ৱেব ডেস্কঃ

দেশৰ ম’বাইল সেৱা আগবঢ়োৱা বিখ্যাত কোম্পানী, ৰিলায়েন্সে অলপতে জিঅ’ মুকলি কৰি ম’বাইল জগতত বিপ্লৱৰ সূচনা কৰে। এতিয়া ম’বাইল ফোন ব্যৱহাৰকাৰীসকলে ৰিলায়েন্স জিঅ’ৰ সংযোগৰ বাবে হেতাওপৰা লাগিছে। এনে বহু লোক আছে, যিসকলে ৰিলায়েন্স জিতা”ৰ সংযোগ ল’ব। বিচাৰে। কিন্তু ৰিলায়েন্সৰ ডিজিটেল ষ্ট’ৰ বা ৰিলায়েন্স ডিজিটেল এক্সপ্ৰেছত জিঅ’ৰ ছিম পোৱা নাই। ৰিলায়েন্স ষ্ট’ৰাসমূহত গ’লে ছিম উপলব্ধ নহয় বুলি ক’লে গ্রাহকৰ মন ভাঙি যায়। পিছে এতিয়া ৰিলায়েন্স জিঅ’ৰ ছিমক লৈ দুঃখিত হােৱাৰ কাৰণ নাই। তেনে গ্রাহকে এতিয়া নিশ্চয় জিঅ’ৰ ছিম লাভ কৰিব। কিন্তু তাৰ আগতে কেইটামান প্রক্রিয়াৰ মাজেৰে যাব লাগিব। তেনে গ্রাহকে নিজৰ ফোনেৰে ৮০০-২০০-২ত কল কৰক আৰু অপেক্ষা কৰক এটা এছএমএছলৈ। এই এছএমএছাটোত থাকিব কেনেকৈ জিঅ’ৰ ছিম লাভ কৰিব পাৰি। এছএমএছাটোত এটা লিংক দিয়া থাকিব। সেই লিংকত ক্লিক কৰাৰ পাছত সেইজন গ্রাহকে MyJio app ডাউনলোড কৰাৰ বাবে এটা প্লেষ্টৰ পাব। ডাউনলোড কৰাৰ পাছত নিজৰ ফোনত MyJio appইনষ্টল কৰাৰ পাছত অ’পেন কৰক। যেতিয়া MyJio app অ’পেন কৰিব, তেতিয়া সেইজন গ্রাহকে GetJio simৰ বেনাৰত ক্লিক কৰিব লাগিব৷ ইয়াৰ পিছত agree আৰু GetJio sim offert, ক্লিক কৰিব লাগিব। ইয়াৰ পাছত লোকেচন নির্বাচন কৰাৰ বাবে ড্রপ ডাউন মেনুত যাব লাগিব। তাৰ পাছত নিজৰ ফোন স্ট্রীনত থকা nextত ক্লিক কৰি offer code পাব৷ এই অফাৰ কোড লৈ ৰিলায়েন্সৰ ষ্টোৰলৈ যাব লাগিব৷ সেই ষ্টৰত নিজৰ পৰিচয় পত্ৰ, ফটোগ্ৰাফ, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব৷ তাৰ পিছত কোইটিমান প্ৰক্ৰিয়া সম্পূৰ্ণ হলে ষ্টৰৰ পৰা জিঅ’ ছিম আগবঢ়াব৷
facebook
twitter
google+
fb share