৯ ডিচেম্বৰঃ

পুৰণি ৫০০ আৰু ১০০০ টকীয়া নতুন দেশজুৰি এটা চিত্ৰই কমিছনৰাজ চলাই থকাৰ সময়তে একেধৰণৰ ঘটনা আজি পোহৰলৈ আহিল খোদ গুৱাহাটী মহানগৰীত। আজি মহানগৰীৰ হাতীগাও থানাৰ আৰক্ষীয়ে অভিযান চলাই হাতীগাঁৱৰে শেৱালি পথৰ এটা ঘৰৰ পৰা তিনিজন লোকক ২০ লাখ টকাসহ গ্রেপ্তাৰ কৰে। গ্রেপ্তাৰ হােৱা লোককেইজনৰ পৰা সংগৃহীত ধনখিনি আৰক্ষীয়ে নতুন ২০০০ টকীয়া নােট বুলি জানিবলৈ দিছে। ধূত লোককেইজনক লগে লগে সোধা-পোছাৰ বাবে থানালৈ লৈ যোৱা হয় আৰু কেইবাজনো শীর্ষ আৰক্ষী বিষয়া আহি জেৰা আৰম্ভ কৰে। অনুসন্ধানত অসুবিধাৰ সৃষ্টি হ’ব বুলিয়েই আৰক্ষীয়ে ধৃত লোককেইজনৰ নাম-ঠিকনা প্রকাশ কৰা নাই। আৰক্ষী সূত্ৰৰ মতে এই ধৰণৰ চক্ৰই গুৱাহাটীতো কাম কৰি থকা বুলি পােৱা খবৰৰ ভিত্তিতে উল্লিখিত অভিযান চলে। এনেধৰণৰ চক্ৰৰ লগত বেংক বা অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ কৰ্মচাৰী থকা বুলিও সন্দেহ কৰা হৈছে।
facebook
twitter
google+
fb share