু নাৰ্ছৰ হতুৱাই বিহ খুৱাই হত্যা কৰিছিল। এ আই এ ডি এম কেৰ নেতৃত্ব কৌশলেৰে হস্তগত কৰিবলৈ শশীকলাই এই কৰিছে। এই ক্ষেত্ৰত মান্নাৰগুড়িৰ কুখ্যাত মাফিয়াবাহিনীয়ে আম্মা অর্থাৎ জয়ললিতাৰ স্থানত চিন্না আম্মা অর্থাৎ শশীকলাক মুখ্যমন্ত্রী হিচাপে স্থলাভিষিক্ত কৰাৰ পোষকতা কৰিছিল। এই ষড়যন্ত্রৰ অংশ হিচাপে শশীকলাই ব্যক্তিগত তৎপৰতাৰে নিযুক্তি দিয়া নাৰ্ছৰ সহায়ত দৈনিক ক্ষুদ্র ক্ষুদ্ৰ পৰিমাণৰ বিষাক্ত ৰাসায়নিক পদার্থ, শ্ল’পইজনিঙৰ জৰিয়তে মৃত্যুৰ মুখলৈ ঠেলি দিছিল।
টেহেলকাৰ প্ৰতিবেদক জীমন জেকবে পৰিবেশন কৰা বাতৰিটােৰ মতে বেংগালুৰুলৈ যাওঁতে জয়ললিতাই এবাৰ মান্নাৰগুড়িৰ মাফিয়া চক্ৰৰ সৈতে এক ঠিকা সম্পৰ্কীয় কথা পাতিছিল। তেতিয়াৰ পৰাই জীয়া আৰs মাফিয়াচক্ৰৰ মাজত সংঘাত পৰিলক্ষিত হৈছিল। বাতৰিটোৰ মতে জয়ললিতাই আনকি তেওঁক কি ঔষধ দিয়া হৈছে সেই বিষয়ে জানিবলৈও চেষ্টা কৰিছিল। কিন্তু শশীকলাৰ হস্তক্ষেপৰ বাবে সেয়া সম্ভৱপৰ নহ’ল। আনকি শশীকলাৰ নির্দেশাতহে জয়ললিতাক ফল-মূল আৰু ঔষধ যোগান ধৰিছিল নাৰ্ছে।

facebook
twitter
google+
fb share