NRC ত অন্তৰ্ভূক্ত হ’ব হিন্দু বাংলাদেশীৰ নাম

ইতিমধ্যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী (NRC) ত হিন্দু বাংলাদেশীৰ নাম অন্তভুর্ক্ত কৰাৰ বাবে কেবিনেটৰ উপসমিতিৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰিলে বিজেপি-অগপ মিত্রজোঁট চৰকাৰে |


যোৱা ইং 12 ছেপ্টেম্বৰ 2016 তাৰিখে অসম সচিবালয়ৰ বিত্ত বিভাগৰ কনফাৰেঞ্চ হ'লত ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল | উক্ত বৈঠকত উপস্থিত আছিল Atul Bora, পৰিমল শুক্লবৈদ, ৰঞ্জিত দত্ত, অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালকপ্ৰধান R M Singh, NRC ৰ ৰাজ্যিক সম্বনয়ক প্ৰতিক হাজেলা আৰু অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব প্ৰদিপ ভাগৱতী | 

উক্ত সভাৰ কাৰ্যবিবৰণী (Minutes) ৰ 5 নং দফাত স্পষ্টকৈ উল্লেখ আছে -

Regarding decision of descendants of 'D' voters and Declared Foreigners (DV/DFs) in the updated NRC, the committee observed that those person should not be included in NRC, expect for those who are protected by recent orders of the Ministry of Home Affairs about minorities leaving in Bangladesh due to religious prosecution.


অৰ্থাৎ, কেন্দ্রত নাগৰিকত্ব সংশোধনী বিধেয়ক, 2016 গৃহীত হোৱাৰ পূৰ্বেই অসম চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নোহোৱালৈকে অতি চক্ৰান্তৰে NRC ৰ কাম বন্ধ কৰি ৰখা হৈছে | সেয়েহে, কালি ৰাজনাথ সিং য়ে ভাষণত অসম চুক্তিৰ কেৱল 6 নং দফা কাৰ্যকৰী কৰাতহে গুৰুত্ব আৰোপ কৰে, সম্পূর্ণ অসম চুক্তি ৰূপায়ণৰ কথা কোৱাৰ পৰা বিৰত থাকে || এতিয়া প্ৰশ্ন হ'ল 855 শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱাল, অতুল বৰাই কেনেকৈ এনে অসম বিৰোধী সিদ্ধান্ত সমৰ্থন কৰিব পাৰিলে ??? 

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment

0 comments :