গ্রাহকে বেংকৰ পৰা টকা উলিওৱাৰ সুবিধা পোৱা নাই কিয় ? এটিএমত কিয় পর্যাপ্ত নহয় ধন?
৯ ডিচেম্বৰ :

বিমুদ্রাকৰণৰ পাছত নতুন নোট আৰু নগদ ধনক লৈ অসুবিধাৰ সন্মুখীন হােৱা দেশবাসীৰ সমস্যা সমাধানৰ বাবে গ্রহণ কৰা পদক্ষেপকলৈ অসন্তুষ্টি ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ে। নতুন নােটৰ অভাৱৰ বাবে নগদ ধনৰ হাহাকাৰৰ সন্মুখীন হােৱাৰ অভিযোগত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক ককর্থনাও কৰে। পূর্বে কেন্দ্রীয় চৰকাৰে দেশবাসীয়ে সন্মুখীন হােৱা অসুবিধাসমূহ আঁতৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা বুলি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ পাছতো আজিলৈকে বিমুদ্রাকৰণৰ ফলত সৃষ্টি হােৱা অসুবিধা আঁতৰ হােৱা নাই বুলি কেন্দ্রক ককর্থনা কৰে। সর্বোচ্চ ন্যায়ালয়ে। চৰকাৰে সপ্তাহত ২৪ হাজাৰ টকাকৈ বেংকৰ পৰা উলিয়াব পাৰিব। বুলি নির্দেশনা দিয়াৰ পাছতো বেংকসমূহে গ্ৰাহকক সেই সুবিধা কিয় প্রদান কৰা নাই, সেই লৈ কেন্দ্রক প্রশ্ন উত্থাপন কৰে সর্বোচ্চ ন্যায়ালয়ে। তেনেদৰে এ টি এমত নগদ ধনৰ অভাৱ, সময়মতে এ টি এম মেচিন সংশোধন নোহােৱা আৰু সমবায় বেং নতুন নোট যোগান নধৰাৰ বৈষম্যক লৈও কেন্দ্রীয় চৰকাৰক ভৰ্তসনা কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে৷ জিলাসমূহৰ সমবায় বেংকসমূহক নির্দিষ্ট চর্ত সাপেক্ষে কিয় জমা কৰিবলৈ অনুমতি দিয়া হােৱা নাই তাক লৈ প্রশ্ন উত্থাপন কৰি সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ নেতৃত্বত ন্যায়াধীশ এ এম খানবিলকাৰ আৰু ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠে চৰকাৰে প্ৰতি সপ্তাহত বেংকৰ পৰা উলিয়াব পৰা ধনৰ নির্দিষ্ট সীমা নির্ধাৰণ কৰাৰ পাছতো কিয় গ্রাহকে সেই ধন উলিয়াব পৰা নাই বুলি প্রশ্ন উত্থাপন কৰে। ক’লা ধন প্রতিহত আৰু দুনীতি নিৰ্ম্মলৰ বাবে কেন্দ্রীয় চৰকাৰে বিমুদ্রাকৰণৰ সাহসী পদক্ষেপ গ্রহণ কৰা বুলি উক্ত বিমুদ্রাকৰণক সমর্থন কৰি এটনী জেনেৰেল মুকুল ৰােহাটগীয়ে ন্যায়ালয়ৰ বিচাৰপীঠক যুক্তি প্রদর্শন কৰি কয় যে কেন্দ্ৰই একো নকৰাকৈ বহি থকা নাই। দেশত এটাও সামাজিক অশান্তি সৃষ্টি হােৱাৰ উদাহৰণ নাই। আবেদনকাৰীসকলে যিবােৰ অভিযোগ উত্থাপন কৰিছে, সেইবোৰ ৰাজনীতিকৰণহে।
তদুপৰি এটনী জেনেৰেলগৰাকীয়ে ছপা নোট অধিক পৰিমাণত জমা কৰিলে বিমুদ্রাকৰণৰ গোপনীয়তা নাথাকিব বুলি স্বপক্ষ সমর্থন কৰি উচ্চতম ন্যায়ালয়ক যুক্তি দর্শই জনসাধাৰণৰ সমস্যা সমাধান কৰি আছে আৰু অহা ১০-১৫ দিনৰ ভিতৰত সকলো সমাধান হ’ব বুলি আশ্বাস দিয়ে। আনপিনে প্রত্যেকে নতুন নোট লাভ কৰাৰ সুবিধাৰ বাবেই উলিওৱাৰ সীমা সংৰক্ষণ কৰি ৰখা হৈছে বুলিও সর্বোচ্চ ন্যায়ালয়ক যুক্তি দর্শায় এটনী জেনেৰেলগৰাকীয়ে। ইপিনে আবেদনকাৰীৰ হৈ বিমুদ্রাকৰণৰ ফলত দেশবাসীয়ে ভূগি থকা সমস্যাক লৈ যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা প্রশাস্ত ভূষণে। কেন্দ্রীয় চৰকাৰৰ যুক্তি শুনাৰ পাছত বিচাৰপীঠে এই আবেদনৰ শুনানি পুনৰ অহা ১৪ ডিচেম্বৰত কৰিব বুলি ঘোষণা কৰে।
facebook
twitter
google+
fb share