ৰাজ্যত অদূৰদৰ্শী চৰকাৰঃ পদপথত কুকুৰৰ সৈতে ভিক্ষাৰীৰ সহাৱস্থান

Image result for man with dog at guwahati footpath৯ ডিচেম্বৰঃ ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে উদযাপন কৰা হয় যদিও খােদ গুৱাহাটী মহানগৰীত পদে পদে উলংঘন হৈছে মানৱ অধিকাৰ। উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত আজিও প্রচণ্ড শীত অথবা তীব্ৰ ৰ’দ-বৰষুণত ফুটপাথতেই নাৰকীয় জীৱন অতিবাহিত কৰিব লগা হৈছে। বহুসংখ্যক নিৰীহ লোকে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দৰিদ্ৰমুক্ত দেশ গঢ়াৰ শ্লোগান দিছে যদিও ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ। বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ অদূৰদৰ্শিতাৰ বাবে দৃষ্টিকটুভাৱে মহানগৰীৰ পদপথকে আপোন ঘৰলৈ পৰিণত কৰা এইসকল ভিক্ষাৰীৰ দুখ-দুৰ্দশাৰ বুজ ল’বলৈ আহৰি নহ’ল সমাজ কল্যাণ বিভাগৰ। বিভাগীয় আমোলা-বিষয়াৰ অদূৰদৰ্শিতাৰ বাবে এতিয়া ঠোঁটুৱৈ ধৰা জাৰত কঁপি পদপথত নিশা কটাব লগা হৈছে৷ মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰৰ পদপথত দীর্ঘদিন ধৰি প্ৰায় ৪০জনৰো অধিক ভিক্ষাৰীয়ে জীৱন-যাপন কৰি আহিছে। পদপথত বসবাস কৰা এই লোকসকলক শুক্ৰেশ্বৰ মন্দিৰ দৰ্শন কৰিবৰ বাবে অহা ভক্তই মাজে-সময়ে খাদ্য যোগান ধৰাৰ লগতে দুই-এজনে দুই-এটকা দান হিচাপে আগবঢ়ায়। ইয়াৰ উপৰি স্বেচ্ছাসেৱী দুইএটা সংগঠনে মাজে-সময়ে পদপথৰ কাষত থকা এই ভিক্ষাৰীসকলক আহাৰ আৰু কাপোৰ যোগান ধৰি অহা পৰিলক্ষিত হৈছে। শুক্ৰেশ্বৰ মন্দিৰৰ পদপথত এই দৃশ্য অতি সুলভ যদিও মহানগৰীৰ মালিগাঁও, ভৰলু, ভূতনাথ, উজান বজাৰ, চানমাৰি, নুনমাটি, বামুণীমৈদাম, গণেশগুৰি, লাষ্টগেট, বেলতলা, ছয়মাইলৰ উৰণীয়া সেতুৰ তলত বহুসংখ্যক ভিক্ষাৰীয়ে এনেদৰে নৰক যাতনা ভোগ কৰি জীৱন যাপন কৰি অহা পৰিলক্ষিত হৈছে। স্মার্টািচটী ৰূপে গঢ় দিবলৈ লোৱা গুৱাহাটী মহানগৰীৰ পদপথত কুকুৰ মেকুৰীৰ সৈতে অঘৰী ভিক্ষাৰীয়ে হৃদয়ৱান মানুহৰ অস্তুৰ কপাই তোলে। বর্তমান গুৱাহাটীত পদপথত প্ৰায় ছয় শতাধিক ভিক্ষাৰীয়ে অঘৰীৰ জীৱন যাপন কৰি আছে বুলি বেচৰকাৰী সংস্থই চলোৱা জৰীপত উল্লেখ কৰিছে। সমাজ কল্যাণ। বিভাগৰ দৰে এটা গুৰুত্বপূর্ণ বিভাগ থকাৰ পাছতো এই অঘৰী ভিক্ষাৰীসকলৰ বাবে এখন আঁচনি গ্ৰহণ কৰিবলৈও অপাৰগ। বিভাগটোৰ আমোলা-বিষয়াসকল । আনহাতে গুৱাহাটীৰ সৌন্দর্যবর্ধনৰ বাবে জি এম ডি এৰ দৰে বিভাগ থকাৰ পাছতো এই অঘৰী ভিক্ষাৰীসকল আজিও পদপথতেই বসবাস কৰি আহিব লগা হােৱাটো অতি উদ্বেগজনক বিষয় ৰূপে বিবেচিত হৈছে।ইয়াৰ উপৰি জিলা প্রশাসন আৰু পৌৰ নিগমেও বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই। পদপথত বসবাস কৰা এই অঘৰীয়ে খাদ্য বিচাৰি থকা হৃদয়স্পৰ্শী দৃশ্য অতি উদ্বেগজনক বিষয় ৰূপে }ত হৈছে। ভিক্ষাৰীসকলে মহানগৰীৰ বিভিন্ন স্থানত থকা ডাষ্টবিনত পেলনীয়া খাদ্য বিচাৰি থকা হৃদয়স্পশী দৃশ্য অতি সুলভ। উল্লেখ্য যে বহুসংখ্যক অঘৰী ভিক্ষাৰীয়ে জীয়াই থকাৰ মমতাত পল্টন বজাৰ আৰু কামাখ্যা ৰে’ল ষ্টেচনত নিৰাপদ আৰু সুখৰ নিদ্রা কটোৱা পৰিলক্ষিত হৈছে। এইসকল লোকৰ জীৱনৰ নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰক সুপৰিকল্পিত আঁচনি গ্রহণ কৰিবলৈ সচেতন লোকসকলে আহ্বান জনাইছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment