ওৰাং, ৩০ জুনঃ
পুনৰ নিধন হ’ল এজনী মাইকী গঁড়৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অ’ল ওৰাং নামৰ বন পহৰাচকীৰ সমীপত বৃহস্পতিবাৰে (৩০ জুন) পুৱা এজনী মাইকী গঁড়ৰ মৃতদেহ লাভ কৰে বন বিভাগে৷
মৃত গঁড়জনীৰ মৃতদেহ গলিবলৈ আৰম্ভ কৰালৈ চাই বন বিভাগে এই গঁড় যোৱা ২৭ জুন তাৰিখে নিধন হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে৷ কাৰণ সেইদিনাখন উক্ত পহৰাচকীৰ বনকৰ্মীয়ে গুলিৰ শব্দ শনিবলৈ পাইছিল৷
গুলিৰ শব্দ শুনিও তিনিদিন পিছত ঘটনাস্থলীৰ পৰা মৃত গঁড় উদ্ধাৰ কৰা কাৰ্যই বন বিভাগৰ ফুপুলা স্বৰূপ উদঙাই দিছে৷
উল্লেখ্য যে—
গঁড় হত্যাকে আদিকৰি বিভিন্ন জাতীয় সমস্যাক মূল ইচ্ছ্যু হিচাপে লৈ সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই এটাৰ পিছত এটাকৈ গঁড় হত্যা হ’ব ধৰিছে অসমৰ কাজিৰঙা, মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত৷ বনমনত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কাজিৰঙাত উপস্থিত থকাৰ সময়তেই এটা গঁড় নিধন হোৱাৰ পিছতেই প্ৰমিলাৰাণীয়ে বোকা ছটিওৱাৰ চেষ্টা কৰিও ‘গঁড় হত্যা প্ৰতিৰোধ কৰা ইমান সহজ নহয়’ বুলি কৈ ব্যৰ্থতা স্বীকাৰ কৰি লৈছিল৷ তাৰ পিছতো সোনোৱাল চৰকাৰে হাগ্ৰামা মহিলাৰীৰ ভয়ত প্ৰমিলাৰ ওপৰত ল’ব নোৱাৰিলে কোনো ব্যৱস্থা৷ এতিয়া প্ৰশ্ন হয়— অসম গৌৰৱ এহিঙিয়া গঁড় সদায়েই মাথো নিৰ্বাচনৰ ইচ্ছ্যু হৈয়ে ৰ’ব নে? গঁড় হত্যা বন্ধ কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা হাতত ল’ব নে?
facebook
twitter
google+
fb share