চৰকাৰী সামগ্ৰী ৫০০-১০০০ টকাৰ বিনিময়ত বিতৰণ
বাক্সা, ৭ ডিচেম্বৰঃ
হাগ্রামা মহিলাৰীৰ মডেল বিটিএডিত ব্যাপক দুনীতিয়ে ছানি ধৰিছে। বাক্সা জিলাৰ গোৱৰ্ধনা উন্নয়ন খণ্ডত বিভিন্ন ভিচিডিচিত ব্যাপক হাৰত দুনীতি সংঘটিত হােৱাৰ তথ্য ইতিপূর্বে বিস্তাৰিত ভাবে প্রকাশ পোৱাৰ পিছতো একাংশ ‘মেনেজ মাষ্টাৰৰ হস্তক্ষেপত সেইবােৰ তলপৰিলেও শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক ভয়ানক দুনীতিৰ বাস্তৱ ছবি। এইবাৰ কোনাে দল বা সংগঠনে নহয়, স্বয়ং হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলটােৰ একাংশ কর্মী-সমর্থক আৰু সাধাৰণ ৰাইজে এনে এক ভয়ানক দুনীতিৰ তথ্য পোহৰলৈ আনিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি গোৱৰ্ধনা উন্নয়নখণ্ড তথা শালবাৰী পৰিষদীয় সমষ্টিৰ চূণবাৰী ভিচিডিচিৰ অন্তর্গত সংঘর্ষপীড়ীত নাৰায়ণগুৰি, ননকেখাগ্ৰাবাৰী গাওঁৰ ৰাইজক চৰম প্ৰতাৰণা কৰা হৈছে।
বিটিচি প্রশাসনৰ তৰফৰ পৰা বিনামূলীয়াকৈ বিতৰণ কৰিবলৈ দিয়া চিলাই মেচিন, চাইকেল, কাপোৰ আৰু আঠুৱা ভিচিডিচিটােৰ সভাপতি মহৰ আলী আৰু ননকেখাগ্ৰাবাৰী গাওঁৰ সদস্য শ্বহিদুল ইছলামে গাওঁখনৰ বাবে আৱন্টিত বিনামূলীয়া সামগ্ৰী সমূহ নীতিবহির্ভূত ভাবে উক্ত গাওঁখনৰ ৰাইজৰ মাজত বিতৰণ নকৰি ৫০০১০০০ টকাৰ বিনিময়ত নিজৰ নিজৰ পছন্দৰ লোকসকলৰ মাজত বিতৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
আনকি গাওঁখনৰ দৰিদ্ৰ লোকে উক্ত বিনামূলীয়া সামগ্ৰী পোৱাৰ বাবে ভিচিডিচিটােৰ সভাপতিৰ কাষ চপাত অভব্য গালি-গালাজ কৰা বুলিও জানিব পৰা গৈছে। বিশেষ সূত্রে জানিব পৰা মতে চুণবাৰী ভিচিডিচিত সংঘটিত এই দুনীতি সন্ধৰ্ভত ইতিমধ্যে গাওঁখনৰ ৰাইজ আৰু দলটােৰ একাংশ কমী-সমর্থকে শালবাৰী পৰিষদীয় সমষ্টিৰ টিএলচিচিৰ অধ্যক্ষ ভূৱনেশ্বৰ গয়াৰীক যোৱা ১ ডিচেম্বৰ তাৰিখে এখন স্মাৰকপত্র প্রদান কৰিছে যদিও অধ্যক্ষ গৰাকীয়ে উক্ত দুনীতি পৰায়ন লোক দুজনৰ বিৰুদ্ধে কোনাে ধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হােৱা নাই। এইখিনিতে উল্লেখ কৰিব লাগিব যে মাত্র চুণবাৰী ভিচিডিচিতেই নহয় গোৱৰ্ধনা উন্নয়নখণ্ডৰ অন্তর্গত প্রায় প্ৰতিটাে ভিচিডিচিতেই এনে অলেখ দুনীতি সংঘটিত হােৱাৰ তথ্য আমাৰ হাতত আহি পৰিছে।
উল্লেখ্য যে ২০১৪ চনৰ ২ মে তাৰিখে বড়ো উগ্ৰপন্থী আৰু একাংশ বনকমীয়ে ৩৮ জনকৈ নিৰিহ লোকক গুলিয়াই হত্যা কৰাৰ পিছত গাওঁখনৰ আন্তঃগাথনি উন্নয়নৰ বাবে আৰু আহত-নিহতৰ পৰিয়াললৈ বিটিচি প্রধান হাগ্রামা মহিলাৰীয়ে ঘোষণা কৰা ধনো লাভ কৰাৰ পৰা বঞ্চিত হৈছে গাওঁবাসীয়ে। ইফালে বিটিচিৰ উন্নয়নৰ ধন একাংশ দুনীতি পৰায়নলোকে পৈতৃক সম্পত্তিৰ দৰে হকে-বিহকে ব্যৱহাৰ কৰা আৰু বিনাদ্বিধায় আত্মাহাত্ কৰি অহা কার্যই গোৱৰ্ধনা উন্নয়নখণ্ডৰ দায়িত্বহীনতাৰ পৰিচয় বহন কৰা বুলিও চর্চা লাভ কৰিছে।
দুনীতি নির্মূলৰ শ্ল’গানলৈ ৰাজ্যৰ শাসনৰ গাধি দখল কৰা মিত্ৰদলৰ চৰকাৰে আৰু দুনীতিপৰায়ন লোকক একপ্রকাৰ ক্লিনশ্বিট প্রদান কৰি অহা তথা চকুমোদা কুলিৰ ভাও জোৰা বাক্সা জিলা প্রশাসনে অনাগত সময়ত কি ব্যৱস্থা গ্রহণ কৰে সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ’ব।

facebook
twitter
google+
fb share