সন্দেহযুক্ত বাংলাদেশীৰ নামত অসমৰ মুছলমানৰ ওপৰত অত্যাচাৰ অব্যাহতঃ হাৰ কঁপোৱা জাৰত চৰকাৰে গৃহহাৰা কৰিলে ৪০০ পৰিয়ালক

সাজাহান আলী আহমেদ২২ ডিচেম্বৰ, ২০১৬ :

অসমৰ ভাষা-সংস্কৃতি, সাহিত্য জীয়াই ৰখা বংগমূলীয় মুছলমানৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ অব্যাহত আছে৷ অসমৰ ভাষা আন্দোলনত প্ৰাণ দি ভাষা জননীক ৰক্ষা কৰা, বিদেশী বিতাৰণ আন্দোলনত সাম্প্ৰদায়িক শক্তিৰ হাতত প্ৰাণ দিয়াৰ লগতে ১৯৮৩ চনৰ পৰা ১৯৯৪, ২০০৮, ২০১২, ২০১৪ লৈকে বাৰম্বাৰ কোমল চিকাৰত পৰিণত হৈ গণহত্যাৰ বলি হোৱা এই লোকসকলৰ ওপৰত এতিয়া চলিছে নতুন নিৰ্জাতন৷ নদীৰ গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হোৱা লোকসকলে ছন পৰি থকা চৰকাৰী ভূমি, চৰ-চাপৰি আদিত বসবাস কৰি থাকিছিল যদিও শেহতীয়াকৈ ‘জাতি-মাটি-ভেটি’ ৰক্ষা কৰাৰ শ্ল’গানলৈ ৰাজ্যৰ সাশনৰ গাধী দখল কৰিয়েই হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়া সৰ্বানন্দ সোনোৱাল চৰকাৰে এটাৰ পিছত এটাকৈ মুছলমান বসতি উচ্ছেদ চলাই পথৰ ভিক্ষাৰীত পৰিণত কৰিবলৈ নতুন ফৰ্মুলা তৈয়াৰ কৰিছে৷ ইয়াৰ লগতে মুছলমানসকলৰ সতি-সন্ততিসকলে যাতে ‘মানৱ সম্পদ’লৈ ৰূপান্তৰ হ’ব নোৱাৰে তাৰ বাবে শিশুসকলৰ শিক্ষাৰ অধিকাৰ খৰ্ব কৰি এন্ধাৰ ভৱিষ্যত উপহাৰ দিয়াৰ কূটিল ষড়যন্ত্ৰ কাৰ্যকৰী কৰা দেখা গৈছে৷
মুছলমান গাওঁত দৰং জিলা প্ৰশাসনৰ উচ্ছেদ
মুছলমান মানেই বাংলাদেশীৰ ভূত দেখা একাংশ সাম্প্ৰদায়িক দল-সংগঠন, তথাকথিত জাতীয়তাবাদী, জাত্যাভিমানী লোকৰ প্ৰৰোচনাত তথা সংগ্রামী সতীর্থ সন্মিলন, দক্ষিণ-পশ্চিম মঙলদৈ গোৱাল সন্থা, প্ৰব্ৰজন বিৰােধী মঞ্চ, কুৰুৱা আঞ্চলিক ছাত্র সস্থা, কুৰুৱা কৃষক সংঘ, দৰং বচাও আদি বিভিন্ন দল-সংগঠনে ছিপাঝাৰ সমষ্টিৰ চৰ অঞ্চলৰ ৭৭,৪২০ বিঘা চৰকাৰী আৰু পি জি আৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে দাবীত দীর্ঘদিন ধৰি প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই যোৱা বিধান অধিবেশনত সভাৰ মজিয়াত চৰ অঞ্চলৰ বেদখলৰ বিষয়টাে সবল ৰূপত উত্থাপন কৰি বেদখলী ভূমি ‘সন্দেহযুক্ত বাংলাদেশী’ৰ কবলৰ পৰা মুক্ত কৰাৰ দাবী জনােৱাৰ পৰিপ্রেক্ষিতত দৰং জিলা প্রশাসনে গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈ অন্ন, বস্ত্ৰ, বাসস্থানৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ বাবে ছিপাঝাৰৰ চৰ অঞ্চলৰ পি জি আৰ ভূমিত বসবাস কৰি থকা শ্ৰমজীৱী মুছলমান লোকক একপক্ষীয় ভাবে ২১ ডিচেম্বৰ-২০১৬ ইং তাৰিখে পুৱাৰ ভাগত সহস্রাধিক সেনা-আৰক্ষীৰ এটি বিশাল বাহিনী লৈ এক্সকেভেটিৰেৰে উচ্ছেদ অভিযান আৰম্ভ কৰে।

মুছলমান মানেই বাংলাদেশীঃ উচ্ছেদৰ সময়ত দৰং জিলা প্ৰশাসনৰ এটি দৃশ্য

 চৰকাৰী নথিমতেই ছিপাঝাৰৰ চৰ অঞ্চলৰ ৭৩,২২০ বিঘা চৰকাৰী আৰু ৪,২০০ বিঘা পি জি আৰ মাটিত দীর্ঘদিনৰে পৰা এই লোকসকলে বসবাস কৰি আছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশত দৰং জিলা প্রশাসনে পি জি আৰ ভূমিত উচ্ছেদ অভিযান চলাই ৪০০ পৰিয়ালক গৃহহীন কৰি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পিছতো একাংশ দল-সংগঠনে বৃহৎ পৰিমাণৰ পি জি আৰ ভূমিতো উচ্ছেদ অভিযানৰ ধৰণ-কৰণ দেখি এয়া অর্থহীন হ’বগৈ বুলিও মত ব্যক্ত কৰিছে। তেওঁলোকৰ মতে ‘বাংলাদেশী’ৰ চৰণীয়া পথাৰত পৰিণত হােৱা চৰ অঞ্চলৰ পি জি আৰ ভূমিৰ মানচিত্ৰত চক্রান্তৰে সলনি কৰি মাজভাগতহে উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰসাশনে। পুৱা আঠ বজাৰ পৰা জে চি বিৰে মানুহ উচ্ছেদ অভিযান চলোৱাত থলুৱা গোপালকসকল অলপো উপকৃত নহ’ব বুলি মানৱতাহীনসকলে মত ব্যক্ত কৰাৰ লগতে চৰ অঞ্চলত বসবাস কৰা মুছলমানসকলক বাংলাদেশীৰ লেবেল লগাই উচ্ছেদ চলোৱাৰ বাবে দাবী উত্থাপন কৰিছে৷ ৰাজ্য চৰকাৰেও সংশ্লিষ্টসকলক সন্তুষ্ট কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত বহন কৰিছে৷ 
উল্লেখযোগ্য যে জিলা প্রশাসনে বৃহৎ সেনা-আৰক্ষীৰ এটি দল লগত লৈ চৰ অঞ্চলৰ ধানবাৰীত উপস্থিত হৈ ধানবাৰী বজাৰৰ পৰা উচ্ছেদ অভিযানত গৰাখহনীয়াত পৰা ভূমিহীনলোকৰ দ্বাৰা বেদখলীকৃত ৪,২০০ বিঘা পি জি আৰ ভূমিৰ প্রায় এহেজাৰ দুই শ বিঘা বেদখলমুক্ত কৰা হয়। দিনটােত চলা এই উচ্ছেদ অভিযানত ধানবাৰী বজাৰকে ধৰি দুই শতাধিক পৰিয়ালৰ গৃহ উচ্ছেদ কৰা হয়। 

দৰং জিলা প্রশাসনে চলোৱা এই উচ্ছেদক একপক্ষীয় বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদী সভা অনুষ্ঠিত কৰি চৰকাৰক কঠোৰ সকীয়নি দিয়ে দৰং জিলা আমছুৱে। উক্ত অঞ্চলত বসবাস কৰা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক বুলি দাবী কৰি এই লোকসকলক পুনৰ সংস্থাপনৰ বাবেও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। গৰাখহনীয়াৰ ফলত গৃহহাৰা হৈ চৰ-চাপৰি অঞ্চলত বসবাস কৰি অহাৰ পাছত আজি পুনৰ চৰকাৰৰ পৃষ্ঠপোষকতাত গৃহহীন হােৱা লোকখিনিৰ দায়িত্ব এইখন চৰকাৰৰ বুলিও দাবী কৰে প্রতিবাদী সভাই। এটা সময়ত চৰকাৰেই বিদ্যালয় পাতি, চিকিত্সালয় স্থাপন কৰি দিয়াৰ পাছতো আজি হঠাতে এনেদৰে চলোৱা উচ্ছেদ গণতন্ত্ৰৰ পৰিপন্থী বুলিও দাবী কৰিছে আমছুৰ নেতা আইনুদ্দিন আহমেেদ৷ ভূমিহীন এই লোকসকলক স্থায়ী মাটিৰ পট্টা আবণ্টনৰাে দাবী তুলিছে সংগঠনটোৱে৷
আমছুৰ প্ৰতিবাদী সভাত ৰাইজৰ একাংশ
আমছুৰ প্ৰতিবাদী সভাত সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থা, বাওঁ গণতান্ত্রিক মঞ্চ আদিৰ একাংশ নেতাই ছিপাঝাৰ চৰ অঞ্চললৈ আহি চৰজমিন অধ্যয়ন কৰি চৰ অঞ্চলত বাস কৰা লোকসকল ভূমিহীন থলুৱা লোক বুলি উল্লেখ কৰি এই লোকসকলক উচ্ছেদৰ বিৰােধিতা কৰে যদিও একাংশ লোকক সন্তুষ্ট কৰাৰ বাবে এই উচ্ছেদ কৰা বুলি মত ব্যক্ত কৰিছে সন্থাই৷

ইফালে জিলা প্রশাসনে বেদখলী ভূমিত উচ্ছেদ আৰম্ভ কৰাৰ পৰিপ্রেক্ষিতত সংগ্রামী সতীর্থ সন্মিলন, দক্ষিণ-পশ্চিম মঙলদৈ গোৱাল সস্থা, প্ৰব্ৰজনবিৰােধী মঞ্চ আদি দল-সংগঠনে আজি বেদখলী ভূমিত গণ সত্যাগ্ৰহ কাৰ্যসূচী বাতিল কৰি খলিহৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক সমাবেশ অনুষ্ঠিত কৰে। 
উক্ত সমাবেশত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰােধী মঞ্চৰ মুখ্য আহ্বায়ক উপমনু হাজৰিকাই বক্তব্য ৰাখি কয়— 
‘‘দীর্ঘদিনীয়া সংগ্ৰামৰ অন্তত আজি আমি এটা ৰিজাল্ট পাইছাে যদিও ই সম্পূর্ণ নহয়। কিয়নো এঠাইত উচ্ছেদ অভিযান চলালে তেওঁলোকে আন ঠাইত বসতি কৰে। আজি গণ সত্যাগ্ৰহ কাৰ্যসূচী প্রত্যাহাৰ কৰি প্ৰশাসনৰ সদিচ্ছা চাব খুজিছাে। কিন্তু আমি অনির্দিষ্ট কাললৈ এই কাৰ্যসূচী প্রত্যাহাৰ কৰা নাই। ইয়াৰ চৰ অঞ্চলত ৭৭,৪২০ বিঘা ভূমি ২১ জানুৱাৰীৰ ভিতৰত বেদখলমুক্ত নকৰিলে আমি ২২ জানুৱাৰীৰ দিনাই বেদখলী ভূমিত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিম।’’
গৃহহীন হোৱা লোকে দিশহাৰা হোৱাৰ পিছত...... ভৱিষ্যতহীন শিশু

ইপিনে বক্তব্যত তেওঁ ৰাজহ চক্ৰ বিষয়া আৰু লাটমণ্ডলে পি জি আৰ ভূমিৰ মানচিত্ৰ সলনি কৰাৰ অভিযোগ উত্থাপন কৰে। চৰ অঞ্চলৰ মাজভাগৰ ভূমি বেদখলমুক্ত কৰিলে থলুৱা লোকসকল কোনাে প্ৰকাৰে উপকৃত নহয় বুলি তেওঁ বক্তব্যত উল্লেখ কৰি লগতে কয়— 
‘‘ইয়াৰ পি জি আৰ ভূমিত ১৯৯৩ চনত ১৯৯ টা সন্দেহযুক্ত বাংলাদেশী পৰিয়ালক পাঁচ বিঘাকৈ ভূমি আবণ্টন দিয়া হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত পৰৱতী সময়ত সমগ্ৰ চৰ অঞ্চল বাংলাদেশীৰে ভৰি পৰে।” সংগ্রামী সতীর্থ সন্মিলনৰ সভাপতি ৰমেশ বৰুৱাই সভাপতিত্ব কৰা সমাবেশত বেদখলমুক্ত কৰা ভূমি থলুৱাৰ বাবে সুৰক্ষিত কৰা, কুৰুৱাত পূৰ্ণাংগ পর্যায়ৰ আৰক্ষী চকী স্থাপন, বেদখলী ভূমিত চৰকাৰী আঁচনি ৰূপায়ণ বন্ধ কৰা, বেদখলী সমস্যাৰ স্থায়ী সমাধান আদি দাবীও তোলে প্রস্তাৱযোগে। উচ্ছেদ অভিযানৰ সময়ত উপায়ুক্তসহ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, ছিপাঝাৰৰ ৰাজহ চক্র বিষয়া মনালী জৈন, আৰক্ষী অধীক্ষক সুনীল কুমাৰ আদি উপস্থিত থাকে।

হিষ্ট’ৰীঃ

অসম আন্দোলনৰ নেতা তথা প্রাক্তন ৰাজহ মন্ত্রী জয়নাথ শৰ্মাৰ শাসনকালত ছিপাঝাৰৰ ফুহুৰাতলীত ১৯৯ টা পৰিয়ালে পাঁচ বিঘাকৈ পি জি আৰ মাটি আবণ্টন লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সর্বস্বান্ত হােৱা লোকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২১১১/৮৯ নম্বৰত এক গোচৰ তৰি ১৯৯৩ চনত ছিপাঝাৰৰ ফুহুৰাতলীত ১৯৯ টা পৰিয়ালে পাঁচ বিঘাকৈ পি জি আৰ মাটি আবণ্টন লাভ কৰিছিল। কিন্তু এইক্ষেত্ৰত বিভিন্ন দল-সংগঠনে প্রতিবাদ কৰাত উত্তৰ অসমৰ আয়ুক্তৰ জৰিয়তে এক তদন্ত কৰা হয়। এই তদন্তৰ প্ৰতিবেদনত কোৱা হয় যে মাটি আবণ্টন লাভ কৰা লোকসকল দৰঙৰ নহয়। তেওঁলোক দৰঙৰ বাহিৰৰ পৰা অহা লোক। তেওঁলোক মাটি আবণ্টন পোৱাৰ বাবে যোগ্য ব্যক্তি নহয়। এনে পৰিপ্ৰেক্ষিতত এই লোকসকলৰ ১৯৯৪ চনৰ ১২ জানুৱাৰীত মাটি আবণ্টন বাতিল কৰা হয়। উত্তৰ অসমৰ আয়ুক্তৰ তদন্তৰ প্রতিবেদনৰ ভিত্তিত অসম চৰকাৰৰ উপ-সচিবে ইয়াৰে ফুহুৰাতলীৰ ২, ৪ আৰু ৫ দাগ নম্বৰত ১৯৯ টা পৰিয়ালে ৫ বিঘাকৈ লাভ কৰা ১৯৯৫ বিঘা পি জি আৰ মাটিৰ বেদখল উচ্ছেদ কৰিবলৈ ১৯৯৪ চনৰ ৯ মে'ত দৰং জিলাৰ উপায়ুক্তলৈ আৰ এছ এছ৩০৭/৯৩/৭১ নম্বৰত এক নির্দেশনা প্ৰেৰণ কৰিছিল। 
সেই সময়ত ৮৭ টা তেনে পৰিয়ালে মাটি চমজি ল’ব পৰা নাছিল যদিও অসম আন্দোলনৰ এগৰাকী নেতাৰ হস্তক্ষেপত ২০১৫ বৰ্ষত সেই পৰিয়ালসমূহক দৰং জিলা প্রশাসনে মাটি চমজাই দিবলৈ নির্দেশ দিয়ে ছিপাঝাৰ ৰাজহ চক্র বিষয়াক। 


(বিঃদ্ৰঃ সকলো ফটো ৱাটচএপ আৰু ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে)

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment

0 comments :