By - Ashraful Islam

প্ৰয়াত ইছমাইল হুছেইন (জ্যেষ্ঠ) অসমৰ সমাজ জীৱনৰ লগত জড়িত সচেতন মহলৰ বাবে এক সুপৰিচিত নাম। তেখেত একেধাৰে সু সাহিত্যিক, সাহিত্য সংগঠক, সাংস্কৃতিক কৰ্মী আৰু প্ৰগতিশীল ৰাজনৈতিক ব্যক্তিত্ব আছিল। তেখেত আমাৰ বাবে অৰ্থাৎ চৰ-চাপৰিৰ মুছলমান সমাজখনৰ বাবে আছিল পিতৃস্বৰূপ আৰু অগ্রজ অসমীয়া আৰু চৰ-চাপৰিৰ মুছলমান সমাজখনৰ মাজৰ সেঁতুস্বৰূপ। ব্যক্তি জীৱনত তেওঁ সাম্প্ৰদায়িকতাবাদ, ধৰ্মান্ধতা, কুসংস্কাৰ, অন্ধবিশ্বাসৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। তেখেতৰ দৰে নির্লুভ, নিৰহংকাৰী ব্যক্তি দুৰ্লভ।
তেখেত আমাৰ মাজত নাই। কিন্তু তেখেতক সোৱৰণ কৰিবলৈ আৰু তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য প্ৰতি বছৰে চৰ-চাপৰি সাহিত্য পৰিষদে এই বিশেষ দিনটোত " ইছমাইল হুছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান আৰু বক্তৃতা অনুষ্ঠান " আয়োজন কৰে। এইবেলিও আজি গুৱাহাটী প্ৰেছ ক্লাৱত দিনৰ ১ বজাত এই অনুষ্ঠান আয়োজন কৰা হয়। এনে এগৰাকী মহৎ লোকৰ সোঁৱৰণত এইবেলি চৰ-চাপৰি সাহিত্য পৰিষদে আজীৱন অন্যায়-অত্যাচাৰৰ বিপক্ষে আৰু ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ পক্ষত যুঁজ দিয়া প্ৰথিতযশা মানৱতাবাদী লেখক তথা বুদ্ধিজীৱী শশী শৰ্মাদেৱক ইছমাইল হুছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান, ২০১৬ প্ৰদান কৰে। আজিৰ এই সোঁৱৰণী সভাখন সঞ্চালনা কৰে বিশিষ্ট সমাজবিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক মুনিৰুল হুছেইন। " সাম্প্ৰতিক কালত ইছমাইল হুছেইন (জ্যেষ্ঠ)ৰ জীৱনাদৰ্শৰ প্ৰাসংগিকতা " শীৰ্ষক বিষয়ত মূল বক্তা হিচাপে ভাষণ প্ৰদান কৰে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ বৰা। সভাত বিশিষ্ট বুদ্ধিজীৱী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আব্দুল মান্নান, বিশিষ্ট নিবন্ধকাৰ অনন্ত কলিতা, ৰিপুঞ্জয় গগৈ, ডঃ ৰেজাউল কৰিম সৰকাৰ, বিশিষ্ট লেখিকা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অনুৰাধা শৰ্মা, চৰ- চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড৹ হাফিজ আহমেদৰ লগতে আন ভালেমান বিশিষ্ট লোক উপস্থিত থাকি প্ৰয়াত ইছমাইল হুছেইন (জ্যেষ্ঠ)ক শ্ৰদ্ধাৰে সোৱঁৰে । এই ছেগতে আমিও প্ৰয়াত ইছমাইল হুছেইন (জ্যেষ্ঠ) লৈ আমাৰ লাল ছালাম জনালোঁ।
0 comments :
Post a Comment